আনৰ নকল কৰাৰ পৰা বঞ্চিত থাকক – চন্দ্ৰ শেখৰ পৰাজুলী

PC - Wallpaper cave

আনৰ নকল কৰাৰ পৰা বঞ্চিত থাকক

        চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি

বৰ্তমান সময়ত যুৱ প্ৰজন্ম মাজত এক বিৰল প্ৰতিযোগিতা আৰম্ভ হোৱা দেখা গৈছে। যাৰ ফলস্বৰূপে আজি আনৰ নকল কৰাৰ মানসিকতা প্ৰায় প্ৰতিগৰাকী নৱপ্ৰজন্মৰ মাজত দেখিবলৈ পোৱা যায়। প্ৰকৃততে এজন সফল ব্যক্তিৰ হুবহু নকল কৰাৰ জৰিয়তে নিজকে সমাজৰ আগত প্ৰতিষ্ঠা লাভ কৰিবলৈ বিচাৰে। এনেধৰণৰ জটিল ৰোগ আগৰ মানুহৰ তুলনাত এতিয়া যুৱ সমাজৰ মাজত আৰু অধিক মাত্ৰাত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ পৰিণাম স্বৰূপে মানুহ নিজৰ আচল অস্তিত্বক পাহৰি নিজ জীৱনলৈ বিসংগতিক আমন্ত্ৰণ কৰি আহিছে। আচলতে আমাৰ জীৱনত ইয়াৰ প্ৰয়োজনীয়তা কিমান আমি আগতিয়াকৈ উপলদ্ধি কৰি ললে বেছি ভাল হয়। আনৰ নকল কৰি গৈ থকাটো এইকাৰণে বেয়া কাৰণ আমি পৃথিৱীত জন্ম গ্ৰহণ কৰা মানুহৰ মাজত শাৰীৰিক কিছু মিল থাকিলেও সকলো মানুহৰ নিজ নিজ ঠাইৰ সাপেক্ষে পৰিস্থিতিবোৰ ভিন্ন ধৰনৰ হয়। সেয়েহে আজিয়েই আনৰ নকল কৰাৰ পৰা বঞ্চিত থাকক।চাওঁক এইখন পৃথিৱীত সৃষ্টি কৰ্তাই সকলো মানুহকে ভিন্ন ধৰণে নিৰ্মাণ কৰি উলিয়াইছে। ইয়াৰ সামান্য সৰু এটি উদাহৰণ আমাৰ হাতৰ finger print বা আধাৰ কাৰ্ড নিৰ্মাণৰ সময়ত লোৱা আমাৰ দেহৰ biometrics বিশ্বত বসবাস কৰা সকলো মানুহৰে ভিন্ন ধৰনৰ কিয় হয় কেতিয়াবা ভাবি চাইছেন?। আমি নিজকে নিজে সময়ে সময়ে হয়তো আনতকৈ বহু জ্ঞানী বুলি মনে মনে বিবেচনা কৰি লওঁ নহয়নে?। তথাপিও এনেধৰণৰ একেবাৰে সৰু কথাবোৰ আমি কিয় পাহৰি যাওঁ। আচলতে আমি নিজক কিমান ভালপাওঁ তাতেই গম পোৱা যায়। প্ৰথমতে আমি নিজকে  যি যেনেকুৱা আছোঁ ঠিক তেনেকৈয়ে ভাল পাবলৈ শিকি লোৱাটো উচিত। এইখন পৃথিৱীত জন্মগ্ৰহণ কৰি যদি আনৰে নকল কৰাত নিজৰ সময়বোৰ অতিবাহিত কৰে তেন্তে আপুনি আপোনাৰ পৰিচয় কি বুলি দিব জগতৰ আগত। সমাজত সদায় নিজকে প্ৰতিষ্ঠা কৰাৰ কথা চিন্তা কৰক নিজৰ আত্মধাৰনা,আত্মসত্তাৰ ওপৰত। সংসাৰত মানুহ আমি অনন্য তথাপিও আপুনি কেৱল এক। সেয়েহে নকল কৰা যন্ত্ৰৰ দৰে হৈ কিয় জীৱন নিৰ্বাহ কৰিব বিচাৰে আপুনি ।