আন্ধাৰৰ মাজত চলা এটা যন্ত্ৰ – জ্যোতিষ্মান শইকীয়া

আন্ধাৰৰ মাজত চলা এটা যন্ত্ৰ
জ্যোতিষ্মান শইকীয়া,  ৰহা,নগাঁও
মই সাৰে থাকোঁ
বহু গভীৰ নিশা লৈ
যেতিয়া মনৰ মাজত এজাক বিষাদৰ
ডাৱৰে আমানিশা নমাই আনে
যেতিয়া আশ্রবেলিৰ নিৰকাৰ সূৰুযে উচুপি উঠে
তেতিয়াই মই সাৰে থাকোঁ
সাৰে থাকে মোৰ মন
 আৰু মোৰ নিস্তব্ধ ভাৱনা
যেন তাৰ মাজতো লুকাই আছে এক বিষাদৰে ভৰা
বহু বেদনা
 সাৰে থাকে সেই সময়বোৰ যিবোৰ সময়ক
মই বহুআগতেই পৰিহাৰ কৰিছিলোঁ
মোৰ আন্ধাৰৰ মাজৰ পৰা নিস্তব্ধ হৈ পৰে মাথোঁ
উকা পৃথিৱী আৰু “হিদয় নামৰ যন্ত্ৰ” কিতাপখন
যিখন কিতাপৰ পাত যিমানেই  লুটিয়াব সিমানেই
আইনৰ টুকুৰাৰ দৰে ফাট মেলিব
আৰু এটা সমযত….
আপুনিও হৈ পৰিব মোৰ দৰে এটা যন্ত্ৰৰে চলি থকা
পুতলা
মই সাৰে থাকোঁ কিয় জানে ?
উকা হৈ পৰা হিদয়ৰ শূন্যতাৰ দিশত যেতিয়া
চকুৰ পৰা চকুপানীৰ সলনি ৰক্তটোপাল পৰে
তেতিয়াই মই সাৰে থাকোঁ
অসংখ‍্য আন্ধাৰৰ মাজত ঘড়ীৰ কাটাটোৱেও
মোক নীৰৱতাৰ  গান শুনাই
পোৱা নোপোৱাৰ আশাবোৰে হাতত হাত হৈ
খামুচি ধৰি বা খুজিও ধমকি ৰয়
আন্ধাৰৰ প্ৰস্বতাৰ আঁৰত মোক মতলীয়া কৰে
সোমায় পৰো সেই আন্ধাৰৰ মাজত
গলি গলি পৰিব ধৰা হিদয়খনক
গভীৰ  সেই আন্ধাৰৰ মাজত মই অনুভৱ কৰোঁ
যিবোৰ আন্ধাৰৰ মাজত থাকিবলৈ
আনে ভয় কৰে