আন্তৰ্জাতিক মাতৃ দিৱস : এটি পৰ্যালোচনা
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
প্ৰাচীন গ্ৰীক সভ্যতা মতে দেৱতাসকলৰ মাতৃ ৰেহাক (Rhea) বসন্ত কালত শ্ৰদ্ধা নিবেদন কৰিবলৈ এটি উৎসৱ উদ্ যাপন কৰা হৈছিল। তাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰত মাতৃ দিৱস পালন কৰিবলৈ সকলো খৃষ্টধৰ্মী লোকসকলে দেওবাৰে গীৰ্জাত সমবেত হৈছিল।বিশেষ উৎসৰ পৰা জনা যায় যে, ১৮০০ চনৰ ভিতৰত মিচিগানৰ আলবিয়নত জুলিয়েট কেলহেইন ব্লেকলিয়ে(Juliet Calhain Blakley) মাতৃ দিৱস পালন কৰিবলৈ নিৰ্দেশ দিয়া মৰ্মে তেওঁৰ সন্তান সকলে মাতৃক উদ্দেশ্যি মাতৃ দিৱস পালন কৰিছিল।
১৮৭০ চনত আমেৰিকাৰ নিবাসী জুলি ৱৰ্ড হো ( July Word Howe আৰু আন্না জুলিয়ে (Anna Julie) পোন প্ৰথমবাৰৰ বাবে আধুনিক চিন্তাধাৰাৰ আধাৰত মাতৃ দিৱস উদযাপন কৰে। আৰু মাতৃ দিৱসৰ মূল তাৎপৰ্য সম্পৰ্কে আলোকপাত কৰি আন্না জুলিয়ে (Anna Julie)কৈছিল যে, ” Mothers should be single possessive for each family to honour its mother, not a plural possessive commemorate all mothers of the world ” অৰ্থাৎ মাদাৰ্ছ মানে পৃথিৱীৰ প্ৰতি গৰাকী মাতৃক স্মৃতি তৰ্পণ কৰা বহুবচনাত্মক সমন্ধ কাৰক নহয়, প্ৰতিটো পৰিয়ালে নিজ- নিজ মাতৃক সন্মান প্ৰদৰ্শন কৰা একবচনাত্মক সম্বন্ধ কাৰক হোৱা উচিত।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফিলেডেলফিয়াৰ(Philadelphia )আন্না জাৰভিছৰ(Anna Jarvis ) মাতৃ গ্ৰাফটনে নাৰী সকলক সংগঠিত কৰি তেওঁলোকৰ মাজত বন্ধুত্ব আৰু স্বাস্থ্যক অক্ষুণ্ণ ৰাখিবলৈ মাতৃ দিৱসৰ ধাৰণা সৃষ্টি কৰিছিল। আন্না জাৰভিছে মাতৃৰ জন্মদিনত মাতৃৰ স্মৃতি ৰক্ষাৰ্থে ১৯০৭ চনত মাতৃ দিৱস পালন কৰিছিল । তাৰ পিছত ১৯০৭ চনৰ ১২ মেত আন্না জাৰভিছৰ( Anna Jarvis) প্ৰচেষ্টাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়াৰ গ্ৰেফটনৰ স্বৰ্গীয় মাতৃ মেমোৰিয়েল গীৰ্জাত ৪০৭ জন সন্তানে সমবেত হৈ তেওঁলোকৰ মাতৃ সকলক বিভিন্ন সেৱা আগবঢ়াইছিল ।তাৰোপৰি গোটেই আমেৰিকানবাসীক তেওঁ মাতৃ দিৱস উদযাপন কৰাৰ বাবে সচেতনতা বৃদ্ধি কৰিছিল । তাৰ ফলত ,পাচঁ বছৰ ধৰি এই দেশৰ প্ৰতিখন ৰাজ্যই এই দিৱসটি পালন কৰি আহিছিল। আন্না জাৰভিছৰ অনুৰোধ মৰ্মে ১৯১৪ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি উড্ৰ উইৰছনৰ (Woodrow Wilson) উদ্যোগত মে মাহৰ দ্বিতীয় দেওবাৰে ( Second Sunday in May) বা আন্তৰ্জাতিক মাতৃ দিৱস ( Mothers day international Association) স্থাপন কৰি দেশৰ জনগণক মাতৃ দিৱস (International Mothers DAY) উদ্ যাপন কৰিবলৈ নিৰ্দেশ দিয়ে।
তেতিয়াৰে পৰাই বিশ্বৰ প্ৰায় চল্লিশখন দেশে মে মাহৰ দ্বিতীয় দেওবাৰে মাতৃ আৰু মাতৃ্ত্ব , মাতৃ আৰু সন্তানৰ মধুৰ সম্পৰ্ক, মাতৃৰ অসীম অৱদান, সন্তানৰ প্ৰতি মাতৃৰ অকৃত্ৰিম নিস্বাৰ্থ প্ৰেম আৰু ভালপোৱা, অপৰিসীম কষ্ট, ত্যাগ- তিতিক্ষা আৰু সমাজ গঠনত মাতৃৰ সম্পূৰ্ণ বৰঙণিক শ্ৰদ্ধা জনাই আন্তৰ্জাতিক মাতৃ দিৱস ( International Mothers day) উদযাপন কৰি আহিছে। আমাৰ দেশ ভাৰতবৰ্ষতো বিশ্বায়নৰ প্ৰভাৱত পৰি সাংস্কৃতিক আৰু ঐতিহ্য বহন কৰা পৰম্পৰা মতে প্ৰত্যেকজন ভাৰতীয় সন্তানে মাতৃক শ্ৰদ্ধা-ভক্তি প্ৰদৰ্শন কৰি মাতৃ দিৱস উদযাপন কৰি আহিছে। তেনেকৈ গ্ৰেট ব্ৰিটেইনৰ শিশু সকলেও ফুল আৰু বিভিন্ন গ্ৰিটিংছ কাৰ্ডেৰে মাতৃৰ প্ৰতি প্ৰকৃত ভালপোৱাৰ চিন হিচাপে আগবঢ়ায়। জাপানতো সন্তানে মাতৃক ফুলৰ থোপাৰে উপহাৰ দি মাতৃৰ প্ৰতি কৃতজ্ঞতা আগবঢ়ায়। ইথিওপিয়াত সন্তান আৰু মাতৃ সকলে একগোট হৈ প্ৰীতি ভোজ-ভাত খাই আনন্দ -উৎসৱত মতলীয়া হৈ পৰে। মেস্কিকোত সংগীত পৰিৱেশন আৰু কবিতা আবৃত্তি কৰি সন্তানসকলে মাতৃক উদ্বুদ্ধ কৰি তোলে। নেপালত মাতৃ দিৱস উপলক্ষে এটি বিশেষ ধৰ্মীয় উৎসৱ ” মাতা তীৰ্থ আউনছি (Mata tirtha Aunsi) উদ্ যাপন কৰে।
এই বছৰো ২০২৪ চনৰ মে মাহৰ দ্বিতীয় দেওবাৰে অৰ্থাৎ ১২ মেত বিশ্বৰ প্ৰায় সকলো দেশতে বিভিন্ন কাৰ্যসূচীৰে আন্তৰ্জাতিক মাতৃ দিৱস ( International Mothers DAY) উদ্ যাপন কৰাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি লৈছে। “মাতৃ দিৱস” ৰ দিনা সকলো সন্তানে মাতৃৰ সান্নিধ্য লাভ কৰি মাতৃক শ্ৰদ্ধা-ভক্তি, সেৱা -যত্ন আগবঢ়াবলৈ সাজু হৈছে। মাতৃৰ স্নেহ-আলিঙ্গণ লাভ কৰি সন্তান সকলে পৰম তৃপ্তি লাভ কৰিব, মাতৃৰ স্বাস্থ্যৰ বুজ ল’ব,একেলগে পুৱাৰ পৰা সন্ধিয়ালৈকে লগেভাগে এসাজ খাদ্য খাব, নৃত্য-গীত, কবিতা আবৃত্তিৰে প্ৰতিটো মুহূৰ্ত জীপাল কৰি তুলিব। ৰেকৰ্ডিং, ভি ডিও আৰু ফটোছেচনৰ মাজেৰে মাতৃ দিৱসৰ স্মৃতিক চিৰ যুগমীয়া কৰিবলৈ প্ৰত্যেকে চেষ্টা কৰিব, দূৰত থকা সন্তানে সামাজিক মাধ্যমৰ জৰিয়তে মাতৃলৈ শুভেচ্ছা পত্ৰ প্ৰেৰণ কৰিব । এই ধৰণে বিভিন্ন কাৰ্যসূচীৰে বিশ্বৰ সকলো দেশতে অতি জাকজমকতাৰে মাতৃ দিৱস পালন কৰি মাতৃৰ নিঃস্বাৰ্থ প্ৰেম, আত্মত্যাগ আৰু অক্লান্ত পৰিশ্ৰমৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ সাজু হৈছে।
নিঃসন্দেহে এজন মাতৃয়ে এটি সন্তান গৰ্ভত স্থিতি লাভ কৰাৰ পৰাই ন মাহ দহ দিন গৰ্ভ যন্ত্ৰণা সহ্য কৰাৰ পিছত সন্তানটি যেতিয়া ভূমিস্থ হয় , তেতিয়া মাতৃৰ চকু মুখত কি স্বৰ্গীয় আনন্দ ফুটি উঠে ,তাক কোনো ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। তাৰ পিছত একেবাৰে দুখীয়া নিচলা মাতৃৰ পৰা আৰম্ভ কৰি সম্ভ্ৰান্ত ধনীঘৰৰ মাতৃয়ে সন্তানক লালন পালন কৰাৰ বাবে অসীম কষ্ট, ত্যাগ -তিতিক্ষা আত্ম-সংযমৰ পৰীক্ষাত অতি সফল ভাবে উৰ্ত্তীৰ্ণ হয়। এই কাৰণে কোৱা হয়, মাতৃয়েই হৈছে সন্তানৰ আদি পাঠ শিক্ষাৰ প্ৰধান গুৰু। সন্তানক আদৰ্শবাদী মানুহ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত পিতৃতকৈ মাতৃৰ অৱদান বহুত বেছি। মাতৃয়েই হৈছে সন্তানৰ প্ৰিয় লগৰী, খেলৰ সঙ্গী, সুখ-দুখৰ অংশীদাৰ, প্ৰিয় বন্ধু, নীতি-আদৰ্শৰ মূল আৰ্হি, প্ৰকৃত পথৰ সন্ধান দিওঁতা , আন্ধাৰ পথৰ আলোক-বৰ্তিকা , কবি-গীতিকাৰ আৰু দাৰ্শনিক। মাতৃয়ে কেৱল এটি সন্তানক লালন পালন নকৰে , তেওঁ গোটেই পৰিয়ালৰ প্ৰতি গৰাকী ব্যক্তিক মৰম-স্নেহ আৰু শ্ৰদ্ধাৰে চৰ্তহীন ভাবে অবৈতনিক ভাবে ২৪ ঘন্টা সেৱা আগবঢ়ায়। পূজা, উৎসৱ, সমাজ সেৱা, চিকিৎসা সেৱা , শিক্ষানুষ্ঠান, সমাজনীতি, ৰাজনীতি আৰু বিভিন্ন -কলা -কৃষ্টি -সংস্কৃতি- সাহিত্যৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে সন্তান তথা ঘৰৰ সকলোকে সম্পূৰ্ণ প্ৰস্তুতি লোৱাৰ বাবে এগৰাকী মাতৃয়ে হাঁহি মুখে পূৰ্ণ সহযোগিতা আগবঢ়ায়। এনেকি যুদ্ধক্ষেত্ৰত যোৱাৰ সময়তো সন্তানক সজাই পৰাই দিয়ে। মুঠতে মাতৃয়ে সন্তানক মানুহ হিচাপে গঢ় দিয়াৰ জৰিয়তে পৰিয়ালক স্বয়ং সম্পূৰ্ণ কৰি তোলে আৰু তাৰ যোগেদি এখন সমাজক প্ৰগতি সাধন কৰি এখন দেশৰ উত্তৰোত্তৰ সমৃদ্ধি সাধন কৰে। সেয়ে কোৱা হয় যে,পৃথিৱীৰ সকলো ধৰণৰ ঋণ শোধ কৰিব পাৰি, কিন্তু মাতৃঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰি। কাৰণ, মাকৰ সমান হ’ব কোন? নৈৰ সমান বব কোন?
গতিকে , সমাজৰ চিন্তাশীল ব্যক্তি সকলে কব বিচাৰে যে, প্ৰতি বছৰে এদিন” মাতৃ দিৱস” উদ্ যাপন কৰিলেই মাতৃৰ প্ৰতি দায়িত্ব পালন কৰা নুবুজায়। শৰীৰৰ সমস্ত তেজ ঢালি দি সন্তানক লালন পালন কৰা মাতৃৰ বাবে সন্তানৰ কৰিবলগীয়া বহুত দায়িত্ব আছে। অনাহকত কোনো সন্তানে মাতৃৰ মনত দুখ কষ্ট দিয়া অনুচিত। আঁঠুৱাৰ তলৰ ফুচফুচনি শুনি নিজৰ জন্মদাত্ৰী মাতৃক অৱহেলা ,লাঞ্চনা গঞ্জনা দিলে মহা পাপে চুব। স্বয়ং ঈশ্বৰেও এনে মহাপাপী সন্তানক কেতিয়াও ক্ষমা নকৰে। বৰ্তমান আধুনিক যুগৰ ধামখুমিয়াত পৰি বহুতো উচ্চ শিক্ষিত, ধনী ব্যক্তিয়ো মাকক পথৰ ভিক্ষাৰী বা বৃদ্ধাশ্ৰমত আশ্ৰয় লবলৈ বাধ্য কৰায়। পৃথিৱীৰ সকলো শ্ৰেষ্ঠ ধৰ্মীয় নিয়মানুযায়ী মাতৃক শ্ৰদ্ধা-ভক্তি কৰিবলৈ সন্তানক নিৰ্দেশ দিছে যদিও অসহায় মাতৃৰ বাবে আৰ্থিক নিৰাপত্তাৰ বাবে শাস্ত্ৰ বা হদীসত স্পষ্ট ভাবে কোনো উল্লেখ নাই। সংসাৰৰ উন্নতিৰ বাবে জীৱন-মৃত্যু পণ কৰি পৰিশ্ৰম কৰা এগৰাকী মাতৃয়ে স্বামীৰ স্থাৱৰ বা অস্থাৱৰ সম্পত্তিৰ ওপৰত বৰ বেছি অংশীদাৰত্ব লাভ কৰিব নোৱাৰে। বা অংশীদাৰত্ব প্ৰায় শূন্যৰ ঘৰত। স্বামীৰ মৃত্যুৰ সময়ত এগৰাকী মাতৃৰ যদি কোনো সন্তান নেথাকে, তেনেহলে স্বামীৰ ঘৰত থকাৰ তেওঁৰ কোনো অধিকাৰ নেথাকে। চৰকাৰী নীতি -নিৰ্দেশনা অনুযায়ীয়ো চাকৰিজীৱী স্বামীৰ মৃত্যুৰ পিছত তেওঁ যৎ সামান্য পেন্সন লাভ কৰে। ব্যৱসায়-বাণিজ্য ঠিকা ঠুকলি আদি কাৰ্য্যৰ জৰিয়তে উপাৰ্জন কৰা স্বামী বৰ্তমান থাকোঁতে বা মৰাৰ পিছতো কোনো উত্তৰাধিকাৰী হিচাপে উপাৰ্জনৰ আয় লাভ কৰাৰ পৰা বঞ্চিত হয়। মুঠতে, পুৰুষ-প্ৰধান এই সমাজ ব্যৱস্থাত নাৰী -ৰূপী মাতৃয়ে সমাজৰ প্ৰতি আগবঢ়োৱা অৱদান বা ত্যাগৰ বিনিময়ত একো মূল্য নেপায় । গতিকে প্ৰতি বছৰে কেৱল মাতৃ দিৱস উদযাপন কৰিলেই নহ’ব, মাতৃসকলক পূৰ্ণ মৰ্যাদাৰে সমাজত জীয়াই থকাৰ সকলো সা-সুবিধা প্ৰদান কৰাৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি। এই ক্ষেত্ৰত সমাজৰ সুশিক্ষিত, ৰুচিশীল, দায়িত্বশীল সন্তান সকলে আগবাঢ়ি আহি সমাজত মাতৃ সকলৰ সম্পূৰ্ণ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক নিৰাপত্তা দান কৰাৰ বাবে অগ্ৰগামী ভূমিকা পালন কৰিব বুলি আশা কৰিলোঁ।