“আন্ত:ৰ্জাতিক পুতুল নাট্য উৎসৱ ২০২৫”ত সীমান্ত শৰ্মাৰ ৰচিত নাট “ৰাৱণ বধ”
ৰঙিলী বাৰ্ত্তাসেৱা- কলিকতাৰ বর্ধমান দ্যা পাপেটিয়াৰ্সে অহা ২৮ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈ “আন্তৰ্জাতিক পুতুল নাট্য উৎসৱ ২০২৫”, ষষ্ঠ পুতুল খেলা লোকমঞ্চ বর্ধমান আৰু গোবৰডাঙা সংস্কৃতি কেন্দ্ৰত চাৰিদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰিছে। এই উৎসৱত বহু কেইখন দেশৰ পুতলা নাচৰ এক সমাহাৰৰ সৃষ্টি হব। এই “আন্তৰ্জাতিক পুতুল নাট্য উৎসৱ ২০২৫”ৰ কাৰ্যক্ৰমত গুৱাহাটীৰ সুৰজিৎ একাডেমী আমন্ত্ৰিত হৈছে। পুতুল নাট্য উৎসৱত অহা ১ আৰু ৩ মাৰ্চত ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰাপ্ত বিনীতা দেৱীৰ পৰিচালনাত “ৰাৱণ বধ” নাট খন পুতলা নাচৰ মাধ্যমত পৰিবেশিত হব। নাট খনৰ ৰচনা সীমান্ত শৰ্মাৰ। হিন্দী অনুবাদ হাৰ্দিক শৰ্মাৰ। পুতলা নাট খন লাঠী পুতলা, ছাঁ পুতলা আৰু সুতা পুতলাৰ জৰিয়তে মঞ্চায়ন হব। পুতলা নাট খন সঞ্চালন কৰিব ধ্ৰুৱ জ্যোতি কলিতা, বিনীতা দেৱী, প্ৰণৱ জ্যোতি ৰাভা, ৰাকিবুল আহমেদ, দেৱপ্ৰতীম গোস্বামী আৰু কৰিস্মিতা তালুকডাৰে। নাট খনৰ সঙ্গীত অভিজিৎ বৰ্মন আৰু আলোকত থাকিব স্বপন দাস।