আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰাকক্ষণত স্বামী বিবেকানন্দৰ  উল্লেখ কৰা দহটি অমোঘ বাণী সম্পৰ্কে আলোকপাত – নাছিৰ আহমেদ

আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰাকক্ষণত স্বামী বিবেকানন্দৰ  উল্লেখ কৰা দহটি অমোঘ বাণী সম্পৰ্কে আলোকপাত
নাছিৰ আহমেদ, শিমলাবাৰী গোৱালপাৰা
আন্তৰ্জাতিক নাৰী দিৱস, ৮ই মাৰ্চ, ২০২৫ইং ৰ প্ৰাকক্ষণত ভাৰতীয় সভ্যতা- সংস্কৃতিৰ ধাৰক-বাহক, মহান পুৰোধা ব্যক্তি স্বামী বিবেকানন্দই ভাৰতৰ নাৰীসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি যি দহটি অমোঘ বাণী প্ৰচাৰ কৰিছিল , বৰ্তমান যুগতো ই কেৱল ভাৰতীয় নাৰী সকলৰ ক্ষেত্ৰতেই নহয়, গোটেই বিশ্বৰ নাৰীসকলৰ বাবে প্ৰণিধানযোগ্য।
প্ৰথমতে,তেখেতৰ এই অমোঘ বাণী সম্পৰ্কে আলোকপাত কৰি সংক্ষেপে বিশ্লেষণ কৰাৰ প্ৰয়াস কৰিম।
(১) এখন ৰাষ্ট্ৰৰ অগ্ৰগতি জনাৰ একমাত্ৰ উপায় সেই ৰাষ্ট্ৰত নাৰীৰ অৱস্থান নিৰ্ণয় কৰিলেই ধৰিব পাৰি।
(২) ভাৰতৰ জননীয়েই হৈছে আদৰ্শ নাৰী। মাতৃ-ভাৱনাত মত্ত হোৱাই মূল আদৰ্শৰ প্ৰথম আৰু শেষ কথা।
(৩) যদি নাৰীৰ উন্নতি সাধন নহয়, তেনেহলে পশুজন্মক কোনোৱে ৰুধিব নোৱাৰে।
(৪) সেই নাৰীয়েই ধন্য, যাৰ চকুত পুৰুষ ভগৱান তুল্য মহান পিতৃ-স্বৰূপ।
(৫) আমাৰ দেশৰ নাৰীসকল বেছি শিক্ষিত নহ’ব পাৰে, কিন্তু তেওঁলোকৰ হৃদয় পবিত্ৰ।
(৬) পুৰুষসকলে নাৰীক নীচ,অবোধ,হেয় আৰু অপবিত্ৰ বুলি ভাবে,কাৰণ তেওঁলোক পশু,দাস, দৰিদ্ৰ আৰু উদ্যমহীন
(৭) ভাৰতীয় নাৰী সকলৰ আদৰ্শ চৰিত্ৰ হ’ল সীতা।
(৮) পাঁচশ পুৰুষৰ দ্বাৰা ভাৰতবৰ্ষক সমৃদ্ধিশালী কৰিবলৈ পঞ্চাছ বছৰ লাগিব পাৰে, কিন্তু পাঁচশ নাৰীয়ে কেইসপ্তাহমানৰ ভিতৰতে দেশক সমৃদ্ধিশালী কৰিবলৈ সক্ষম হ’ব পাৰে।
(৯) জগতত বৰ্তমান একান্ত প্ৰয়োজন আদৰ্শ চৰিত্ৰ। জগতে তেওঁলোকক বিচাৰে, যিবিলাকৰ জীৱন প্ৰেম-দীপ্ত আৰু স্বাৰ্থ শূন্য।এই ক্ষেত্ৰত একমাত্ৰ নাৰীয়ে নিঃস্বাৰ্থ প্ৰেম আৰু আদৰ্শ চৰিত্ৰৰ দ্বাৰা জগত জিনিব পাৰে।
(১০) একেবাৰে ওপৰত উঠিবলৈ হ’লে নিজকে একেবাৰে পাতল, ওজন শূন্য কৰি তুলিব লাগিব ; কাৰণ নিজকে ওজন শূন্য অৰ্থাৎ নিৰহংকাৰী কৰি তুলিব পাৰিলেহে ওপৰলৈ উধাব পাৰি। এই ক্ষেত্ৰতো নাৰী সদায় উদাহৰণ-স্বৰূপ।
স্বামী বিবেকানন্দ প্ৰাচীন ভাৰতীয় সভ্যতা- সংস্কৃতিক সাৰোগত কৰি যদিও ৰক্ষণশীল চিন্তাধাৰাৰ দ্বাৰা পৰিচালিত হৈ তেওঁ আধুনিক চিন্তাধাৰাক গ্ৰহণ কৰা নাছিল ;  তথাপি নাৰী সম্পৰ্কে স্বামী বিবেকানন্দৰ মাজত এক প্ৰগতিশীল ধাৰা প্ৰবাহিত হোৱা পৰিলক্ষিত হৈছে। আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰেক্ষাপটত তেওঁৰ নাৰী সম্পৰ্কীয় অমোঘ বাণী আৰু বিভিন্ন উক্তিৰ গ্ৰহণযোগ্যতাক নুই কৰিব নোৱাৰি। তেওঁৰ এটি মূল অমোঘ বাণী হ’ল:- নাৰী নিজেই নাৰীৰ ভাগ্য নিয়ন্তা। তেওঁ সদায় এই স্বপ্নত বিভোৰ আছিল যে, নাৰীসকলে আগবাঢ়ি আহি নিজৰ পৰিৱৰ্তন নিজে সাধন কৰিব।
আমি পুৰুষ সকলে নাৰী সকলৰ ওপৰত হস্তক্ষেপৰ অধিকাৰ কেৱল শিক্ষাদানৰ মাজতেই সীমাবদ্ধ থকা উচিত। নাৰী সকলক শিক্ষাৰ মাধ্যমত এনে এটি অৱস্থানত উন্নীত কৰিব লাগিব, যাতে তেওঁলোকে নিজৰ ভাল-বেয়া উপলব্ধি কৰি নিজক সম্পূৰ্ণ ৰূপে নিয়ন্ত্ৰণ কৰিব পাৰে। কাৰণ, নাৰীসকলে পুৰুষৰ তুলনাত নিজৰ ভাগ্য বেছি ভালকৈ নিৰ্ধাৰণ কৰিবলৈ সক্ষম।
মুঠতে স্বাধীনতা হ’ল বিকাশৰ প্ৰথম শৰ্ত। স্বামী বিবেকানন্দই অতি প্ৰত্যয়ৰ সৈতে দৃঢ় ভাৱে মন্তব্য আগবঢ়াইছিল ” ” তোমালোকৰ ভিতৰত কোনোবাই যদি সাহসেৰে সৈতে কোৱা, আমি এই নাৰী আৰু শিশুৰ মুক্তিৰ বাবে কাম কৰিম । এয়া ভুল, হাজাৰ বাৰ ভুল। তুমি বিধৱা নেকি যে বিধৱাসকলৰ দুখ- যন্ত্ৰণা উপলব্ধি কৰিব পাৰা। তুমি কি নাৰী যে নাৰীসকলৰ মনস্তাত্বিক দিশ উপলব্ধি কৰিব পাৰা। গতিকে নাৰীৰ সমস্যা সমাধানৰ তুমি কোন ? তুমি কি প্ৰভু ঈশ্বৰ যে তুমি প্ৰত্যেক জনী বিধৱা আৰু প্ৰত্যেক জনী নাৰীৰ ওপৰত ৰাজত্ব কৰিবা? তুমি এইবোৰ বাদ দিয়া। তেওঁলোকৰ সমস্যা তেওঁলোকে নিজে সমাধান কৰিব।
প্ৰণিধানযোগ্য যে, স্বামী বিবেকানন্দই নাৰীসকলৰ ধৰ্মীয় আৰু সামাজিক ভূমিকাক ভিন্ন ভাৱে দেখিছিল। ঐতিহ্যবাহী ধৰ্মীয় বা পাৰিবাৰিক মূল্যবোধৰ ভাণ্ডাৰ হিচাপে ভাৰতীয় নাৰী নিঃসন্দেহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এগৰাকী মাতৃ হিচাপে নাৰীয়েই হ’ল বংশধৰ সকলৰ ৰক্ষক, স্ত্ৰী হিচাপে পাৰিবাৰিক অৰ্থনীতিৰ মূল চালিকাশক্তি।
ভাৰতীয় নাৰী সকলে ভোগবাদৰ পিনে ক্ৰমে অগ্ৰসৰ হৈ পাশ্চাত্য আধুনিক যান্ত্ৰিকতাৰ ধামখুমিয়াত অৱতীৰ্ণ হোৱাৰ বাবে স্বামী বিবেকানন্দই অন্তৰত আঘাত পাইছিল। তেওঁ যদিও আধুনিক শিক্ষাৰে শিক্ষিত হৈ ভাৰতীয় নাৰীসকলে পাশ্চাত্যৰ জ্ঞান-বিজ্ঞানক আকোঁৱালি লোৱাত আপত্তি কৰা নাছিল, কিন্তু ভাৰতীয় পুৰুষ-মহিলা উভয়েকে তেওঁ উপদেশ দিছিল যে,  “ভাৰত আৰু ভাৰতীয় ধৰ্মত শ্ৰদ্ধা আৰু বিশ্বাস স্থাপন কৰা, তেজস্বিনী হোৱা, আশাত বুকু বান্ধি ভাৰতত জন্ম বুলি লজ্জাবোধ নকৰি ভাৰতীয় বুলি গৌৰৱ অনুভৱ কৰা ” । তেওঁ আৰু মন্তব্য কৰিছিল যে, পাশ্চাত্য সভ্যতা আৰু সংস্কৃতিৰ পৰা আমি যিমান গ্ৰহণ কৰিব লগা আছে, তাৰ তুলনাত পৃথিৱীৰ সকলো দেশেই ভাৰতীয় সভ্যতা- সংস্কৃতিৰ পৰা যথেষ্ট ল’ব লগা আছে।
স্বামী বিবেকানন্দই নাৰী সংস্কাৰৰ প্ৰতি বেছি ধাউতি প্ৰকাশ কৰা নাছিল যদিও তেওঁ প্ৰায়ে কৈছিল যে, কম বয়স্ক গাভৰু এজনীয়ে বিধৱা হ’লে বিয়া বহাত আপত্তি কৰিব লগা একো নাই, কিন্তু সংসাৰৰ সকলো দায়িত্ব মূৰ পাতি লৈ ঘৰ সংসাৰ কৰা বয়স্ক নাৰী এজনীয়ে বিধৱা হৈ বিয়াত বহোতে হাজাৰ বাৰ চিন্তা কৰা দৰকাৰ। অৱশ্যে এই ক্ষেত্ৰত বয়স্ক বিধৱা গৰাকী পৰিৱেশ পৰিস্থিতি সাপেক্ষে সিদ্ধান্ত লোৱা উচিত হ’ব।   যৌন সমস্যা সমাধানৰ ক্ষেত্ৰতো নাৰীয়ে বিবেক-বিৱেচনাৰে আত্ম-নিয়ন্ত্ৰণৰ মাজেৰে অগ্ৰসৰ হোৱা উচিত।
নিঃসন্দেহে, স্বামী বিবেকানন্দ যদিও ৰক্ষণশীল চিন্তাধাৰাৰ ধাৰক-বাহক আছিল, নাৰীৰ স্বাধীনতা সন্দৰ্ভত তেওঁৰ অমোঘ বাণী আৰু বিভিন্ন উক্তি সমূহত সাম্প্ৰতিক যুগৰ প্ৰগতিশীল উচ্চ আদৰ্শৰ নিদৰ্শন পোৱা যায়। সেয়ে, আন্তৰ্জাতিক নাৰী দিৱসৰ মূল লক্ষ্য আৰু উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ প্ৰবাদ পুৰুষ ঋষিতুল্য স্বামী বিবেকানন্দৰ শ্ৰেষ্ঠ আদৰ্শক স্মৰণ কৰি ভাৰতীয় নাৰী সকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে অনুশীলন কৰা নিতান্তই প্ৰয়োজনীয় হৈ পৰিছে।