আন্তৰ্জাতিক নাৰী দিৱসৰ চিন্তাঃ সমগ্ৰ সমাজখনে মহিলাৰ সুৰক্ষাৰ দিশটো গুৰুত্ব সহকাৰে লওঁক – মানসী মিশ্ৰ

Pc shutterstock

আন্তৰ্জাতিক নাৰী দিৱসৰ চিন্তাঃ
সমগ্ৰ সমাজখনে মহিলাৰ সুৰক্ষাৰ দিশটো গুৰুত্ব সহকাৰে লওঁক

মানসী মিশ্ৰ

সৌ সিদিনা আৰম্ভ হোৱা বছৰটোৱে তৃতীয় মাহত ভৰি দিলে৷ এইফালে মাৰ্চ মাহ আৰম্ভ হোৱাৰ লগে লগে মহিলাসকলৰ মাজত উগুল যুগুল৷ এই মাহটোৰ আৰম্ভণিতে আন্তৰ্জাতিক নাৰী দিৱসৰ আয়োজন কৰি ইগৰাকীয়ে সিগৰাকীক মনত পেলায়৷ কবলৈ গলে আঠ মাৰ্চ দিনটো যেন মহিলাসকলৰ বাবে সংৰক্ষিত এটা বিশেষ দিন৷ সদায় আনৰ বাবে কাম কৰি, চিন্তা কৰি নিজৰ বাবে ভাবিবলৈ আহৰি নোপোৱা মহিলাসকলে এই দিনটোতে যেন বিশেষভাৱে মনত পেলায়৷ আনফালে চাবলৈ গলে আজিৰ একবিংশ শতিকাৰ যুগতো যি যুগত মহিলাসকলে মহাকাশলৈ গৈছে, মহিলাই আকাশীযান চলাইছে, সেই সময়ত মহিলাৰ বাবে চিন্তা কৰিবলৈ বিশেষ দিন এটাৰ কিয় প্ৰয়োজন হল, এয়াও এক বিশ্লেষণ কৰিবলগীয়া বিষয়৷ এতিয়া বিজ্ঞান আৰু প্ৰযুক্তিৰ উত্তৰণেৰে আকাশ চুব খোজা যুগত আমি বাস কৰিছো৷ এইটো সময়ত মহিলা মহাকাশ বিজ্ঞানী হৈ মহাকাশলৈ গৈছে, বহু খ্যাতনামা চিকিৎসক হৈছে, প্ৰতিষ্ঠিত ব্যৱসায়ী হৈছে আৰু তাতোকৈ ডাঙৰ কথা মহিলা ৰাষ্ট্ৰপতি অৰ্থাৎ ৰাষ্ট্ৰপ্ৰধান পদতো নিৰ্বাচিত হৈছে৷ ইয়াৰ পিছতো মহিলা প্ৰকৃতপক্ষে সৱল হৈ উঠিব পৰা নাই নেকি? অথচ আমাৰ এইখন দেশতেই নাৰীক দেৱীৰূপে, শক্তিৰূপে পূজা কৰা হয়৷ এগৰাকী নাৰী কাৰোবাৰ মাতৃ অথবা ভগ্নী, সেইগৰাকী নাৰীৰ ওপৰত চলে অকথ্য অমানৱীয় নিৰ্যাটন৷ এগৰাকী নাৰীয়ে মাতৃ হিচাপে, বোৱাৰী হিচাপে, কাৰোবাৰ কন্যা অথবা ভগ্নী হিচাপে এক মৰ্যাদা আৰু মৰমভৰা স্থান পোৱাৰ পিছতো নিমিষতে সকলো মৰ্যাদা চূৰ্ণীকৃত হৈ যায়৷ আমাৰ ৰাজ্যত বিশেষকৈ মহিলা উৎপীড়ণৰ ঘটনা অতি ভয়াবহ হাৰত বাঢ়িছে৷ প্ৰতিদিনে পুৱা বাতৰি কাকতখন পঢ়িলেই অথবা টিভিত বাতৰিটো চাবলৈ ল’লে মহিলাৰ ওপৰত হোৱা নিৰ্যাটনৰ বাতৰিয়ে মনটো শিহৰিত কৰে৷ মাত্ৰ কেইদিন মান আগতে নলবাৰী চহৰত এগৰাকী মহিলা আৰু তেওঁৰ বিশেষভাৱে সক্ষম পুত্ৰ সন্তানক মৃত অৱস্থাত পোৱা যায়৷ নিজৰ পুত্ৰৰ জন্মদিনৰ অনুষ্ঠান সমাপ্ত হোৱাৰ পিছত মাতৃপুত্ৰক ঘৰৰ ভিতৰত ৰহস্যজনক ভাৱে মৃত অৱস্থাত পোৱাত আত্মীয়, ওচৰ চুবুৰীয়া সকলোৰে সন্দেহ ঘণীভুত হয় ৷ ঘটনাৰ সময়ৰ পৰাই নিৰুদ্দেশ হৈ থকা তেওঁৰ স্বামীক হত্যাকাণ্ডৰ লগত জড়িত বুলি সকলোৱে সন্দেহ প্ৰকাশ কৰে৷ আৰক্ষীৰ তদন্তত এসপ্তাহ মানৰ ভিতৰত পলাতক স্বামীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ সৌ সিদিনা ধেমাজি জিলাত ৰেলৰ আলিৰ সমীপত এগৰাকী অৰ্ধনগ্ন অৱস্থাত মৃত যুৱতীক উদ্ধাৰ কৰা হৈছে৷ আৰক্ষীৰ প্ৰাথমিক তদন্তত যুৱতী গৰাকীক কোনোৱে যৌন উৎপীড়ণ চলাই হত্যা কৰাৰ সন্দেহ কৰা হৈছে৷ পাৰ হৈ যোৱা বছৰটোত জনসাধাৰণৰ ৰক্ষাকৰ্তা মহিলা আৰক্ষী বিষয়াৰে ৰহস্যজনক অৱস্থাত মৃত্যু হল৷ আজি লৈকে ইয়াৰ সঠিক তদন্ত হৈ নুঠিল৷ দূৰ্ভগীয়া মাতৃয়ে একমাত্ৰ কন্যা সন্তানৰ এই ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত বিচাৰি হতাশ হব লগীয়া হল৷ বছৰটোৰ প্ৰথমভাগতে গোৱালপাৰা জিলাত এগৰাকী প্ৰভাৱশালী মহিলা যি গৰকী মহিলা বিভিন্ন অনুষ্ঠানৰ সাংগঠনিক কাম কাজত জড়িত হৈ থকাৰ লগতে এটি শক্তিশালী ৰাজনৈতিক দলৰ কৰ্মকতা আছিল, তেনে মহিলাকো হত্যা কৰা হ’ল অতি বৰ্বৰভাৱে৷ হত্যাকণ্ডৰ আগতে তেওঁৰ ওপৰত যৌন উৎপীড়ণ চলোৱাৰো প্ৰমাণ পোৱা গৈছে৷ একেদৰে তিনিচুকীয়া জিলাত ষষ্ঠশ্ৰেণীত পঢ়ি থকা কণমাণি কিশোৰী এগৰাকীক নিজৰ তাৱৈয়েকে ঘৰত অকলশৰে থকা অৱস্থাত বলাৎকাৰ কৰি উঠি পিছত হত্যা কৰিছিল৷ এনে জঘন্য ঘটনাই সকলোকে শিহৰিত কৰি তুলিছিল৷ সৌ সিদিনা সৰস্বতী পূজাৰ দিনাখন কি নাটকীয় ভংগিমাৰে যুৱতী সৰবৰাহ কৰা হৈছিল, সেই কথা নি(য় আমাৰ সকলোৰে মনত আছে৷ সেই একেটা দিনতে ৰাজ্যৰ ভিন্ন ঠাইৰ পৰা একেৰাহে জ্ঝ গৰাকী যুৱতী, কিশোৰী অপহৰণ কৰা হৈছিল৷ এই উল্লেখ কৰা ঘটনা সমূহ মাত্ৰ কেইটামান উদাহৰণহে৷ ৰাজ্যৰ চুকেকোণে প্ৰায় প্ৰতিটো দিনতে সংঘটিত হৈ থকা নাৰী নিৰ্যাটনৰ ঘটনাসমূহৰ মাত্ৰ কেইটামান ঘটনাহে সংবাদ মাধ্যমৰ যোগেদিহে পোহৰলৈ আহে বহু ঘটনা আমাৰ অলক্ষিতে ৰৈ যায়৷ আমাৰ চৌপাশে ঘটি থকা ঘটনা সমূহৰ পটভূমি আমি যদি বিশ্লেষণ কৰি চাঁও তেন্তে এই কথাটো ওলাই পৰে যে আমি সমাজত সততে যিসকল মহিলাক দুৰ্বল মহিলা বুলি ভাবি থাকোঁ, শিক্ষা দীক্ষা কম থকা, নিজস্ব উপাৰ্জন নথকা, অৰ্থনৈতিকভাৱে পিছপৰা মহিলা সকলে যে সমাজত ভিন্নধৰণৰ নিৰ্যাটনৰ সন্মুখীন হৈ আছে তেনে নহয়, বহু উচ্ছ শিক্ষিত, স্বৱলম্বী, প্ৰতিভাৱান মহিলায়ো সমাজত বিভিন্ন উৎপীড়ণ, নিৰ্যাটনৰ মুখামুখি হৈ আছে৷ গতিকে মহিলা ৰাষ্ট্ৰ প্ৰধান, মহাকাশচাৰী বিজ্ঞানী আদি উচ্ছ আসনত বহিলেও বহুসংখ্যক মহিলাই আমাৰ সমাজত বিভিন্ন ধৰণৰ উৎপীড়ণৰ সন্মুখীন হৈ আছে৷ মহিলা, যুৱতী সকলক এই পৰিস্থিতিত বিভিন্ন নিৰ্যাটনৰ বিৰুদ্ধে যুজঁ কৰিবলৈ ন্যায় প্ৰাপ্তি সুনিশ্চিত কৰিবলৈ মহিলাৰ সপক্ষে বহু আইন, আইনী সুৰক্ষা ইতিমধ্যে আছে দেশত৷ কিন্তু এইটোও ঠিক যে মাত্ৰ কেইখমান আইন বলৱৎ হৈ থাকিলেই মহিলা, যুৱতী সকলৰ সুৰক্ষা নিশ্চিত হ’ব নোৱাৰে৷ তৃণমূল পৰ্য্যায়ৰ পৰা একেবাৰে উচ্ছ স্তৰলৈ প্ৰতিগৰাকী মহিলাই প্ৰথমতে সজাগ সচেতন হব লাগিব নিজৰ অধিকাৰ, সুৰক্ষা আদিৰ ক্ষেত্ৰত৷ মহিলাসকলে মহিলা সকলৰ মাজত পাৰস্পৰিক সন্মান, সহযোগিতা আদি বজাই ৰাখিব লাগিব৷ পুৰুষেই হওঁক, মহিলাই হওঁক কোনেও মহিলাক এটা পৃথক শ্ৰেণী অথবা দুৰ্বল শ্ৰেণী তেনেধৰণৰ ভাৱ মনলৈ আনিব নালাগে৷ মহিলাকো এগৰাকী ব্যক্তি বুলি ভাবি লৈ মহিলাৰ অধিকাৰ, সুৰক্ষা আদিৰ ক্ষেত্ৰত সংবিধান প্ৰদত্ত অধিকাৰ সমূহ ৰক্ষা কৰাৰ ক্ষেত্ৰত সুযোগ দিব লাগে৷ মহিলাক যথোপযুক্ত সন্মান আৰু সুৰক্ষা প্ৰদান কৰা কথাটো নিজৰ ঘৰখনৰ পৰাই আৰম্ভ হ’ব লাগিব৷ নিজৰ ঘৰখনে, পৰিয়ালটোৱে মহিলাক প্ৰাপ্য সন্মান আৰু সুৰক্ষাখিনি প্ৰদান কৰিব পাৰিলে সমাজৰ বাকী সকলেও দিব৷ মহিলাক বিভিন্ন প্ৰকাৰৰ উৎপীড়ণৰ পৰা সুৰক্ষা দিবলৈ ইতিমধ্যে যি সমূহ আইন কানুন প্ৰৱৰ্তন কৰা হৈছে সেইসমূহ কেৱল মহিলা সকলৰ মাজতে সীমাবদ্ধ ৰাখিলে নহ’ব৷ পুৰুষসকলৰ মাজতো ইয়াৰ উপযুক্ত সজাগতা প্ৰদান কৰিব লাগিব৷ বিগত কিছুদিন ধৰি দেখা গৈছে যে ৰাজধানী মহানগৰীতে হওঁক মহিলা, যুৱতী, কিশোৰী সকলৰ ওপৰত হোৱা যৌনউৎপীড়ণ ভয়াবহ হাৰত বৃদ্ধি পাব ধৰিছে৷ একাংশ পুৰুষ আৰু যুৱসমাজ একাংশই মহিলা, যুৱতীসকলক পণ্যসামগ্ৰী বুলিয়েই দাবী কৰে৷ গতিকে তেওঁলোকতকৈ কনিষ্ঠ, জেষ্ঠ কাকোৱেই বেয়া দৃষ্টিৰে চাবলৈ, বেয়া ব্যৱহাৰ কৰিবলৈ অকণো সংকোচ নকৰে৷ এই ক্ষেত্ৰত এই সকল ব্যক্তিক কেৱল আইন প্ৰণয়ণ কৰিয়েই যে অপৰাধ নিৰ্মূল কৰিব পৰা যাব এইটো নহয়৷ এই সকল লোকৰ ভিতৰত মানসিকতাক পৰিৱৰ্তন হব লাগিব৷ কথাটো হ’ল তেওঁলোকৰ মানসিকতাৰ পৰিৱৰ্তন কোনে কৰিব৷ পৰিয়ালৰ লোকসকলে এইক্ষেত্ৰত আগভাগ লব লাগিব আৰু নিজে নিজৰ মনৰ পৰা কুৎসিত, ঠেক মনোবৃত্তি বাদ দিব লাগিব৷ সেয়েহে আমাৰ পৰিয়াল সমূহত পুত্ৰ সন্তান কিছু ডাঙৰ হৈ অহাৰ পৰাই অভিভাৱক সকলে মহিলা সকলৰ প্ৰতি সন্মান বজাই তুলিব পৰাকৈ শিক্ষা প্ৰদান কৰিব লাগিব৷ সৰুৰে পৰাই যদি ল’ৰা সকলে মহিলাক মাতৃ, ভগ্নী, বাইদেউ আদি সন্মান সূচক দৃষ্টিভংগীৰে চাব পাৰে তেন্তে সমাজত মহিলাৰ ওপৰত হোৱা নিৰ্যাটন বহু পৰিমাণে কমি যাব৷ মহিলাসকলে সমাজত সন্মান সূচক আৰু সুৰক্ষিত ভাৱে জীয়াই থকাৰ সুবিধা খিনি পালেহে প্ৰতিবছৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰাটো সফল আৰু সাৰ্থক হব৷

অতীজৰ পৰাই নাৰীক মাতৃ, পত্নী, ভগ্নীৰূপে মৰ্যাদাপূৰ্ণ আসন দি অহা হৈছে৷ গতিকে প্ৰতি গৰাকী মহিলাই সমাজত সন্মান সহকাৰে জীয়াই থকাৰ সুবিধা পোৱাটো নিশ্চিত কৰিব লাগে৷ Dignity is her right ৷ নাৰী আৰু পুৰুষৰ সহযোগিতাৰ মাজেদিহে এখন সুন্দৰ সমাজ গঢ়ি উঠে৷ সেয়েহে প্ৰতিগৰাকী মহিলাই যাতে সমাজত উপযুক্ত সন্মান আৰু মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে এই কথাটোত মহিলাসকলৰ লগতে পুৰুষ সকলেও সমানে গুৰুত্ব দিব লাগে৷