আন্তৰ্জাতিক নাৰী দিৱসৰ চিন্তাঃ সমগ্ৰ সমাজখনে মহিলাৰ সুৰক্ষাৰ দিশটো গুৰুত্ব সহকাৰে লওঁক – মানসী মিশ্ৰ

আন্তৰ্জাতিক নাৰী দিৱসৰ চিন্তাঃ সমগ্ৰ সমাজখনে মহিলাৰ সুৰক্ষাৰ দিশটো গুৰুত্ব সহকাৰে লওঁক

মানসী মিশ্ৰ

সৌ সিদিনা আৰম্ভ হোৱা বছৰটোৱে তৃতীয় মাহত ভৰি দিলে। এইফালে মাৰ্চ মাহ আৰম্ভ হোৱাৰ লগে লগে মহিলাসকলৰ মাজত উগুল থুগুল। এই মাহটোৰ আৰম্ভণিতে আন্তৰ্জাতিক নাৰী দিৱসৰ আয়োজন কৰি ইগৰাকীয়ে সিগৰাকীক মনত পেলায়। ক’বলৈ গ’লে আঠ মাৰ্চ দিনটো যেন মহিলাসকলৰ বাবে সংৰক্ষিত এটা বিশেষ  দিন। সদায় আনৰ বাবে কাম কৰি,চিন্তা কৰি নিজৰ বাবে ভাৱিবলৈ আহৰি নোপোৱা মহিলাসকলে এই দিনটোতে যেন বিশেষভাৱে মনত পেলায়। আনফালে চাবলৈ হ’লে আজিৰ একবিংশ শতিকাৰ যুগতো যি যুগত মহিলাসকলে মহাকাশলৈ গৈছে, মহিলাই আকাশীযান চলাইছে, সেই সময়ত মহিলাৰ বাবে চিন্তা কৰিবলৈ বিশেষ দিন এটাৰ কিয় প্ৰয়োজন হ’ল, এয়াও এক বিশ্লেষণ কৰিবলগীয়া বিষয়। এতিয়া বিজ্ঞান আৰু প্ৰযুক্তিৰ উত্তৰণেৰে আকাশ চুব খোজা যুগত আমি বাস কৰিছোঁ। এইটো সময়ত মহিলা মহাকাশ বিজ্ঞানী হৈ মহাকাশলৈ গৈছে, বহু খ্যাতনামা চিকিৎসক হৈছে, প্ৰতিষ্ঠিত ব্যৱসায়ী হৈছে আৰু তাতোকৈ ডাঙৰ কথা মহিলা ৰাষ্ট্ৰপতি অৰ্থাৎ ৰাষ্ট্ৰপ্ৰধান পদতো নিৰ্বাচিত হৈছে। ইয়াৰ পিছতো মহিলা প্ৰকৃতপক্ষে সৱল হৈ উঠিব পৰা নাই নেকি? অথচ আমাৰ এইখন দেশতেই নাৰীক দেৱীৰূপে, শক্তিৰূপে পূজা কৰা হয়। এগৰাকী নাৰী কাৰোবাৰ মাতৃ অথবা ভগ্নী সেইগৰাকী নাৰীৰ ওপৰত চলে অকথ্য অমানৱীয় নিৰ্যাটন। এগৰাকী নাৰীয়ে মাতৃ হিচাপে, বোৱাৰী হিচাপে, কাৰোবাৰ কন্যা অথবা ভগ্নী হিচাপে এক  মৰ্যাদা আৰু মৰমভৰা স্থান পোৱাৰ পিছতো নিমিষতে সকলো মৰ্যাদা চূৰ্ণীকৃত হৈ যায়। আমাৰ ৰাজ্যত বিশেষকৈ মহিলা উৎপীড়ণৰ ঘটনা অতি ভয়াবহ হাৰত বাঢ়িছে। প্ৰতিদিনে পুৱা বাতৰি কাকতখন পঢ়িলেই অথবা টিভিত বাতৰিটো চাবলৈ ল’লে মহিলাৰ  ওপৰত হোৱা নিৰ্যাটনৰ বাতৰিয়ে মনটো শিহৰিত কৰে। মাত্ৰ কেইদিন মান আগতে নলবাৰী চহৰৰ এগৰাকী মহিলা আৰু তেওঁৰ বিশেষভাৱে সক্ষম পুত্ৰ সন্তানক মৃত অৱস্থাত পোৱা যায়। নিজৰ পুত্ৰৰ জন্মদিনৰ অনুষ্ঠান সমাপ্ত হোৱাৰ পিছত মাতৃ পুত্ৰক ঘৰৰ ভিতৰত ৰহস্যজনক ভাৱে মৃত অৱস্থাত পোৱাত আত্মীয়,ওচৰ চুবুৰীয়া সকলোৰে সন্দেহ ঘনীভুত হয়। ঘটনাৰ সময়ৰ পৰাই নিৰুদ্দেশ হৈ থকা তেওঁৰ স্বামীক হত্যাকাণ্ডৰ লগত জড়িত বুলি সকলোৱে সন্দেহ প্ৰকাশ কৰে। আৰক্ষীৰ তদন্তত এসপ্তাহ মানৰ ভিতৰত পলাতক স্বামীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সৌসিদিনা ধেমাজি জিলাত ৰে’লৰ আলিৰ সমীপত এগৰাকী অৰ্ধনগ্ন অৱস্থাত মৃত যুৱতীক  উদ্ধাৰ কৰা হৈছে। আৰক্ষীৰ প্ৰাথমিক তদন্তত যুৱতী গৰাকীক কোনোৱে যৌন উৎপীড়ণ চলাই হত্যা কৰাৰ সন্দেহ কৰা হৈছে। পাৰ হৈ যোৱা বছৰটোত জনসাধাৰণৰ ৰক্ষাকৰ্তা মহিলা আৰক্ষী বিষয়াৰে ৰহস্যজনক অৱস্থাত মৃত্যু হ’ল। আজিলৈকে ইয়াৰ সঠিক তদন্ত হৈ নুঠিল। দূৰ্ভগীয়া মাতৃয়ে একমাত্ৰ কন্যা সন্তানৰ এই ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত বিচাৰি হতাশ হ’বলগীয়া হ’ল। বছৰটোৰ প্ৰথমভাগত গোৱালপাৰা জিলাত এগৰাকী প্ৰভাৱশালী মহিলা যিগৰাকী মহিলা বিভিন্ন অনুষ্ঠানৰ সাংগঠনিক কাম কাজত জড়িত হৈ থকাৰ লগতে  এটি শক্তিশালী ৰাজনৈতিক দলৰ কৰ্মকতা আছিল, তেনে মহিলাকো হত্যা কৰা হ’ল অতি বৰ্বৰভাৱে। হত্যাকাণ্ডৰ আগতে তেওঁৰ ওপৰত যৌনউৎপীড়ণ চলোৱাৰ প্ৰমাণ পোৱা গৈছে। একেদৰে তিনচুকীয়া জিলাত ষষ্ঠশ্ৰেণীত পঢ়ি থকা কণমমানি কিশোৰী এগৰাকীক নিজৰ তাৱৈয়েকে ঘৰত অকলশৰে থকা অৱস্থাত বল্যৎকাৰ কৰি উঠি পিছত হত্যা কৰিছিল।এনে জঘন্য ঘটনাই সকলোকে শিহৰিত কৰি তুলিছিল। সৌ সিদিনা সৰস্বতী পূজাৰ দিনাখন কি নাটকীয় ভংগিমাৰে যুৱতী সৰবৰাহ কৰা হৈছিল, সেই কথা নিশ্চয় আমাৰ সকলোৰে মনত আছে। সেই একেটা দিনত ৰাজ্যৰ ভিন্নঠাইৰ পৰা একেৰাহে ৯ গৰাকী যুৱতী,কিশোৰী অপহৰণ কৰা হৈছিল। এই উল্লেখ কৰা ঘটনাসমূহ মাত্ৰ কেইটামান উদাহৰণহে। ৰাজ্যৰ চুকেকোণে প্ৰায় প্ৰতিটো দিনতে সংঘটিত হৈ থকা নাৰী  নিৰ্যাটনৰ ঘটনাসমূহৰ মাত্ৰ কেইটামান ঘটনাহে সংবাদ মাধ্যমৰ যোগেদিহে পোহৰলৈ আহে বহু ঘটনা আমাৰ অলক্ষিতে ৰৈ যায়। আমাৰ চৌপাশে ঘটি থকা ঘটনা সমূহৰ পটভূমি আমি যদি বিশ্লেষণ কৰি চাওঁ তেন্তে এই কথাটো ওলাই পৰে যে আমি সমাজত সততে যিসকল মহিলাক দুৰ্বল মহিলা বুলি ভাবি থাকোঁ, শিক্ষা দীক্ষা কম থকা, নিজস্ব উপাৰ্জন নথকা, অৰ্থনৈতিকভাৱে পিছপৰা মহিলা সকলে যে সমাজত ভিন্নধৰণৰ নিৰ্যাটনৰ সন্মুখীন হৈ আছে তেনে নহয়। বহু উচ্চ শিক্ষিত, স্বাৱলম্বী, প্ৰতিভাৱান মহিলায়ো সমাজত বিভিন্ন উৎপীড়ণ, নিৰ্যাটনৰ মুখামুখি হৈ আছে। গতিকে মহিলা ৰাষ্ট্ৰ প্ৰধান, মহাকাশচাৰী, বিজ্ঞানী আদি উচ্চ আসনত বহিলেও বহুসংখ্যক মহিলাই আমাৰ সমাজত বিভিন্ন ধৰণৰ উৎপীড়ণৰ সন্মুখীন হৈ আছে। মহিলা,যুৱতী সকলক এই পৰিস্থিতিত বিভিন্ন নিৰ্যাটনৰ বিৰুদ্ধে যুজঁ কৰিবলৈ, ন্যায় প্ৰাপ্তি সুনিশ্চিত কৰিবলৈ মহিলাৰ সপক্ষে বহু আইন, আইনী সুৰক্ষা ইতিমধ্যে  আছে দেশত। কিন্তু এইটোও ঠিক যে মাত্ৰ কেইখনমান আইন বলৱৎ হৈ থাকিলেই মহিলা, যুৱতী সকলৰ সুৰক্ষা নিশ্চিত হ’ব নোৱাৰে। তৃণমূল পৰ্য্যায়ৰ পৰা একেবাৰে উচ্চ স্তৰলৈ প্ৰতিগৰাকী মহিলাই প্ৰথমতে সজাগ সচেতন হ’ব লাগিব নিজৰ অদিকাৰ, সুৰক্ষা আদিৰ ক্ষেত্ৰত। মহিলা সকলে মহিলা সকলৰ মাজত পাৰস্পৰিক সন্মান, সহযোগিতা আদি বজাই ৰাখিব লাগিব। পুৰুষেই হওঁক, মহিলাই হওঁক কোনেও মহিলাক এটা পৃথক শ্ৰেণী অথবা দুৰ্বল শ্ৰেণী তেনেধৰণৰ ভাৱ মনলৈ আনিব নালাগে। মহিলাকো এগৰাকী ব্যক্তি বুলি ভাবি লৈ মহিলাৰ অধিকাৰ,সুৰক্ষা আদিৰ ক্ষেত্ৰত সংবিধান প্ৰদত্ত অধিকাৰ সমূহ ৰক্ষা কৰাৰ সুযোগ দিব লাগে। মহিলাক যথোপযুক্ত সন্মান আৰু সুৰক্ষা প্ৰদান কৰা কথাটো নিজৰ ঘৰখনৰ পৰাই আৰম্ভ হ’ব লাগিব। নিজৰ ঘৰখন,পৰিয়ালটোৱে মহিলাক প্ৰাপ্য সন্মান আৰু সুৰক্ষাখিনি প্ৰদান কৰিব পাৰিলে সমাজৰ বাকী সকলেও দিব। মহিলাক বিভিন্ন প্ৰকাৰৰ উৎপীড়ণৰ পৰা সুৰক্ষা দিবলৈ ইতিমধ্যে যিসমূহ  আইন কানুন প্ৰৱৰ্ত্তন কৰা হৈছে সেইসমূহ কেৱল মহিলা সকলৰ মাজতে সীমাবদ্ধ ৰাখিলে নহ’ব, পুৰুষসকলৰ মাজতো ইয়াৰ উপযুক্ত সজাগতা প্ৰদান কৰিব লাগিব। বিগত কিছুদিন ধৰি দেখা গৈছে যে ৰাজধানী মহানগৰীতে হওঁক মহিলা, যুৱতী, কিশোৰী সকলৰ ওপৰত  হোৱা যৌন উৎপীড়ণ ভয়াবহ হাৰত বৃদ্ধি পাব ধৰিছে। একাংশ পুৰষ আৰু যুৱ সমাজৰ একাংশই মহিলা,যুৱতীসকলক পণ্য সামগ্ৰী বুলিয়েই দাবী কৰে। গতিকে তেওঁলোকতকৈ কনিষ্ঠ, জ্যেষ্ঠ কাকোৱেই বেয়া দৃষ্টিৰে চাবলৈ, বেয়া ব্যৱহাৰ কৰিবলৈ অকণো সংকোচ নকৰে। এই ক্ষেত্ৰত এই সকল ব্যক্তিক কেৱল আইন প্ৰণয়ন কৰিয়েই যে অপৰাধ নিৰ্মূল কৰিব পৰা যাব, এইটো নহয়। এই সকল লোকৰ ভিতৰৰ মানসিকতাৰ পৰিবৰ্তন হ’ব লাগিব। কথাটো হ’ল তেওঁলোকৰ মানসিকতাৰ পৰিবৰ্তন কোনে কৰিব। পৰিয়ালৰ লোকসকলে এইক্ষেত্ৰত আগভাগ ল’ব লাগিব আৰু নিজে নিজৰ মনৰ পৰা কুৎসিত, ঠেক মনোবৃত্তি বাদ দিব লাগিব। সেয়েহে আমাৰ পৰিয়াল সমূহত পুত্ৰ সন্তান কিছু ডাঙৰ হৈ অহাৰ পৰাই অভিভাৱকসকলে মহিলা সকলৰ প্ৰতি সন্মান বজাই তুলিব পৰাকৈ শিক্ষা প্ৰদান কৰিব লাগিব। সৰুৰে পৰাই যদি ল’ৰাসকলে মহিলাক মাতৃ,ভগ্নী, বাইদেউ আদি সন্মান সূচক দৃষ্টিভংগীৰে চাব পাৰে তেন্তে সমাজত মহিলাৰ ওপৰত হোৱা নিৰ্যাটন বহু পৰিমাণে কমি যাব। মহিলাসকলে সমাজত সন্মানসূচক আৰু সুৰক্ষিতভাৱে জীয়াই থকাৰ সুবিধাখিনি পালেহে প্ৰতিবছৰে আন্তৰ্জাতিক নাৰী দিৱসৰ উদযাপন কৰাটো সফল আৰু সাৰ্থক হ’ব।

অতীজৰ পৰাই নাৰীক মাতৃ, পত্নী,ভগ্নীৰূপে মৰ্যাদাপূৰ্ণ আসন দি অহা হৈছে। গতিকে প্ৰতিগৰাকী মহিলাই সমাজত সন্মান সহকাৰে জীয়াই থকাৰ সুবিধা পোৱাটো নিশ্চিত কৰিব লাগে। Dignity is her right। নাৰী আৰু পুৰুষৰ সহযোগিতাৰ মাজেদিহে এখন সুন্দৰ সমাজ গঢ়ি উঠে। সেয়েহে প্ৰতিগৰাকী মহিলাই যাতে সমাজত উপযুক্ত সন্মান আৰু মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে এই কথাটোত  মহিলা সকলৰ লগতে পুৰুষ সকলেও সমানে গুৰুত্ব দিব লাগে।