আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত যোগাসন প্ৰতিযোগিতা

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত যোগাসন প্ৰতিযোগিতা

ৰঙিলী বাৰ্ত্তাসেৱা- আন্তৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত অহা ২১ জুনত নেহৰু ষ্টেডিয়ামত আয়োজন কৰা হৈছে জিলা পৰ্যায়ৰ যোগ দিৱস । উক্ত দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সভাকক্ষত অতিৰিক্ত জিলা আয়ুক্ত ত্ৰিদিব কোঁৱৰৰ সভাপতিত্বত এখন বিশেষ সভা অনুষ্ঠিত হয় । সভাত অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহৰ লগতে অংশগ্ৰহণকাৰী অনুষ্ঠানসমূহক সুকলমে যোগ দিৱস পালন কৰাৰ বাবে আহ্বান জনায় । তদুপৰি যোগ দিৱসৰ স’তে সংগতি ৰাখি জিলা পৰ্যায়ত এখন যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । উক্ত প্ৰতিযোগিতাখন মুঠ চাৰিটা শাখাত ক্ৰমে ১০ বছৰৰ তলৰ, ১০ ৰ পৰা ১৮ বছৰলৈ, ১৮ ৰ পৰা ৩৫ বছৰলৈ আৰু ৩৫ বছৰৰ উৰ্ধৰ প্ৰতিযোগী সকলৰ মাজত অনুষ্ঠিত কৰা হ’ব। উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া যোগ দিৱসত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই অংশগ্ৰহণ কৰিব। সভাত অতিৰিক্ত আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহক এই সংক্ৰান্তত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ।