আন্তঃৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়া কাপ ২০২৪ ত ৰূপৰ আৰু ব্ৰঞ্জপদক অৰ্জন অসমৰ দুই যুৱকৰ

আন্তঃৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়া কাপ ২০২৪ ত ৰূপৰ আৰু ব্ৰঞ্জপদক অৰ্জন অসমৰ দুই যুৱকৰ 

মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা-  পঞ্চম আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া কাপ ২০২৪ দেশ ভগৎ বিশ্ববিদ্যালয় গোবিন্দগড়ত ২৪/১০/২৪ তাৰিখৰ পৰা ২৭/১০/২৪ অক্টোবৰলৈ অনুষ্ঠিত হৈ যোৱা খেলত অসম পুলিচত কৰ্মৰত দুই যুৱকৰ সাফল্য ৷ পঞ্চম আন্তঃৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়া কাপ ২০২৪ ৰ গোবিন্দগড় দেশ ভগৎ বিশ্ববিদ্যালয় পাঞ্জাৱত অনুষ্ঠিত (পৰম্পৰাগত যোগাসন অনুষ্ঠান) ২৪ৰ পৰা ২৮ বছৰ বয়সৰ গোট পুৰুষৰ শাখাত  জুবিন পাও এটা ৰূপৰ পদক আৰু সোমনাথ পাৰাজুলীয়ে এটা ব্ৰঞ্জ পদক অৰ্জন কৰে ৷ দ্বিতীয়তে কলাত্মক একক অনুষ্ঠান ১৮ৰ পৰা ২৮ বছৰ বয়সৰ গোট সোমনাথ পাৰাজুলীয়ে এটা ব্ৰঞ্জৰ পদক লাভ কৰে ৷ কলাত্মক যোৰ যোগাসন অনুষ্ঠান ১৮ৰ পৰা ২৮ বছৰ বয়সৰ গোটত জুবিন পাও আৰু সোমনাথ পাৰাজুলীয়ে ব্ৰঞ্জৰ পদক লাভ কৰে ৷ ছন্দময় যোৰ যোগাসন অনুষ্ঠান ১৮ৰ পৰা ২৮ বছৰ বয়সৰ গোটৰ শাখাত জুবিন পাও আৰু সোমনাথ পাৰাজুলীয়ে এটাকৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰে ৷ উক্ত পদক অৰ্জন কৰা যুৱক দুজনৰ ঠিকনা ক্ৰমে সোমনাথ পাৰাজুলীৰ ঘৰ ধেমাজি আৰু জুবিন পাওৰ ঘৰ তিনিচুকীয়া ৷ উল্লেখ্য যে এই সাফল্যৰ পাছত দুই যুৱকৰ প্ৰশিক্ষক অসীম বৰুৱা যথেষ্ট উৎফুল্লিত হৈছে আৰু আগলৈও তেওঁলোকে পদক অৰ্জন কৰি অসমক গৌৰাৱাম্বিত কৰিব বুলি আশা প্ৰকাশ কৰিছে ৷