আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস – এহিয়া আহমেদ

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস

 এহিয়া আহমেদ
বৰথল কছাৰী গাঁও, মৈৰাবাৰী, মৰিগাঁও

প্ৰতিবছৰে ৮ মাৰ্চ তাৰিখে বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়। এই বিশেষ দিনটো নাৰীসকলৰ অধিকাৰ, গৌৰৱ আৰু সফলতা উদযাপন কৰাৰ লগতে, সমাজত নাৰীসকলে সন্মুখীন হোৱা অসুবিধাসমূহৰ প্ৰতি সচেতনতা বৃদ্ধি কৰিবলৈ উদযাপন কৰা হয়।

ইতিহাস আৰু তাৎপৰ্য

১৯১০ চনত ডেনমাৰ্কৰ কোপেনহেগেনত অনুষ্ঠিত এক আন্তঃৰাষ্ট্ৰীয় সমাজবাদী সম্মিলনত জাৰ্মান ৰাজনৈতিক নেত্ৰী “ক্লাৰা জেটকিনে” প্ৰথমবাৰৰ বাবে নাৰী দিৱস উদযাপনৰ প্ৰস্তাৱ আগবঢ়াইছিল। তাৰ পাছত ১৯১১ চনৰ ১৯ মাৰ্চত প্ৰথমবাৰৰ বাবে অষ্ট্ৰিয়া, ডেনমাৰ্ক, জাৰ্মানি আৰু ছুইজাৰলেণ্ডত এই দিৱস উদযাপন কৰা হৈছিল। পিছলৈ, ৰাষ্ট্ৰসংঘত ১৯৭৭ চনৰ ৮ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে স্বীকৃতি দিয়ে।

উদযাপন আৰু প্ৰাসংগিকতা

নাৰী দিৱস উপলক্ষে পৃথিৱীৰ বিভিন্ন ঠাইত প্ৰতিবাদ, আলোচনা চক্ৰ, সচেতনতা কাৰ্যসূচী, বঁটা বিতৰণ আদি অনুষ্ঠিত কৰা হয়। বিশেষকৈ নাৰীসকলৰ শিক্ষা, স্বাস্থ্যসেৱা, কৰ্মসংস্থান, নেতৃত্ব আৰু সুৰক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি অহা প্ৰগতি মূল্যায়ন কৰা হয়।

আধুনিক যুগত নাৰীয়ে বহুতো ক্ষেত্ৰত অপৰিসীম সফলতা অৰ্জন কৰিছে যদিও, সমাজত এতিয়াও লিংগ বৈষম্য, নিৰ্যাতন, আৰু নাৰীৰ অধিকাৰ হৰণৰ দৰে সমস্যাসমূহ বিদ্যমান। সেইবাবেই, এই দিৱসটোৱে নাৰী-অধিকাৰ আৰু লিংগ সমতাৰ প্ৰয়োজনীয়তা সদৰি কৰে।

নাৰীসকলৰ শক্তি, সাহস আৰু অৱদানক সন্মান জনোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কেৱল এটি দিন নহয়, বৰঞ্চ এই দিনটো এটা আন্দোলন। সমাজৰ সকলো স্তৰত নাৰীক সমান অধিকাৰ আৰু সন্মান প্ৰদান কৰাটোৱেই সঁচা অৰ্থত নাৰী দিৱস উদযাপনৰ উদ্দেশ্য।