” আধ্যাত্মিক অস্তিত্বৰ পৰিচয় “
পৃথিৱীত জ্ঞানৰ অভাৱ নাই, বিজ্ঞানো শিখৰত আছে । কিন্তু আধ্যাত্মিক জ্ঞানৰ অভাৱ । মানুহে ঈশ্বৰক প্ৰাৰ্থনা কৰে যে- আমাক অজ্ঞানতাৰ পৰা জ্ঞানলৈ লৈ যাওক, হে প্ৰভু! আমাক অন্ধকাৰৰ পৰা পোহৰলৈ লৈ যাওক , হে প্ৰভু! আমাক জ্ঞান দিয়ক । এতিয়া প্ৰশ্নটো হ’ল জ্ঞান আৰু বিজ্ঞানৰ বিশাল ভঁৰাল থকাৰ পিছতো আমি ঈশ্বৰৰ পৰা যিটো জ্ঞান বিচাৰো, সেইটো আমি পোৱা নাইনে ? কোনোবাই সঠিককৈ কৈছে যে- সমগ্ৰ বিশ্বৰ জ্ঞান-বিজ্ঞানৰ কিতাপবোৰ যদি জ্বলি উঠে তেন্তে উষ্ণতা বেছি হ’ব কিন্তু পোহৰ কম হ’ব। আজি উষ্ণতা অৰ্থাৎ অহংকাৰ; মানুহে আহৰণ কৰা সামান্য জ্ঞানতকৈও বেছি হৈ পৰিছে, কিন্তু ইমানো পোহৰ হোৱা নাই, অৰ্থাৎ অহংকাৰৰ উষ্ণতা বাঢ়িছে । কিন্তু কেনেকৈ আধ্যাত্মিক জ্ঞানক ব্যৱহাৰত আনিব লাগে, সেই বিষয়ে পোহৰ নাই অৰ্থাৎ আলোচনা কম।
আটাইতকৈ ডাঙৰ অজ্ঞানতা আৰু অভিশাপ হৈছে মানুহৰ অহংকাৰ । অহংকাৰৰ ফলত মানুহৰ মনত বহু ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি হয়, যাৰ ফলত আন্তঃব্যক্তিগত সম্পৰ্কত উত্তেজনা, তিক্ততা আৰু সংঘাতৰ সৃষ্টি হয়। আজি এই অহংকাৰৰ বাবেই বহু পৰিয়াল ভাঙিছে। ডাঙৰ ডাঙৰ ঔদ্যোগিক ক্ষেত্ৰতো এইটো এটা ডাঙৰ সমস্যা যাৰ কোনো সমাধান নাই, ফলত উদ্যোগবোৰ বন্ধ হ’ব ধৰিছে । সেইবাবেই আজিৰ যুগত আধ্যাত্মিক জ্ঞানৰ প্ৰয়োজন।
জ্ঞান মানে বুজা বা বিবেক । আধ্যাত্মিক জ্ঞানে মানুহৰ অহংকাৰক ধ্বংস কৰে। অহংকাৰহীন আৰু নম্ৰ হোৱাৰ লগে লগে প্ৰেম, মৰম আৰু সহযোগিতাৰ শক্তিশালী ভিত্তিত সম্পৰ্কটো মধুৰ হৈ পৰে। আধ্যাত্মিক জ্ঞানে মানৱ জীৱন,পৰিয়াল, পেছাদাৰী আৰু সামাজিক সম্পৰ্কক উচ্চ আৰু বিশ্বাসযোগ্য কৰি তোলে ।
আধ্যাত্মিকতা হ’ল মানৱ জীৱনৰ উত্তৰণৰ এটি স্তৰ৷ আধ্যাত্মিক শক্তি এনে এক কল্যানকাৰী শক্তি যাৰ দ্বাৰা নিজ আত্মাক পৰমাত্মাৰ লগত সংযোগ ঘটাব পাৰে ৷ ই মনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি মনক স্থিৰ অৱস্থালৈ আনিব পাৰে ৷ চমুতে কবলৈ হ’লে আধ্যাত্মিকতা মানে আত্মা সমন্ধীয় জ্ঞান ৷ সুখ, শান্তি, প্ৰেম, আনন্দ, জ্ঞান, শক্তি আৰু পবিত্ৰতা আত্মাৰ মূলগুণ অথবা মূলস্বৰূপ । আধ্যাত্মিকতা কোনো ধৰ্ম নহয় বা পুজা-অৰ্চনা কৰা পদ্ধতি নহয় । আধ্যাত্মিকতা জীৱন-যাপন কৰাৰ সুগম আৰু সহজ পথ । কিন্তু বৰ্তমান সময়ত মানুহে বিশেষকৈ নবপ্ৰজন্ময়ে বহুবাৰ ভাবে যে- আমাৰ জীৱনত আত্মাৰ জ্ঞানৰ প্ৰয়োজন কি? এই আধুনিক জীৱনশৈলীত আধ্যাত্মিকতাৰ কিবা উপযোগিতা আছেনে? কিবা লাভ আছে নেকি? এই জ্ঞানে আমাৰ বৰ্তমানৰ সমস্যাবোৰৰ সমাধান দিব পাৰিবনে?
এটা উদাহৰণৰে আধ্যাত্মিকতাৰ প্ৰয়োজনীয়তাক বুজিবলৈ চেষ্টা কৰোঁ আহক । মানুহৰ কিছু শাৰীৰিক দুৰ্বলতা থাকে, বতৰৰ পৰিৱৰ্তনে মানুহৰ শৰীৰত প্ৰভাৱ পেলায়, আৰু মানুহ এজনে অতি সোনকালেই ঠাণ্ডা বা জ্বৰত আক্ৰান্ত হয়। যদি তেওঁ ডাক্তৰৰ ওচৰলৈ গৈ জ্বৰ কিয় হ’ল বুলি সুধে,তেতিয়া সেই ডাক্তৰে ক’ব যে- ভাইৰাছ হৈ আছে, আৰু তেওঁৰ শৰীৰত ভাইৰাছৰ প্ৰভাব পৰিছে । আকৌ তেওঁ ডাক্তৰক সুধিছে যে তেওঁৰ শৰীৰতে এই ভাইৰাছ কিয় আহিল, পৰিয়ালৰ আন সদস্যৰ শৰীৰত কিয় নহ’ল ? তেতিয়া চিকিৎসকে স্বাভাৱিকতে ক’ব যে তেওঁৰ শাৰীৰিক ৰোগ প্ৰতিৰোধক ক্ষমতা কম, গতিকে এই ভাইৰাছে তেওঁৰ শৰীৰত প্ৰভাৱ পেলাইছে। তাৰ পিছত ডাক্তৰে তেওঁক দুবিধ ঔষধ দিয়ে, এটা এন্টিবায়টিক ভাইৰাছ মাৰিবলৈ আৰু আনটো মাল্টি ভিটামিন শক্তিৰ বাবে। তাৰ পিছত তেওঁক শাৰীৰিক ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰিবলৈ তিনিটা কথাৰ সম্পূৰ্ণ যত্ন ল’বলৈ পৰামৰ্শ দিয়ে,প্ৰথমে, তেওঁ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগিব, যিয়ে শৰীৰক শক্তি প্ৰদান কৰে। দ্বিতীয়তে, তেওঁ ভালদৰে জিৰণি ল’ব লাগিব, যাতে শৰীৰত সতেজতা থাকে । তৃতীয়তে, তেওঁ দৈনিক ব্যায়াম কৰিব লাগিব, যাতে শৰীৰটোৱে শক্তি লাভ কৰে। এই তিনিটা কথাত মনোযোগ দিলে তেওঁৰ শাৰীৰিক ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি পাব আৰু তেওঁ সম্পূৰ্ণৰূপে অতি সোনকালে সুস্থ হৈ উঠিব ।
কিন্তু তথাপিও মানুহে নিজৰ জীৱনত কিছু অসম্পূৰ্ণতা অনুভৱ কৰে, কাৰণ স্বাস্থ্যৰ বাবে সকলো কাম কৰাৰ পিছতো মানসিক চাপ আৰু ভয়ে মানুহৰ জীৱনৰ প্ৰতিটো দিশতে প্ৰভাৱ পেলাইছে। আজি অনকি চিকিৎসকেও ক’বলৈ আৰম্ভ কৰিছে যে ৭০ শতাংশ শাৰীৰিক ৰোগৰ কাৰণ হৈছে মানসিক চাপ। ইয়াৰ বাবেই জীৱনৰ পৰা সুখ নিজেই নোহোৱা হৈ গৈছে। মানুহৰ আন্তঃসম্পৰ্কত ভুল বুজাবুজি বাঢ়িছে, যাৰ বাবে পৰিয়াল আৰু সমাজত থাকিও নিজকে অকলশৰীয়া অনুভৱ কৰে । ব্যৱসায়িক জীৱনত প্ৰতিযোগিতাৰ যুগৰ বাবেই মানুহে হতাশাত ডুব গৈ আছে। বিভিন্ন ধৰণৰ চিন্তায়ে মানুহক ভিতৰৰ পৰা ভাঙি পেলাইছে। সুখ, শান্তি, আনন্দ, প্ৰেম, শক্তি মানুহৰ জীৱনৰ পৰা বহু দূৰলৈ আতৰি গৈছে। সেইবাবে, যেনেকৈ শাৰীৰিক ৰোগ প্ৰতিৰোধক ক্ষমতা হ্ৰাস পালে শাৰীৰিক দুৰ্বলতায়ে দেখা দিয়ে। একেদৰে যেতিয়া এজন ব্যক্তিৰ মানসিক ৰোগ প্ৰতিৰোধক ক্ষমতা কমি যায়, যেতিয়া জীৱনত সামান্য পৰিৱৰ্তন ঘটে বা কোনো পৰিস্থিতি বা সমস্যাৰ বাবে মানুহজন বিচলিত হয়, তেতিয়া তেওঁ নাৰ্ভাছ হৈ পৰে । জীৱনত হতাশা আৰু দুখৰ সন্মুখীন হ’ব লগিয়া হ’য় । এতিয়া মানুহৰ মানসিক ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰিবলৈ কোনো মাল্টি ভিটামিন নাই। মানুহ এজনে বাধ্যতামূলকভাৱে মানি লয় যে এই মানসিক চাপো জীৱনৰ এটা অংশ। শাৰীৰিক দুৰ্বলতা মানি লৈ যেতিয়া এজন ব্যক্তিয়ে কেতিয়াও ৰোগী হ’ব নিবিচৰাত তৎক্ষণাত চিকিৎসালয় লৈ যায়, তেতিয়া এই মানসিক দুৰ্বলতাক কিয় মানি লয় ? সেয়া ভাবিবলগীয়া কথা। তেওঁ চিৰদিন মানসিকভাৱে সুস্থ হৈ থাকিব পাৰে বুলি জাগৰণটো কিয় নাহে তেওঁৰ মনলৈ? ইয়াৰ বাবে মনক শক্তিশালী কৰাটো অতি আবশ্যক, কাৰণ বৰ্তমান সময়ত মানসিক চাপৰ বাবে সমস্যা আৰু অভাৱনীয় পৰিস্থিতিসমূহ ক্ৰমাগতভাৱে বাঢ়ি গৈ আছে। আগন্তুক সময়ত আৰু বৃদ্ধি পাব। এনে সময়ত যদি মন শক্তিশালী নহয় আৰু মনৰ প্ৰতিৰোধক শক্তিও কমি যায়, তেতিয়া মানুহে সেই পৰিস্থিতিৰ বলি হৈ পৰে অৰ্থাৎ তেওঁ বিষণ্ণতাত পৰে । এতিয়া মনক শক্তিশালী কৰাৰ বাবে আধ্যাত্মিক জ্ঞানেই একমাত্ৰ উপায় । কিন্তু আজিৰ মানুহে আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহ তেতিয়াহে হ’ব যেতিয়া তেওঁ নিশ্চিত হ’ব যে- ইয়াৰ ফলত বৃহৎ লাভ হয় । আচলতে আত্মজ্ঞান অৰ্থাৎ আধ্যাত্মিকতাৰ প্ৰকৃত চিনাক্তকৰণৰ প্ৰয়োজন আছে, কাৰণ ইয়াৰ পৰাই মানুহৰ সকলো সমস্যাৰ সমাধান পাব পাৰি।
এই সন্দৰ্ভত ‘মহাভাৰত’ৰ এই খণ্ডটোত দেখা যায় যে- মহাভাৰত যুদ্ধৰ সময়ত অকলশৰীয়াকৈ বহু যুদ্ধত জয়ী হোৱা সাহসী যোদ্ধা অৰ্জুনে হতাশ হৈ কাপুৰুষৰ দৰে অস্ত্ৰ-শস্ত্ৰ এৰি ভগৱানক বাৰে বাৰে অনুৰোধ কৰিছিল যে তেওঁ যুদ্ধ কৰিব নিবিচাৰে। তেতিয়া তেওঁ নিজৰ ক্ষমতাত বিশ্বাস কৰা নাছিল নেকি? যেতিয়া ভগৱান তেওঁৰ লগত আছিল আৰু তেওঁৰ জয় নিশ্চিত আছিল, তেতিয়া তেওঁৰ ভগৱানৰ প্ৰতি বিশ্বাস নাছিল নে? সেই সময়ত ভগৱানে তেওঁক কি জ্ঞান দিছিল যাতে তেওঁ নিজৰ দুখৰ পৰা মুক্ত হৈ যুদ্ধৰ বাবে সাজু হয় ? ভগৱানে প্ৰথমে তেওঁক আধ্যাত্মিক জ্ঞান অৰ্থাৎ আত্মজ্ঞানৰ যোগেদি আত্মনিয়ন্ত্ৰণত প্ৰতিষ্ঠা কৰিছিল আৰু স্ব-ধৰ্মৰ প্ৰৱৰ্তন কৰি, তেওঁক তেওঁৰ অসীম শক্তি প্ৰকাশ কৰাৰ পদ্ধতি কৈছিল, যাতে তেওঁ প্ৰকৃত কৰ্মযোগী হৈ প্ৰতিটো প্ৰত্যাহ্বানৰ সফলতাৰে সন্মুখীন হ’ব পাৰে।
আজি জীৱনটোও এক সংগ্ৰাম, য’ত মানুহে সকলো সময়তে যুঁজিব লগা হয়। মানুহে জীৱনৰ বহু সংগ্ৰাম অতিক্ৰম কৰে, কিন্তু জীৱনৰ বহু প্ৰত্যাহ্বানৰ সন্মুখত মানুহে অৰ্জুনৰ দৰে হতাশ, মানসিক চাপ আৰু হৃদয়হীন হৈ পৰে, যাক আজিৰ যুগত বিষণ্ণতা বুলি কোৱা হয়। অৰ্জুনে ভগৱানৰ ওচৰত কৰা প্ৰাৰ্থনাত বাৰে বাৰে কৈছে যে ‘হে প্ৰভু! এই সংগ্ৰাম কিমান দিনলৈ চলিব?’ এনে দুখৰ মনৰ অৱস্থাৰ সময়ত এই আধ্যাত্মিক জ্ঞান অৰ্থাৎ আত্মজ্ঞানৰে তেওঁৰ মনৰ ভয় আৰু উত্তেজনা আঁতৰাই নিৰ্ভীক আৰু শক্তিশালী কৰি তোলে । অৰ্জুনৰ দৰেই দ্বিধাদ্বন্দ্বত আবদ্ধ হৈ পৰা মানুহ এজনো ‘কি কৰিব, কি নকৰিব’ৰ আৱৰণত পৰে।
ভগৱানে দিয়া আধ্যাত্মিক জ্ঞান অৰ্জুনৰ বাবে যিমানেই উপযোগী আছিল, আজিৰ মানসিক চাপত থকা মানৱ জাতিৰ বাবেও সিমানেই উপযোগী। আধ্যাত্মিক জ্ঞানৰ যোগেদি মানুহে নিজৰ আত্মশক্তি চিনাক্ত কৰি নিজৰ মনটোক মানসিক চাপ আৰু ভয়ৰ পৰা মুক্ত কৰিব পাৰে আৰু তাক ব্যৱহাৰ কৰি বহু ধৰণৰ সমস্যা সমাধান কৰিব পাৰে। জীৱনত নতুন আশাৰ ৰশ্মিৰে উদ্যম আৰু উৎসাহেৰে জীৱনক এক ইতিবাচক দিশ দিব পাৰে। আধ্যাত্মিক জ্ঞানৰ সহায়ত নিজৰ অন্তৰ্নিহিত শক্তিসমূহ প্ৰকাশ কৰি আত্মবিশ্বাসেৰে প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে ।
‘সকলো ধৰ্মৰ সাৰমৰ্ম আধ্যাত্মিকতা’ :-
মানুহে বহুবাৰ ধৰ্ম আৰু আধ্যাত্মিকতাক একে বুলি ভাবে,যাৰ ফলত আধ্যাত্মিকতাৰ প্ৰতি মানুহৰ দৃষ্টিকোণ সলনি হৈ যায় । দৰাচলতে আধ্যাত্মিকতা সকলো ধৰ্মৰ সাৰমৰ্ম । আধ্যাত্মিকতা সকলো ধৰ্মৰ উচ্চত । মানৱ জীৱনত প্ৰেম, শান্তি, ঐক্য, সদিচ্ছা, মিলন, ভাতৃত্ববোধ আদি গুণৰ বীজ সিঁচিবলৈ পৃথিৱীত ধৰ্মসমূহৰ প্ৰতিষ্ঠা হৈছিল । গৌতম বুদ্ধই বৌদ্ধ ধৰ্মৰ যোগেদি কৰুণাৰ প্ৰচাৰ কৰিছিল, মহাবীৰ স্বামীয়ে জৈন ধৰ্মৰ যোগেদি অহিংসাৰ প্ৰচাৰ কৰিছিল, যিচু খ্ৰীষ্টই খ্ৰীষ্টান ধৰ্মৰ জৰিয়তে প্ৰেম আৰু সেৱাৰ প্ৰচাৰ কৰিছিল, সনাতন ধৰ্মই পবিত্ৰতা আৰু সৎকৰ্মৰ প্ৰচাৰ কৰিছিল, মুছলমান ধৰ্মই আল্লাহৰ সকলো সেৱকৰ মাজত ঐক্য আৰু সম্প্ৰীতিৰ প্ৰচাৰ কৰিছিল ।
সকলো ধৰ্মৰ মূল ভিত্তি হৈছে কিছুমান জীৱন-মূল্য । প্ৰতিষ্ঠাৰ সময়ত সকলো ধৰ্মই সতোপ্ৰধান অৱস্থাত আছিল, সেইবোৰ মানৱতাৰ বাবে উপকাৰী আছিল, কিন্তু সময়ৰ লগে লগে যেতিয়া ধৰ্মসমূহৰ ৰূপ তামোপ্ৰধান হৈ পৰিল, বিকৃত হৈ পৰিল, তেতিয়া সিহঁতে মৌলিক মূল্যবোধৰ পৰা আঁতৰি আহিল । এনে দুষ্কৰ্মৰ আঁৰৰ উদ্দেশ্য ধন, পদবী, স্বীকৃতি ইত্যাদিৰ স্বাৰ্থপৰতা হ’লেও অধিকাংশ কাজিয়া, হত্যা, হিংসা আৰু যুদ্ধ ধৰ্মৰ নামত সংঘটিত হোৱাটো ইতিহাসত সাক্ষী। মানুহে উচিত-অনুচিত বুজি নাপায়, যিকোনো অজুহাতত কাকো হত্যা কৰিবলৈ সাজু হয় ।
আজিৰ এনে পৰিস্থিতি দেখি ধৰ্মসমূহৰ সত্যতা আৰু কল্যাণকামী স্বৰূপৰ ওপৰত এক প্ৰশ্নবোধক চিহ্ন স্থাপন হয় । ধৰ্মৰ এই বিপদজনক, অতি সংবেদনশীল আৰু কৃত্ৰিম ৰূপ দেখি শিক্ষিত, বুদ্ধিমান লোকসকলৰ ধৰ্মৰ ওপৰত বিশ্বাস নাইকিয়া হৈ গৈ আছে, ফলত নাস্তিক হোৱাৰ পিনে আগৱাঢ়িছে।
ধৰ্মনিৰপেক্ষতাবাদৰ আৱৰণত, ঈশ্বৰ আৰু ধৰ্মৰ বিষয়ে অজ্ঞাত হৈ, ধূৰ্ত, স্বাৰ্থপৰ লোকসকলে হিংসাত্মক কাৰ্য্যত ঈশ্বৰপ্ৰেমি বা ভক্ত সকলোৰ আৱেগক অপব্যৱহাৰ কৰিছে। ভ্ৰম আৰু স্বাৰ্থপৰতাই ধৰ্মসমূহৰ ঐশ্বৰিকতা ধ্বংস কৰি পেলাইছে । ইয়াৰ সমাধান হ’ল আধ্যাত্মিকতা যিটো সকলো ধৰ্মৰ সাৰমৰ্ম। ই আমাক শাৰীৰিক পাৰ্থক্যৰ পৰা ওপৰলৈ লৈ যায়, প্ৰকৃত আধ্যাত্মিক পৰিচয়ৰ সৈতে মূল গুণবোৰলৈ ঘূৰাই আনে। যেনেকৈ সূৰ্য্য এক, যিয়ে বৈষম্যহীনভাৱে সকলোকে সূৰ্য্যৰ পোহৰ দিয়ে, একেদৰে সকলো আত্মাৰ প্ৰেমময় পিত, জগতৰ নিয়মৰ সৃষ্টিকৰ্তা, জীৱনৰ সকলো গুণ আৰু মূল্যবোধৰ উৎস; ‘ঈশ্বৰ এক’। তেওঁক সকলো ধৰ্মীয়গুৰুয়ে ভগৱান, আল্লাহ, খুদা, ৱাহেগুৰু, ইশ্বৰ আদি নামেৰে মাতি আঙুলিৰে ওপৰলৈ আঙুলিয়াই তেওঁক স্মৰণ কৰিবলৈ বাৰ্তা দি গৈছে । কোৰাণ, বাইবেল, গীতা, গুৰুগ্ৰন্থ চাহিব আদি শাস্ত্ৰই এক ঈশ্বৰৰ জ্ঞান প্ৰকাশ কৰিছে, সকলো দেৱতাইও এক নিৰাকাৰ জ্যোতিস্বৰূপ ঈশ্বৰ বা ভগৱান বা পৰমপিতা পৰমাত্মাক স্মৰণ কৰে ।
‘ভাৰতৰ আধ্যাত্মিক বিশেষত্ব’ :-
ভাৰত আধ্যাত্মিকতাৰ আদিম স্থান, ভাৰত ভূমিক আধ্যাত্মিকতাৰ মাতৃ বুলি কোৱা হয়, কাৰণ আধ্যাত্মিকতাৰ মূল উৎস ভাৰত, পৰমপিতা পৰমাত্মা অৱতাৰ ভূমি ভাৰত । ভাৰতত শিশুৰ পৰা প্ৰাপ্তবয়স্কৰ সকলো মানুহৰ মনত আধ্যাত্মিকতা বাস কৰে । কেৱল মানুহে নহয় জীৱ-জন্তু, চৰাই-চিৰিকটি আৰু প্ৰকৃতিয়েও আধ্যাত্মিকতাৰ সুগন্ধ বিয়পায় । ভাৰতৰ জাতীয় চৰাই ময়ুৰ, জাতীয় ফুল পদুম ফুল আদি সকলো আধ্যাত্মিকতাৰ সুগন্ধিৰে সুগন্ধিত ।
আধ্যাত্মিকতাৰ মূলতে হৈছে আত্মা । ভাৰতৰ প্ৰায় সকলো মানুহেই আত্মাৰ অস্তিত্বত বিশ্বাস কৰে আৰু আত্মকল্যাণৰ বাবে প্ৰচেষ্টা চলায়। আত্মাৰ কল্যাণৰ বাবে সকলো মনুষ্যই পৰমাত্মাক স্মৰণ কৰে। অন্য দেশৰ মানুহেও ভাৰতৰ আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষিত হয়। আনকি ভাৰতৰ বহুতো মহান আত্মা যেনে স্বামী বিবেকানন্দ, স্বামী ৰামতীৰ্থ আদিয়ে ভাৰতৰ আধ্যাত্মিকতাৰ বাৰ্তা দিবলৈ বিদেশলৈ গৈ ভাৰতৰ আধ্যাত্মিকতাৰ নাম আলোকিত কৰিছিল, যদিও তেওঁলোকৰ আত্মাৰ অস্তিত্বৰ সঠিক জ্ঞান নাছিল, কিন্তু তথাপিও আত্মাৰ অস্তিত্বৰ ওপৰত পূৰ্ণ বিশ্বাস আৰু অনুভূতি আছিল, যাৰ ফলত তেওঁলোকে বিদেশত গৈ ভাৰতৰ আধ্যাত্মিকতা গ্ৰহণ কৰাবলৈ সক্ষম হৈছিল। এনে এখন ভূমিত আমি জন্ম লৈছো য’ত আধ্যাত্মিকতাৰ ৰহস্যৰ বিষয়ে ভগৱানে আমাক সচেতন কৰি তোলে,এয়া আমাৰ মহান সৌভাগ্যৰ কথা।
ভাৰতৰ এই ভূমি সেই ঋষি ভূমি, য’ত অসংখ্য ঋষিসকলে তপস্যা কৰি নিজৰ তপস্যাৰ প্ৰকম্পন সমস্ত জগতত বিয়পাইছিল, যি জগতৰ সকলো মনুষ্যৰ জীৱনৰ আধাৰ হৈ পৰিছে । তেওঁলোকৰ সেই প্ৰকম্পনবোৰ আজিও অনুভব কৰা যায় । ভাৰতৰ পৰাই বিদেশত আধ্যাত্মিক বিশ্বাসৰ প্ৰচাৰ হৈছিল। বিদেশত ভাৰতৰ আধ্যাত্মিকতাৰ প্ৰচাৰত স্বামী বিবেকানন্দই আমেৰিকাত প্ৰথম ভাষণত জনসাধাৰণক ভাই-ভনী হিচাপে সম্বোধন কৰিছিল । সেয়াই ভাৰতৰ আধ্যাত্মিক সমৃদ্ধিৰ প্ৰভাৱ, আধ্যাত্মিক মনোভাৱৰ প্ৰভাৱ, আধ্যাত্মিক শক্তিৰ প্ৰভাৱ, যিটো আমেৰিকাৰ জনসাধাৰণেও তেওঁলোকৰ নিজৰ মাজতেই ভাই-ভনীৰ দৃষ্টি জাগ্ৰত হৈছিল আৰু সকলৰে প্ৰতি থকা প্ৰেমৰ অনুভূতি জাগ্ৰত হৈছিল। আমি যদি কোনো ধৰ্মীয় শাস্ত্ৰলৈ চাওঁ বা কোনো ধৰ্মপিতাই আত্মা, পৰমাত্মা,সৃষ্টি চক্ৰ, ত্ৰিলোক আদিৰ বিষয়ে কোনো স্পষ্ট জ্ঞান দিয়া নাই। প্ৰায় সকলো ধৰ্মপিতাই ভাল গুণ আৰু বিশ্বাসৰ জ্ঞান দিছে। প্ৰতিজন ধৰ্মপিতাৰ মাজত আধ্যাত্মিক গুণ প্ৰধান আছিল। পৰমপিতা পৰমাত্মাই হৈছে সকলো আধ্যাত্মিক গুণ আৰু শক্তিৰ সাগৰ।
গীতাক আধ্যাত্মিকতাৰ মূল শাস্ত্ৰ বুলি গণ্য কৰা হয়, যিটো পৃথিৱীৰ প্ৰায় সকলো ভাষালৈ অনুবাদ কৰা হৈছে। গীতাৰ প্ৰকৃত জ্ঞান কল্পৰ অন্তত ব্ৰহ্মাৰ মুখৰ দ্বাৰা জ্ঞানৰ সাগৰ পৰমপিতা পৰমাত্মাই বৰ্ণনা কৰিছিল, কিন্তু সেই সময়ত দিয়া জ্ঞান সাধাৰণতে যুগ পৰিবৰ্তনৰ পিছত নাইকিয়া হৈ গৈছিল । দ্বাপৰ যুগত মানুহে যেতিয়া অশান্তিৰ অনুভৱ কৰিবলৈ আৰম্ভ কৰে, তেতিয়া ভক্তি আদি আৰম্ভ হয়, তেতিয়া কল্পৰ অন্তত শুনা জ্ঞানৰ ভিত্তিত সেই মহান ঋষি-মুনি সকলোৰ মনত কিছুমান স্মৃতিৰ উদ্ভৱ হয় আৰু তাৰ আধাৰত বৰ্তমানৰ গীতা ৰচনা কৰা হৈছিল। কল্পৰ অন্তত ভগৱানে বর্ণনা কৰা আধ্যাত্মিক জ্ঞানৰ যোগেদি বিশেষকৈ ভাৰত আৰু সমগ্র বিশ্বই স্বর্গ আছিল, সেই জ্ঞান এই জনপ্রিয় গীতাত মাত্র আংশিকভাৱে বৰ্ণনা কৰা হৈছে । এই সৃষ্টিৰ ওপৰত সত্য ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ ঈশ্বৰে কেৱল ভাৰততহে অৱতাৰ গ্ৰহণ কৰে আৰু এই সত্য প্ৰমাণিত কৰে । গীতা, ৰামায়ণ, মহাভাৰতৰ বহু ঠাইত এই বিশ্ব-নাটকৰ পুনৰাবৃত্তিৰ তত্ত্বও নিশ্চিত হৈছে। শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে মই এই জ্ঞান তোমাক আগতেও দিছিলো আৰু আজি পুনৰ দি আছোঁ। আধ্যাত্মিক জ্ঞান অৰ্থাৎ আত্মা, পৰমাত্মা আৰু এই সংসাৰ নাটকৰ সত্য জ্ঞান এতিয়া পৰমাত্মাই প্ৰদান কৰি আছে। আধ্যাত্মিকতাৰ এই সত্য কথাবোৰৰ বিষয়ে আন কোনো ধৰ্মপিতা বা আন কোনো ধৰ্মীয় শাস্ত্ৰই বৰ্ণনা কৰা নাই আৰু কেনেকৈ কৰিব পাৰে!কাৰণ ঈশ্বৰেই জ্ঞানৰ সাগৰ আৰু তেয়েই এই জগতৰ বীজৰূপ, কেৱল যেতিয়া তেওঁ এই জগতলৈ আহে, তেতিয়াহে তেওঁ প্ৰকৃত আধ্যাত্মিক জ্ঞান প্ৰদান কৰি আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰে আৰু এই জ্ঞান কেৱল সেই ধৰ্ম-বংশৰ মনুষ্যকহে দিয়ে। গতিকে এই জ্ঞান সেই মহান আত্মাবোৰৰ মাজত সূক্ষ্ম ৰূপত অন্তৰ্নিহিত হৈ আছিল আৰু সেই সূক্ষ্ম স্মৃতিৰ বাবেই, ভক্তিৰ পথত থকা সেই মহান ঋষি-মুনি সকলোৰ মনত এই জ্ঞান স্মৃতিৰ ভিত্তিত জাগ্ৰত হয়, অৰ্থাৎ ই উদয় হয়।
ভাৰতত আত্মকল্যাণৰ বাবে যোগৰ বিষয়ে বহুতো বৰ্ণনা আছে। তাৰ ভিতৰত মহৰ্ষি পতঞ্জলিৰ – পতঞ্জলি যোগ দৰ্শন, কপিল মুনিৰ – সাংখ্য দৰ্শন, বিবেকানন্দৰ – কৰ্মযোগ, জ্ঞান যোগ, তত্ব দৰ্শন আদি বহুতো যোগৰ শাস্ত্ৰ আছে । সমগ্ৰ বিশ্বই ভাৰতৰ প্ৰাচীন যোগৰ বিশেষ গৌৰৱ কৰে আৰু তাক শিকিবলৈ, জানিবলৈ সদিচ্ছা প্ৰকাশ কৰে, ভাৰতৰ প্ৰাচীন ৰাজযোগ শিকিবলৈ বহিঃৰাজ্যৰ পৰা মানুহ ভাৰতলৈ আহে। যদিও তেওঁলোকে প্ৰকৃত সত্য নাজানে আৰু ভাৰতৰ জনসাধাৰণো প্ৰকৃত সত্যৰ বিষয়ে অজ্ঞাত। ঈশ্বৰেহে যোগৰ সঠিক জ্ঞান দিয়ে আৰু সত্য ৰাজযোগৰ শিক্ষা দি আত্মাক শুদ্ধ কৰি আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰে। যোগৰ এই জ্ঞান ভাৰতৰ পৰা সকলো দেশলৈ যায় আৰু সকলো মনুষ্য আত্মাই নিজৰ সময় আৰু অৱস্থা অনুযায়ী এই জ্ঞান লাভ কৰে।
ভক্তি দৰ্শনৰ বহুতো শাস্ত্ৰ আছে। য’ত ভক্তি পথৰ বহুতো ৰীতি-নীতি বৰ্ণনা কৰা হৈছে। যাৰ বিষয়ে ঈশ্বৰে কৈছে যে তেওঁলোকৰ মাজত কোনো আধ্যাত্মিক জ্ঞান নাই, কিন্তু মনুষ্যই ইয়াক আধ্যাত্মিকতা বুলি গণ্য কৰে আৰু সেইবোৰত অন্ধভাৱে বিশ্বাস কৰে, তেওঁলোকৰ জীৱনত মুক্তিৰ আশা ৰাখে ।
এনেদৰে আমি দেখিবলৈ পাওঁ যে ভাৰতত যেনেকৈ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ বীজ অংকুৰিত হয়, ঠিক তেনেদৰে ভাৰততে আধ্যাত্মিকতাৰ বীজ গজি উঠে, যি গছ হৈ সমগ্ৰ বিশ্বক ছাঁ আৰু ফল প্ৰদান কৰে। সেই জ্ঞান সূৰ্য্যৰ পোহৰৰ দৰে সমগ্ৰ বিশ্বক আলোকিত কৰে। মূলতঃ প্ৰকৃত আধ্যাত্মিক জ্ঞান, আত্মাৰ জ্ঞান, সৃষ্টি চক্ৰৰ আদি,মধ্য আৰু অন্তৰ জ্ঞান; পৰমপিতা পৰমাত্মাই অৱতৰিত হৈ প্ৰকাশ কৰি আছে ।
গতিকে,পৰমপিতা পৰমাত্মাই সৃষ্টিৰ মহাপৰিবৰ্তনৰ সময়ত, অৰ্থাৎ কলিযুগৰ অন্ত আৰু সত্যযুগৰ আৰম্ভনিত অৰ্থাৎ বৰ্তমান সংগম যুগত অৱতৰণ কৰে, শৰীৰৰ সকলো ধৰ্মৰ পৰা অৰ্থাৎ দুখ-কষ্ট, অশান্তিৰ যি কাৰণ সেইবোৰৰ পৰিচয়ৰ পৰা আঁতৰাই আনে, আৰু আধ্যাত্মিক জ্ঞানৰ জৰিয়তে সত্যৰ সৈতে পৰিচয় কৰাই আত্মাৰ আদি গুণলৈ ঘূৰাই আনে । পৰমপিতা পৰমাত্মাই প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয়া বিশ্ব বিদ্যালয়ৰ জড়িয়তে আধ্যাত্মিক জ্ঞান প্ৰদান কৰি সকলোৰে মাজত দিব্যগুণ ৰোপণ কৰি বসুধৈৱ কুটুম্বকমৰ ভাবৰে শান্তিপূৰ্ণ সহাৱস্থান প্ৰতিষ্ঠা কৰি আছে । আধ্যাত্মিক জ্ঞানৰ যোগেদি ধৰ্মীয় বৈষম্য, সংঘাত ইত্যাদি পৰিহাৰ কৰি প্ৰেম, একতা আদিৰ গুণ বিকশিত কৰি, পৰমপিতা পৰমাত্মায়ে প্ৰদান কৰা আধ্যাত্মিক জ্ঞানৰ প্ৰকাশেৰে সত্য ধৰ্ম স্থাপন কৰি, আমি আমাৰ এই মানৱ জীৱন অতি আনন্দময়ৰে পৰমাত্মাৰ সান্নিধ্যত অতিবাহিত কৰোঁ আহক ।
– ব্ৰহ্মাকুমাৰ আকাশ সাহা
সৰভোগ,বৰপেটা জিলা