আধুনিক ভাৰতৰ স্বপ্নদ্রষ্টা ৰতন টাটা – কবিতা শর্মা

আধুনিক ভাৰতৰ স্বপ্নদ্রষ্টা ৰতন টাটা

কবিতা শর্মা, গুৱাহাটী

পৃথিৱীৰ বুকুলৈ সময়ে সময়ে এনে কিছু ব্যক্তিৰ আগমন ঘটে যাৰ চিৰ প্ৰস্থানে সমাজৰ প্ৰতিটো স্তৰৰ মানুহকে মর্মাহত কৰি যায়। ভাৰতৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটা আছিল তেনে এজন যুগান্তকাৰী পুৰুষ। ৰতন টাটা কেবলমাত্ৰ দেশৰ এজন দিগ্গজ উদ্যোগপতি বা সফল ব্যৱসায়ী হিচাপেই নহয়, তেওঁৰ সততা, সৰলতা, উদাৰতা আৰু মানবীয়তাপূর্ণ ব্যক্তিত্বৰ বাবে কৌটি – কৌটি ভাৰতবাসীৰ হৃদয়ত স্থান পাইছে।

নানান বৈচিত্র্যতাৰে পূৰ্ণ আছিল এই কিংৱদন্তী পুৰুষজনৰ জীৱন কাহিনী। বহুতো উত্থান-পতনৰ মাজেৰে পৰিপূৰ্ণ আছিল তেওঁৰ জীৱন যাত্ৰা। তেওঁৰ সম্পূৰ্ণ নাম হ’ল ৰতন নৱাল টাটা। জন্ম হৈছিল ১৯৩৭ চনৰ ২৮ ডিচেম্বৰত মুম্বাইৰ এটা পাৰ্চী পৰিয়ালত। তেওঁ আছিল জামছেদজী টাটাৰ নাতি আৰু নৱাল টাটাৰ পুত্ৰ। দহ বছৰ বয়সতে দেউতাক – মাকৰ বিচ্ছেদ হোৱাৰ বাবে আইতাক নভজ্যোত টাটাই তেওঁক ডাঙৰ-দীঘল কৰিছিল। শৈশৱৰ এই পাৰিবাৰিক প্ৰতিবন্ধকতাৰ মুখামুখি হব লগীয়া পৰিস্থিতিয়েই হয়তো তেওঁক ধীৰ স্থিৰ হবলৈ আৰু পাৰিবাৰিক মূল্যবোধৰ গভীৰতা সম্পৰ্কে উপলব্ধি কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল । তেওঁৰ প্ৰাৰম্ভিক শিক্ষা মুম্বাইৰ চেন্ট জেভিয়াৰ্ছ স্কুলৰ পৰা কৰিছিল। ইয়াৰ পাছত আমেৰিকাৰ কর্ণেল ইউনিভাৰ্চিটি অৱ আর্কিটেকছাৰৰ পৰা আর্কিটেকছাৰত স্নাতক ডিগ্রী লাভ কৰে। যদিও তেওঁ স্থাপত্য শিল্পত নিজৰ কেৰিয়াৰ গঢ়িব বিচাৰিছিল, কিন্তু পাৰিবাৰিক ব্যৱসায়িক ঐতিহ্যৰ কথা চিন্তা কৰি তেওঁ ব্যৱসায়তে মনোনিৱেশ কৰিলে। ১৯৭৫ চনত তেওঁ হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এডভান্স মেনেজমেন্ট প্রোগ্রাম শেষ কৰে। ১৯৬১ বৰ্ষত তেওঁ টাটা ষ্টিলত এজন প্লাষ্টাৰাৰ হিচাপে কাম আৰম্ভ কৰে। এই কামৰ মাধ্যমেৰে তেওঁ টাটাৰ ব্যৱসায়িক ক্ষেত্ৰত গভীৰ জ্ঞান অর্জন কৰে। ১৯৯১ চনত জে.আৰ.ডি টাটাৰ অৱসৰৰ পাছত তেওঁ টাটা গ্রুপত অধ্যক্ষ হিচাপে নিযুক্তি লয়। টাটা গ্রুপত ৰতন টাটাৰ শেহতীয়া পদবী আছিল ব্যৱসায়িক সাম্ৰাজ্যৰ অধ্যক্ষ। তেওঁ ১৯৯১ চনৰ পৰা ২০১২চনলৈ টাটা গ্ৰুপৰ অধ্যক্ষ আছিল আৰু ২০১৬ চনৰ পৰা ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহলৈ অন্তৱৰ্তীকালীন অধ্যক্ষ হিচাপেও দায়িত্ব পালন কৰিছিল। কেৱল মাত্ৰ তেওঁৰ ব্যৱসায়িক দক্ষতা আৰু কঠোৰ পৰিশ্ৰমৰ যোগেৰে এটা সময়ত লোকচানৰ মুখামুখি হব লগীয়া টাটা গোষ্ঠীয়ে লাভৰ মুখ দেখিছিল। ৰতন টাটাই তেওঁৰ পাৰিবাৰিক ব্যৱসায়ক আন্তর্জাতিক পৰিমণ্ডলত সুপ্রতিষ্ঠিত কৰিলে। একাধিক ব্যৱসায়িক প্ৰত্যাহ্বান আৰু ব্যৰ্থতাৰ পাছতো তেওঁ টাটা গ্রুপক এনে এক পর্যায়লৈ লৈ যায় যে টাটা মটর্চ, টাটা ষ্টীল, টাটা কনচাল্টেন্সী চাৰ্ভিছেচৰ দৰে বিয়াগোম কম্পেনী বিলাকে আন্তর্জাতিক খ্যাতি লাভ কৰিবলৈ সক্ষম হয়। উন্নতিৰ শীৰ্ষত আৰোহন কৰিও কঠোৰ পৰিশ্ৰম আৰু বাস্তৱতাৰ পৰা তেওঁ নিজকে কেতিয়াও আতৰাই অনা নাছিল । ক্রমাগত নিজকে বেছি দক্ষ আৰু অভিজ্ঞ কৰিহে তুলিছিল। তেওঁ এনে এটা সময়ত টাটা শিল্পগোষ্ঠীৰ পুনৰগঠন আৰম্ভ কৰিছিল যেতিয়া ৰাষ্ট্ৰ হিচাপে ভাৰতে অৰ্থনৈতিক উদাৰী কৰণৰ পথত খোজ দিছিল। তেওঁৰ হাত ধৰিয়েই টাটা শিল্পগোষ্ঠীৰ প্ৰবৃদ্ধি অর্জিত হৈছে। বিশ্বায়নৰ গতিধাৰাক কামত লগাইছিল তেওঁ। নতুন শতিকাৰ আৰম্ভনিৰ পৰাই টাটা গোষ্ঠীয়ে ডাঙৰ অধিগ্রহণ প্রক্রিয়া আৰম্ভ কৰিছিল। ইয়াৰ মাজত ৪৩ কোটি ১৩লাখ ডলাৰত টেটলি, ১ হাজাৰ ১৩০ কোটি ডলাৰত কোৰাস, ২৩০ কোটি ডলাৰত জাগুৱাৰ ল্যাণ্ডৰোভাৰ, বাৰ্ণাৰমণ্ড, জেনেৰেল কেমিকেল ইণ্ডাষ্ট্রিয়েল প্রোডাক্টচ্ আৰু ১০ কোটি ২০ লাখ ডলাৰত দাইয়ু অধিগ্ৰহণৰ দৰে ঘটনাও আছে। এটা পর্যায়ত ৰতন টাটাই এয়াৰ ইণ্ডিয়া কিনি লয়। ধীৰে ধীৰে পৰিধি বাঢ়ি গৈ টাটা শিল্পগোষ্ঠীৰ ব্যৱসায় শতাধিক দেশলৈ বিয়পি পৰে । তেওঁ বিশ্বজুৰি হোটেল, ৰাসায়নিক প্ৰতিষ্ঠান, যোগাযোগ নেটৱৰ্ক ব্যৱসায় বঢ়াই তোলে। মুঠতে ভাৰতৰ যি প্রান্ততে নাযাওঁ কিয় যিটো ব্র্যাণ্ড সকলোতে চকুত পৰিব সেয়া হ’ল টাটা ব্র্যাণ্ড। ভাৰতবৰ্ষ জুৰি এনে এজন লোক হয়তো বিচাৰি পোৱা নাযাব, যিজনে টাটাৰ কোনো সামগ্রী বা টাটাৰ সেৱা গ্ৰহণ কৰা নাই। লোণৰ পৰা ইস্পাত, উৰাজাহাজ লৈ সকলো। টাটা কোম্পানীৰ বাচ, ট্রাক বা যিকোনো যানবাহন নেদেখাকৈ আপুনি হয়তো ৰাস্তা পাৰ হব নোৱাৰিব। মুঠতে ভাৰতীয় শিল্পত তাৎপর্যপূর্ণ বিকাশ ঘটাই টাটাক বৈশ্বিক ব্যৱসায়িক প্ৰতিষ্ঠানলৈ ৰূপান্তৰৰ কৃতিত্ব ৰতন টাটাৰ। এই যাত্ৰা কিন্তু ইমান সহজ নাছিল। নানা প্রতিকুলতা নেওচি ‘ টাটা গোষ্ঠী’ক আগুৱাই নিয়াত তেওঁ বিস্তৰ সাহস দেখুৱাইছিল। মূলত এই উদ্যোগক পূৰ্বপুৰুষৰ হেৰোৱা সন্মান ঘূৰাই অনাৰ এক প্রচেষ্টা বুলি কব পৰাৰ লগতে সমগ্র দেশখনকে পৃথিৱীৰ ভিতৰতে এখন লেখত লব লগীয়া আগশাৰীৰ দেশলৈ ৰূপান্তৰ কৰাৰ তেওঁৰ সপোনো নিহিত হৈ আছিল।

সচৰাচৰ সফলতাৰ যি অৰ্থ, অৰ্থাত নাম-যশ, টকা-পইচা, সা-সম্পত্তি সেই সকলোবোৰেই ৰতন টাটাৰ আছিল। নিজৰ পৰিয়ালৰ প্ৰতি তেওঁ বৰ সমর্পিত আছিল যদিও ব্যক্তিগত জীৱনত তেওঁ নিঃসংগ আছিল। চাৰিবাৰকৈ বিবাহৰ নিচেই ওচৰ চাপিও বিভিন্ন কাৰণত সেয়া হৈ নুঠিল। সেই কথাও তেওঁ মুকলিকৈ স্বীকাৰ কৰিছিল। তেওঁ পোহনীয়া কুকুৰৰ লগত সময় কটাই আনন্দ লভিছিল।

১৪০ কৌটিতকৈ অধিক জনবহুল দেশ ভাৰত বৰ্ষত ৰতন টাটাতকৈ বেছি সন্মান আৰু ভালপোৱা কোনো শিল্পপতিৰ ভাগ্যতে হোৱা নাছিল। কি আছিল তেওঁৰ এই জনপ্ৰিয়তাৰ কাৰণ ? ইয়াৰ একমাত্ৰ কাৰণ হ’ল ব্যৱসায়িক দক্ষতাৰ উপৰিও তেওঁৰ আছিল অসাধাৰণ মানৱীয় গুণ। তেওঁ আছিল এনে এজন ব্যক্তি যি সমাজ খনৰ পৰিৱৰ্তন আৰু উন্নীতকৰণৰ কথা চিন্তা কৰিছিল। তেওঁ কৈছিল ব্যৱসায়ৰ অৰ্থ কেৱল ব্যক্তিগত লাভালাভ অর্জন কৰাই নহয়, বৰঞ্চ সমাজখনৰ ওপৰতো এই লাভৰ প্ৰভাৱ পেলোৱা ইয়াৰ অন্যতম কাৰণ হোৱা উচিত। ৰতন টাটাৰ হাত ধৰি আগুৱাই যোৱা “ টাটা ট্রাস্ট ” ভাৰতৰ অন্যতম বিশাল দাতব্য প্রতিষ্ঠানৰ এটা। প্রযুক্তিকে কেন্দ্র কৰি শিক্ষাৰ্থীসকলক বৃত্তি দিয়া, স্বাস্থ্যসেৱা, গ্রামীন উন্নয়নৰ লগতে সাধাৰণ ভাবে জীৱন যাপনত সহায়তা কৰা আদি সামাজিক কামত তেওঁ সদায়েই জড়িত আছিল। ইণ্ডিয়ান ইন্সটিউট সহ বিভিন্ন শিক্ষা অনুষ্ঠানত অনুদান দিছিল। ৫০ টাৰো অধিক ষ্টার্ট আপৰো পৃষ্ঠপোষকতা কৰিছিল। আনৰ সপোন মুকলিকৈ সমর্থন কৰা আৰু সেই সপোন সাকাৰ কৰাৰ বাবে সহযোগ কৰা তেওঁৰ উৎকৃষ্ট গুণ সমূহৰ অন্যতম। সেয়েহে বর্তমান সময়ত ভাৰতৰ ষ্টার্ট আপৰ মাৰ্গদৰ্শন কৰোৱা আৰু ভবিষ্যতৰ সম্ভাৱনাৰে ভৰা উদ্যমত নিৱেশ কৰাৰ বাবে তেওঁ বিখ্যাত হৈ পৰিছিল। তেওঁ যুৱা এন্টাৰপ্ৰেনিৱৰ সকলৰ আশা আকাংক্ষা বুজি পাইছিল, সমৰ্থন কৰিছিল আৰু সেয়া বিকশিত হোৱাত সহায় কৰিছিল। দেশৰ প্ৰতিটো দুৰ্যোগৰ সময়ত সকলোৰে লগত ঠিয় দিছিল। কৰোনা মহামাৰীৰ সময়ত ৫০০ কৌটি টকাৰ অনুদান তেওঁ আগবঢ়াইছিল। মুম্বাইৰ প্ৰাণঘাটী ২৬/১১ আক্ৰমণৰ পাছত তেওঁ “ তাজ পাব্লিক সাৰ্ভিচ ওয়েলফেয়াৰ ষ্ট্ৰাস্ট” নামেৰে এটা তহবিল গঠন কৰিছিল। আক্ৰমনৰ ঘটনাত ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্য সকলৰ পুণর্বাসনেৰ বাবে ব্যয় কৰিছিল। কুকুৰ তেওঁৰ বৰ প্ৰিয় আছিল। টাটা সন্সৰ বৈশ্বিক সদৰ দপ্তৰ ত যি “বোম্বে হাউচ “নামেৰে পৰিচিত ৰাস্তাৰ কুকুৰক আশ্ৰয় দিয়াৰ ব্যৱস্থা কৰিছিল। কুকুৰ বোৰৰ খবৰ ৰাখিছিল। এবাৰ তেওঁ এক বৰষুণৰ দিনত একেটা পৰিয়ালৰ চাৰিজন সদস্য এখন মোটৰ বাইকত মুম্বাইৰ বাটত ভিজি ভ্ৰমণ কৰা দৃশ্য দেখা পাই, পৃথিৱীৰ ভিতৰতে সস্তা “টাটা নেনো” ৰ দৰে গাড়ী নির্মাণত বিনিয়োগ কৰিছিল। কাৰণ এই ঘটনাই তেওঁক ভবাই তুলিছিল যে বিকল্পৰ সীমাবদ্ধতাৰ বাবে সাধাৰণ মানুহে নিজৰ জীৱনকো বিপদাপন্ন কৰিব লগীয়া হয়। ২০২১ বৰ্ষত তেওঁৰ এজন অসুস্থ কর্মীক চাবলৈ লৰালৰিকৈ তেওঁ বেঙ্গেলুৰু লৈ গৈছিল। তেওঁক প্ৰায়েই গাড়ী চালকৰ কাষৰ আসনত বহা দেখা গৈছিল। সাধাৰণ মানুহৰ প্ৰতি তেওঁ কিমান অনুভূতিশীল আছিল তেওঁৰ জীৱনৰ এই ঘটনা সমুহৰ পৰাই বুজিব পাৰি।

তেওঁ আছিল “টীম ৱৰ্ক” ত বিশ্বাসী। তেওঁ কৈছিল যে –“ যদি আপুনি বেগাই যাব বিচাৰে তেতিয়াহলে অকলে যাৱক, কিন্তু যদি আপুনি বহুদূৰ যাব বিচাৰে তেনেহলে একে লগে যাৱক।” বিনিয়োগকাৰী, গ্রাহক, কৰ্মচাৰী আৰু নিজৰ দেশ – এই সকলোবোৰকে লগত লৈ যাব বিচৰা তেওঁৰ এই জীৱন দৰ্শনেই তেওঁক সফলতাৰ উচ্চ শিখৰত প্ৰতিস্থিত কৰিছিল ।

ইমান কোম্পানী, ইমান ব্যৱসায় কৰা স্বত্বেও কিন্তু ৰতন টাটাৰ নাম পৃথিৱীৰ ধনী মানুহৰ শীৰ্ষৰ তালিকাত নাই। কাৰণ তেওঁ সম্পূৰ্ণ লাভৰ ৬৬% অংশ “টাটা ট্রাস্ট” লৈ দান কৰি দিছিল। জীৱন জুৰি এনেবোৰ সজ কামত নিজৰ জীৱনটোক উৎসর্গিত কৰিছিল। স্বীকৃতিও পাইছে। ২০০০ বৰ্ষত ভাৰত চৰকাৰে দেশৰ তৃতীয় সর্বোচ্চ অসামৰিক সন্মান “পদ্মভূষণ” আৰু ২০০৮ চনত দ্বিতীয় সর্বোচ্চ সন্মান “পদ্মবিভূষণ” ৰে বিভূষিত কৰা হয়। বাহিৰৰো বহু কেইখন বিশ্ববিদ্যালয়ৰ পৰা তেওঁ সন্মানজনক ডিগ্রী লাভ কৰিছে। আমাৰ ৰাজ্যতো শিক্ষা, স্বাস্থ্য আৰু অন্যান্য সামাজিক ক্ষেত্রত আগবঢ়োৱা তেওঁৰ সুদূৰ প্ৰসাৰী অৱদানৰ বাবে অসম চৰকাৰে তেওঁক ৰাজ্যখনৰ সৰ্বোচ্চ অসামৰিক সন্মান “অসম বৈভৱ” ৰে বিভুষিত কৰিছে।

ৰতন টাটাৰ ব্যক্তিত্ব ইমান বিশাল আছিল যে কোনো শব্দৰে প্ৰকাশ কৰা সহজ নহয়। পৃথিৱীত এনে বহুত কম মানুহে জন্ম লয় যি নিজৰ জীৱনত এনেকৈ জীয়াই থাকে যে সেয়া এক ইতিহাস হৈ পৰে। ২০২৪ বৰ্ষৰ ৯ অক্টোবৰত এই গৰাকী মহান ব্যক্তিৰ পৰলোক প্ৰাপ্তি হয়। তেওঁৰ মৃত্যুত দেশে এক অমূল্য ৰতন হেৰুৱালে। তেওঁ আজি আমাৰ মাজত নাই যদিও এজন মহান শিল্পপতি আৰু দানবীৰ হিচাপে তেওঁৰ নাম আমি সন্মানেৰে স্মৰণ কৰিম। তেওঁ জীৱন কালত বহুতো বঁটা বাহনেৰে সন্মানিত হয় যদিও, যি সকলোতকৈ বেছিকৈ পালে সেয়া হ’ল মানুহৰ মৰম আৰু সন্মান। তেওঁ লৈ গভীৰ শ্রদ্ধাঞ্জলি যাচিলোঁ।