“আদৰৰ গামোচা”
ৰশ্মি ৰেখা দুৱৰা
অতীজৰে পৰা উচ্চ স্থান দখল কৰা
অসমীয়াৰ স্বাভিমান আদৰৰ গামোচা
পকোৱা সূতাৰে ৰঙাকৈ আঁছুৰে
একাঠি দুকাঠিকৈ ফুলামকৈ গামোচাখনি
শিপিনীৰ হাতৰ পৰশতে প্ৰাণ পাই উঠে।
তাঁতৰ শালত বহি শিপিনীয়ে ৰচে অলেখ সপোন
ভাঙিবনে লাহি কঁকাল মৰমৰ বিহুৱাৰ ঢোলৰ চাপৰত,
গুঞ্জৰিত হৈ ভাঁহি আহে দূৰৈৰ আখৰাৰ শব্দ
ৰবকে নোৱাৰে বিহুতে বলিয়া
তাঁতৰ পাততে নাচোনৰ ভংগিমা।
শিপিনীৰ হাতত প্ৰাণ পোৱা গামোচাখনি
উৎসৱ-পাৰ্বণ,ধৰ্মীয় অনুষ্ঠান সকলোতে ব্যৱহৃত
বিজয়ৰ ধ্বজা হিচাপেও পৰিচায়ক
মৰম আদান-প্ৰদানৰ বাহক।
প্ৰতিদাল সূতাতে সিঁচৰতি অজস্ৰ মৰম
ভালপোৱাৰ সম্প্ৰীতিৰ বান্ধোন,
গামোচাৰ অবিহনে আধৰুৱা অসমীয়া সমাজ
বিহুৱান বুলিয়ো কোৱা হয় গামোচাখনিক
সন্মানেৰে ৰঙালী বিহুটিত
জ্যেষ্ঠজনৰ কান্ধত প্ৰদান কৰি
কনিষ্ঠজনে লয় আশীৰ্বাদ।