আদিম সত্বা – প্ৰভা দত্ত

আদিম সত্বা
প্ৰভা দত্ত, দিচিয়াল গাঁও
সৃষ্টিৰ পাতনি তুমি আদিম সত্বা,
নোৱাৰে ৰুধিব তোমাৰ জ্ঞানৰ পৰিমাণ।
সৃষ্টিৰ পথাৰত খোজ পেলাওঁতে,
মৰণ ফান্দত পৰি আৰ্তনাদ কৰি
মৰি মৰি জীয়াই আছা,
আৰু জীয়াই থাকিবা।।
ধৰণী ধুনীয়া হয়,
তোমাৰ মমতাময়ী অৱদানত ।।
তাক বাৰু কোনোবাই
অস্বীকাৰ কৰাৰ সাধ্য আছে?
নাই নোৱাৰে
কেতিয়াও নোৱাৰে।।
নিৰৱধি বৈ অহা তুমি এটি ফল্গুধাৰা।
তুমি নহ’লেচোন নহয় জগত ধুনীয়া
শক্তি ৰূপিণী,
বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী।
সাহসী বীৰাঙ্গনা তুমি সত্যৰ প্ৰতীক।
সতী সাধনী আৰু তুমি লক্ষ্মী দেৱী।
সেয়েহে নাৰী শক্তি অনন্যা
সৃষ্টিৰ আদিম সত্বা।
চিন্তা আৰু চেতনাৰ এটি
তেজাল সুঁতি।