‘আদালতৰ বাহিৰে ভিতৰে’ শীৰ্ষক গ্ৰন্থ উন্মোচন ড° নগেন শইকীয়াৰ

‘আদালতৰ বাহিৰে ভিতৰে’ শীৰ্ষক গ্ৰন্থ উন্মোচন ড° নগেন শইকীয়াৰ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ অধিবক্তা, লেখক, শিশু সাহিত্যিক প্ৰসেনজ্যিৎ গোস্বামীয়ে পেছাগত জীৱন যাত্ৰাত লাভ কৰা  লোক সাহিত্যৰ উৎসক লৈ ৰচনা কৰা “আদালতৰ বাহিৰে ভিতৰে”- শীৰ্ষক লেখকৰ ২৭ সংখ্যক গ্ৰন্থখনি স্বনামধন্য বৰেণ্য  সাহিত্যিক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বেজবৰুৱা আসনৰ প্ৰাধ্যাপক ড০ নগেন শইকীয়াই তেখেতৰ পুথিভঁৰাল “বৰ্ণমালা”ত উন্মোচন কৰে। জাতীয় জীৱনৰ অভিভাৱক গৰাকীয়ে কয় যে অধিবক্তা গোস্বামীয়ে কাছাৰীলৈ গোচৰ তৰিবলৈ সাক্ষী দিবলৈ নাইবা পদকীয়া হিচাপে অহা গাওঁ-ভুঁইৰ অনেক মানুহৰ মুখৰ পৰা শুনা এনে কিছু বাক্য খণ্ড বাক্য আৰু প্ৰকাশ ভংগী শুনি শুনি কৰি যোৱা টোকা সম্পাদনা কৰি পুথিখনি প্ৰণয়ন কৰিছে। গোস্বামীয়ে এনে সংগ্ৰহৰ যি কাম হাতত লৈছে এতিয়াই  তাক ইমানতে এৰি নিদিব বুলি সাহিত্যিক গৰাকীয়ে কয়। অনুষ্ঠানৰ শুভক্ষণত বিশিষ্ট লেখক, অধিবক্তা বিশ্বজিৎ বৰুৱা আৰু ড শইকীয়াৰ পত্নী  লাবণ্য শইকীয়াই গোস্বামীক অভিনন্দন জনায়।