অণুগল্প
আত্মসাৎ
অংশুমান ভূঞা
চামতা, নলবাৰী
প্ৰতিবাৰেই টকা আহে। কাগজে-পত্ৰই হৈও উঠে। কিন্তু মূৰকত গাঁৱৰ মানুহখিনিয়ে আকৌ জীয়াতু ভুগিবলগীয়াই হয়। বাৰিষাৰ বোকা-পানী গচকি অহা আলহীয়ে বিৰক্তিৰে ‘এতিয়াও এনেকুৱা’ বুলি ক’লে গাঁওবাসী লজ্জিত হয়।
‘এইবাৰৰ ঠিকাদাৰজন ভাল।’ মানুহৰ মুখে মুখে ঘূৰি থকা কথাষাৰে পুনৰ আশা জগায়। কম সময়ৰ ভিতৰতে ৰাস্তাৰ কাষে কাষে বহুদিনীয়া আশাই দ’ম বান্ধে।
সময়তকৈ আগতেই অহা বৰষুণজাক দুসপ্তাহ ধৰি চলিয়েই থাকিল।
ইটা-বালি-মাটিৰ দ’মবোৰ লাহে লাহে সৰু হৈ আহিল। নিজ নিজ ঘৰৰ বোকাবোৰ কমিল। ৰাস্তাটো একেই থাকিল।