আত্মজ্ঞানেৰে- মানসিক অস্থিৰতা নিৰাময় কৰক – অনামিকা (সংগীতা)কলিতা

আত্মজ্ঞানেৰে- মানসিক অস্থিৰতা নিৰাময় কৰক

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

২০২৫চন নতুন বছৰৰ আগমনে হৈছে সকলোৰে কুশল কামনা কৰিলোঁ। বিষয়টো যথেষ্ঠ গুৰুত্বপূৰ্ণ।মানসিক অস্থিৰতাৰ কাৰণে বহুতো ঘটনা সংঘটিত হৈ আছে। বিশেষকৈ যুৱপ্ৰজন্মৰ মাজত সঘনে কিছুমান অমানৱীয় ঘটনা দেখিবলৈ পাইছোঁ।  বাতৰি কাকতখন মেলি ধৰিলেই চকু থৰ হৈ যায়। এয়া কোন দিশে গতি কৰিছে‌- আধুনিকতাৰ পমখেদি যান্ত্ৰিকতাৰ যুগত মানুহবোৰ যন্ত্ৰৰ দৰেই হৈছে  অলপো সময় নাথাকে  নিজৰ আত্মীয় সকলৰ লগত  কিছুসময় অতিবাহিত কৰিব।সুখ-দুখৰ অনুভূতিবোৰ প্ৰকাশ নকৰাৰ ফলত মনৰ মাজতে থাকি গৈছে।যাৰ ফলত মানসিক অস্থিৰতা  বৃদ্ধি পাইছে।নিজৰ বিবেক বিবেচনা বিচাৰ  বুদ্ধি কমি আহিছে আন্তৰিকতাৰ বিলুপ্ত হৈ গৈছে  ।

সকলো জীৱৰ ভিতৰতে মানুহ জীৱ শ্ৰেষ্ঠ হিচাপে ভাল /বেয়া ,শুদ্ধ/অশুদ্ধ নিজৰ বিচাৰ বুদ্ধিৰে সমাজত চলিব পাৰে । বাহ্যিক সেই বিচাৰ বুদ্ধি জ্ঞানৰ অন্তৰ্ভূক্ত বুলি ক’ব পাৰো ।সেই জ্ঞানৰ পৰিসীমাত  মানুহ নিজে সমাজত প্ৰতিষ্ঠিত হয় বুলি আমি অনুভৱ কৰোঁ “আত্মজ্ঞান “অৰ্থাৎ প্ৰজ্ঞাৰ সাধানা  মানুহৰ অন্তনিৰ্হিত শক্তি ।আত্মজ্ঞানেৰে নিজৰ হৃদয় খন নিৰ্মল হয়।তাৰ পৰাই মানসিক অস্থিৰতা নিৰাময় হয় ।কাৰণ আত্মজ্ঞানেৰে আমি আমাৰ নিজৰ ভিতৰত থকা প্ৰকৃত সত্য উদ্ঘাটন কৰিবলৈ সমৰ্থ হওঁ। গতিকে বাহ্যিক জগতত লগত পৰিচালিত হ’বলৈ জ্ঞান লাগে কিন্তু নিজৰ ভিতৰৰ প্ৰকৃতি জয় কৰি এক সন্তুষ্টিৰে জীৱন ধাৰণ কৰিবলৈ আত্মজ্ঞানৰ প্ৰয়োজন।মোৰ প্ৰিয়  সাহিত্যিক হোমেন বৰগোহাঞি ছাৰে” প্ৰজ্ঞাৰ সাধনা”গ্ৰন্থখনত খুব সুন্দৰ কৈ বিশ্লেষণ কৰিছে ।পাৰিপাৰ্শ্বিক জীৱনৰ বাতাবৰণত আমি নিজৰ লগতে কেতিয়াবা যুদ্ধ কৰিব লগা হয় ।যদি আত্মবিশ্লেষণ কৰিব পাৰি তেতিয়া নিজৰ অন্তনিৰ্হিত শক্তিৰে  পৃথিৱীকো জয় কৰিব পাৰি।