আতঙ্ক – শ্ৰী ৰূপৰেখা ঠাকুৰ

pc Zee News

* আতঙ্ক*

শ্ৰী ৰূপৰেখা ঠাকুৰ, দেৰগাঁও

উস! কিযে দিন কাল আহিল, চাৰিওফালে খালি ভয়। খেলাধূলা কৰিবলৈ লৰাছোৱালীও বাহিৰলৈ ওলাব নোৱাৰা হ’ল ঘৰৰ ভিতৰতে আৱদ্ধ চাৰিওফালে মৃত্যুৰ ভয়। কিযে অচিন বেমাৰ আহিল এইটো।ৰত্নকান্ত ঘৰখন বৰবেয়াকৈ জোঁকাৰি গ’ল এই অচিন বেমাৰে। ভৰপূৰ এখন ঘৰ চকুৰ আগতে শেষ হৈ গ’ল। ছোৱালী দুজনী ও নিঠৰুৱা হ’ল। মাক দেউতাক আইতাকৰ সৈতে চিমি আৰু মিলি হতে বৰ আনন্দৰে দিনবোৰ পাৰ কৰিছিল।এজাক বতাহে সিহঁতৰ সকলো সপোন ভাঙি পেলালে। এদিন কামৰ পৰা অহাৰ পাছতেই ৰত্নকান্ত ৰ গাটো বেয়া লাগিছিল। ৰাতিলৈ জ্বৰো উঠিছিল।ডাক্তৰৰ ওচৰলৈ ঘৰৰ মানুহে নিব বিচৰা টো সামান্য জ্বৰ হৈছে ভাল হ’ব বুলি ঘৰতে থাকিল।লাহে লাহে জ্বৰ নকমাহৈ গা বেছি বেয়াৰ ফালে যাবলৈ ধৰিলে। ইফালে বুঢ়ীমাক আৰু ৰত্নকান্ত ৰ পৰিবাৰো জ্বৰত আক্ৰান্ত হ’ল। বুঢ়ীমাকৰ অৱস্হা বেয়াৰ ফাললৈ যাবলৈ ধৰিলে। সৰু ছোৱালী দুজনীয়ে কি কৰিব ভাবি নোপোৱা হ’ল। অৱশেষত. 108 লৈ ফোন কৰি তিনিওজন কে হস্পিটেলত ভৰ্তি কৰাই দিয়ে। অতি সঙ্ট জনক অৱস্হাত তেওঁ লোক আছিল বাবে এজনকো বচাব নোৱাৰিলে।চিমি আৰু মিলি নিঠৰুৱা হ’ল।এজনেও নাজানি লে আনজনৰ মৃত্যু ৰ বতৰা।সমাজ সচেতন হবৰ হ’ল। জ্বৰ কাহ হ’লে নিজেই ভাল হ’ব বুলি নাভাবি ডাক্তৰৰ পৰামশ ল’ব।বাহিৰলৈ ওলালে মাস্ক পৰিধান কৰিব। চিমি আৰু মিলি ৰ দৰে যাতে কোনেও আপোন জনক হেৰুৱাব নালাগে নিজৰ সামান্য ভুলৰ বাবে সচেতন হ ওক ৰাইজ।