আজীৱন সুঁৱৰিম তোমাক – ৰূপ চিং তিচু

PC - Pixabay

আজীৱন সুঁৱৰিম তোমাক

ৰূপ চিং তিচু, কাৰ্বিআংলং

জীৱনৰ কোনো ভৰষা নাই
জীৱন কচু পাতৰ পানীৰ দৰে।
এমুকুৰা হাহিৰে বাৰ্তালাপ সৌসিদিনাই
হঠাৎ এই পৃথিৱীৰ পৰা মাগিলা বিদাই,
মাত এষাৰো নলগোৱাকৈ
বতৰা এবাৰো নিদিয়াকৈ
তুমি যে গুচি গ’লা অজান দেশলৈ ।
অভিভাৱকবিহীন কৰি আমাক কন্দুৱাই থৈ।।
তুমি লগোৱা গছপুলি
লহপহকৈ বাঢ়ি বাঢ়ি
বৃক্ষৰূপে আজিৰ গতি,
তোমাৰ হাতৰ পৰশত
তোমাৰ যত্নৰ বলত
ফল ফুলেৰে ভৰপুৰ আজি
তাকো এৰি গুচি গ’লা তুমি ।
গৰাকীবিহীন যেন এই বৃক্ষটি ।।
অশ্ৰুৰে নিবেদিছো তোমাক আজি
আশিষ আমালৈ দিবা তুমি,
তুমি জ্বলাই থোৱা চাকিগছি
নুমাব নিদিওঁ কাহানিও আমি ।
জ্বলাই থাকিম,জ্বলাই থাকিম
বতাহ,বৰষুণকো নেওচি,
য’তে থাকা কুশলে থাকা
আজীৱন তোমাক সুঁৱৰিম আমি।।