আজি ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
ৰঙিলী বাৰ্ত্তাসেৱা- আজি ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। অন্তিম পৰ্যায়ত অসমৰ চাৰিটা সমষ্টিত পুৱা ৭ বজাৰ পৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। বৰপেটা, ধুবুৰী, গুৱাহাটী আৰু কোকৰাঝাৰ সমষ্টিত আজি অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। চাৰিটা লোকসভা সমষ্টিত ৪৭ প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব ইভিএমত। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত হেভীৱেট প্ৰাৰ্থীসকল হ’ল – গুৱাহাটীত বিজেপিৰ বিজুলী কলিতা মেধি বনাম কংগ্ৰেছৰ মীৰা বৰঠাকুৰ। বৰপেটা সমষ্টিত যুঁজত নামিছে ফণীভূষণ চৌধুৰী, দীপ বায়ন, মনোৰঞ্জন তালুকদাৰ আৰু দুলু আহমেদ। ধুবুৰীত বদৰুদ্দিন আজমলৰ, ৰকিবুল হুছেইন আৰু জাবেদ ইছলামৰ মাজত ত্ৰিকোণীয় যুঁজ। ইফালে কোকৰাঝাৰ সমষ্টিত যুঁজত নামিছে জয়ন্ত বসুমতাৰী আৰু খাম্পা বৰগয়াৰী। তৃতীয় তথা অন্তিম পৰ্যায়ত ৯,৫১৬টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। মুঠ ভোটাৰৰ সংখ্যা ৮১,৪৯,০৯১ গৰাকী। কোকৰাঝাৰ সমষ্টিত মুঠ ১২ গৰাকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ধুবুৰী সমষ্টিত ১৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে বৰপেটা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছে ১৪ গৰাকী প্ৰাৰ্থীয়ে। ইফালে, গুৱাহাটী সমষ্টিত ৮ গৰাকী প্ৰাৰ্থীৰ মাজত হৈছে প্ৰতিদ্বন্দ্বিতা।