আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী

আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী

ৰঙিলী বাৰ্ত্তাসেৱা- আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী।  আজিৰেপৰা ১৪ বছৰ পূৰ্বে অসম আৰু অসমীয়াৰ বুকু শুদা কৰি সুধাকণ্ঠ সপোনৰ দেশলৈ গুচি হৈছিল। তেওঁ অবিহনে অসমীয়াই আজি ১৪টা বছৰ অতিক্ৰম কৰিলে।২০১১ চনৰ আজিৰ দিনটোতেই অনুৰাগীক শোকাহত কৰি শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল।সুধাকণ্ঠ ভূপেন হাজৰিকা কায়িকভাৱে আমাৰ মাজত নাই যদিও আজীৱন থাকিব অসমীয়াৰ সত্বাত। ২০১১ চনৰ আজিৰ দিনটোতে মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি হাস্পতালত  মহাপ্রয়াণ ঘটিছিল অসমীয়াৰ হিয়াৰ আমঠু ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ। প্ৰতিবছৰৰ দৰে এইবাৰও  সমগ্ৰ ৰাজ্যতে তেওঁৰ মৃত্যু বাৰ্ষিকী পালন কৰা হব। আজি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ প্রশাসনে শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থত পুৱা ৯ বজাৰ পৰা শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ পাছত সর্বধর্ম প্রার্থনা, ভূপেন্দ্র সংগীত, নৃত্যানুষ্ঠানৰ আয়োজন কৰা হ‘ব। লতাশিল খেল পথাৰত দিনৰ ১১ বজাত সুধাকণ্ঠৰ সাংস্কৃতিক অৱদান সুঁৱৰি বিশেষ কার্যসূচী অনুষ্ঠিত হ‘ব। কামৰূপ মহানগৰ জিলাৰ কাৰ্যসূচীত সাংস্কৃতিক মন্ত্রী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। জাতিক মহীয়ান কৰা বিশ্ববৰেণ্য শিল্পী, চিৰনমস্য অসম সন্তান, আমাৰ প্ৰাণস্পন্দন ড° ভূপেন হাজৰিকাৰ মহাপ্রয়াণ দিৱসত শ্রদ্ধাঞ্জলি জনাই শতকোটি প্রণাম জনাল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই। ড° ভূপেন হাজৰিকা সমন্বয় তীর্থ জালুকবাৰীত মুখ্যমন্ত্ৰীগৰাকীয়ে সুধাকণ্ঠক মৃত্যুতিথিত স্মৰণ কৰে। আনহাতে জালুকবাৰীৰ সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত সুধাকণ্ঠৰ মৃত্যুবার্ষিকী অনুষ্ঠান চলি আছে। ৰাজ্য চৰকাৰৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব সুধাকণ্ঠৰ চতুর্দশ মৃত্যু বার্ষিকী অনুষ্ঠান। ইফালে ৰাজ্যজুৰি আজিৰ দিনটোত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা’ক স্মৰণ কৰা হৈছে। গীতে মাতে প্রতিজন অসমীয়াই সুঁৱৰিছে প্ৰাণৰ শিল্পীগৰাকীক। আনফালে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাক শ্রদ্ধাঞ্জলি জনোৱা হয়। ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত পুষ্পঞ্জলি জনাই জনায় শ্রদ্ধাঞ্জলি। দলীয় কৰ্মীৰ সতে গালে ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে শীৰ্ষক গীতটি।