আজি নিয়ৰবোৰ বৰষুণ হৈ সৰিছে – ৰোহিনী কুমাৰ দাস

আজি নিয়ৰবোৰ বৰষুণ হৈ সৰিছে

ৰোহিনী কুমাৰ দাস

গুৱাহাটী

“আজি নিয়ৰবোৰ বৰষুণ হৈ সৰিছে,

আজি আকাশখন লাজতে জয় পৰিছে,

নিয়ৰে আকাশক সুধিছে —

“আকাশ, বিশালতাই তো তোমাৰ পৰিচয়,

তেনে কিয় লজ্জাত নত সি হৃদয় ?”

আকাশে ক’লে —

“আজি যে মোৰ প্রথম পৰিণয়….

সীমাহীনতাত ব্যাপি থকা মৰমৰ আলয়,

স্তব্ধ হ’ল কাৰোবাৰ প্রণয় পাশত,

হেৰুৱাই নিজ পৰিচয় !

মাথো নুসুধিবা তেওঁনো কোন,

যাৰ উদাসীনতাত দগ্ধ ই হৃদয় !

শত যোজন আঁতৰৰ সি নিমাতী মায়াময়……

তথাপি যেন আছে প্রাণত, এক অবুজ তৃষা হৈ !!”