আজি কলকাতাৰ ইডেন গার্ডেনত অনুষ্ঠিত হ’ব ভাৰত-ইংলেণ্ডৰ প্ৰথমখন টি-২০
ৰঙিলী বাৰ্ত্তাসেৱা-টীম ইণ্ডিয়া আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া পাঁচখনীয়া টি-২০ মেচৰ শৃংখলাটোৰ প্ৰথমখন মেচ আজি কলকাতাৰ ইডেন গার্ডেনত অনুষ্ঠিত হ’ব। এই শৃংখলাটোত অনুৰাগীৰ দৃষ্টি নিবন্ধ থাকিব তাৰকা পেচ বলাৰ মহম্মদ ছামীৰ ওপৰত। কিয়নো, ১৪ মাহৰ পিছত পুনৰ ভাৰতীয় জাৰ্ছীত দেখা যাব ছামীক। ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলৰ পিছৰ পৰা আঘাতৰ বাবে ভাৰতীয় দলৰ বাহিৰত আছিল ছামী। ইফালে, ইংলেণ্ডৰে খেলিবলগীয়া শৃংখলাটোত ভাৰতীয় দলটোৰ অধিকাংশই হ’ল নৱাগত খেলুৱৈ। এই শৃংখলাটোত উন্নত প্রদর্শন দাঙি ধৰি ভাৰতীয় দলটোত স্থান নিগাজী কৰাৰ সুবর্ণ সুযোগ লাভ কৰিব নৱাগত খেলুৱৈসকলে। শৃংখলাটো অভিষেক শর্মা, তিলক বাৰ্মা, নীতিশ কুমাৰ ৰেড্ডী, হৰ্ষিত ৰাণা, ৰিংকু সিং আৰু সঞ্জু ছেমছনৰ ওপৰত অধিক দৃষ্টি নিবদ্ধ থাকিব। অধিনায়ক সূৰ্য কুমাৰ যাদৱৰ লগতে অক্ষৰ পেটেল আৰু হার্দিক পাণ্ডিয়াৰ ওপৰত ভাৰতীয় দলটোৰ ভাগ্য বহুখিনি নিৰ্ভৰ কৰিব। এই তিনিওগৰাকী খেলুৱৈৰ বাহিৰে দলটোৰ বাকী বেটাৰসকল নৱাগত। শৃংখলাটোত অক্ষৰ পেটেলক সহঃ অধিনায়ক হিচাপে নিযুক্তি দিয়াত তেওঁৰ ওপৰত অতিৰিক্ত চাপ থাকিব। ইফালে, তাৰকা খেলুৱৈ ছেম কৰণ, উইল জেকছ আৰু ৰীচে ট’পলে অবিহনে শৃংখলাটোত ভাগ ল’ব ইংলেণ্ডে। অৱশ্যে নৱাগত খেলুৱৈ জেকব বেথেলৰ ওপৰত ইংৰাজ বাহিনীৰ ভাগ্য বহুখিনি নিৰ্ভৰ কৰিব। জেকবে শেহতীয়াকৈ দুর্দান্ত প্ৰদৰ্শন দাঙি ধৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আনহাতে, আঘাতৰ পৰা আৰোগ্য লাভ কৰি পুনৰ ইংলেণ্ডৰ জাতীয় দললৈ প্ৰত্যাৱৰ্তন কৰিছে তাৰকা পেচ বলাৰ জ’ফ্ৰা আৰ্চাৰ। আৰ্চাৰৰ প্ৰত্যাৱৰ্তনে দলটোৰ বলিং শক্তি বহুখিনি বৃদ্ধি কৰিব। উল্লেখ্য যে পাঁচখনীয়া টি- ২০ মেচৰ শৃংখলাটোৰ পৰৱৰ্তী মেচকেইখন ক্ৰমে ২৫ জানুৱাৰীত চেন্নাইত, ২৮ জানুৱাৰীত ৰাজকোট, ৩১ জানুৱাৰীত পুনে আৰু ২ ফেব্ৰুৱাৰীত মুম্বাইত অনুষ্ঠিত হ’ব। ইপিনে, টি-২০ শৃংখলাটোৰ সমাপ্তিৰ পিছত দুয়ো দলৰ মাজত তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলা অনুষ্ঠিত হ’ব আৰু এই শৃংখলাটোৰ মেচকেইখন ৬, ৯ আৰু ১২ ফেব্ৰুৱাৰীত ক্ৰমে নাগপুৰ, কটক আৰু আহমেদাবাদত অনুষ্ঠিত হ’ব।