আঘোণ
সমুজ্জ্বল ডেকা, ৰঙিয়া
আঘোণৰ সোণোৱালী পথাৰৰ
ব্যাকুল হৃদয়ত নতুনত্বৰ আগমন,
কবিতা কবিতা যেন
লগা প্ৰতিটো ক্ষণ।
কাৰোবাৰ যদি জন্ম,
কোনোবা আকৌ স্বৰ্গলৈ গমন।
তোমাৰ হাঁহিত উপচি পৰে
হালধীয়া শস্যৰ সুবাস।
শস্য আহি নদন-বদন,
ন-খোৱা পৰ্ব
ঘৰে ঘৰে পালন।
যাওঁ ব’লা…
এই আঘোণৰ
শীতৰ প্ৰকোপত
নতুন বছৰত
বনভোজ খাবলৈ।
এখন্তেক শান্তিৰ
উৰ্মীমালাত জিৰণি ল’বলৈ।