আগিয়াত বাল্যবিবাহত জড়িত মাত্ৰ চাৰিজন স্বামীক গ্ৰেপ্তাৰ
ৰঙিলী বাৰ্ত্তাসেৱা– গোৱালপাৰা জিলাৰ আগিয়া থানাৰ অন্তৰ্গত বাল্যবিবাহত জড়িত চাৰিজন স্বামীকহে এইমুহুৰ্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও আৰক্ষীৰ হাতত আহিপৰা তালিকামতে আৰু ন গৰাকী স্বামীক আটক কৰিবলৈ বাকী আছে ।আগিয়া থানাই জানিবলৈ দিয়ামতে ন গৰাকী স্বামী আগতীয়াকৈ উমান পাই বৰ্তমান পলাতক আৱস্থাত আছে ।অবশ্যে আৰক্ষীয়ে যিকোনো মুহুৰ্তত উক্ত নগৰাকী স্বামীক গ্ৰেপ্তাৰ কৰিবলৈ সাজু হৈ আছে ।আটক হোৱা স্বামীকেইজন হ’ল বুধিপাৰা জংগল ব্লকৰ শংকৰ দাস,কল্যাণপুৰ গাঁৱৰ কুশল সৰকাৰ( কংকন) আৰু যোগেন ৰাভা,মিলনপাৰা গাঁৱৰ আনোৱাৰ হুছেইন ।আৰক্ষীৰ সূত্ৰে জনামতে,আগিয়া থানাৰ অন্তৰ্গত বাল্যবিবাহত জড়িত থকা আৰু শতাধিক স্বামীক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা নৈ কৰিছে আৰক্ষীয়ে।