আকৌ আহিল বৰদৈচিলা
এছ ইছলাম শিক্ষক, বৰপেটা
আকৌ আহিল বৰদৈচিলা
মনৰ ক্ষোভ প্ৰকাশ কৰি
হিয়া উজাৰি উজাৰি
মাকৰ ঘৰলৈ যায়
খৰখেদাকৈ দৌৰা-দৌৰি কৰি
বা-মাৰুলি উৰুৱাই
প্ৰকৃতি হৈ পৰে বিকৃতি
ধুলি-মাকুতিৰে আবিৰ ছটিয়াই।
আজি কিয় আহিলা
অ’ বৰদৈচিলা,
এই বহাগ-জেঠত
প্ৰকৃতিয়ে দিব নে ধুই-পখলাই?
গাঁৱলীয়া পৰিৱেশ কৰিলা নষ্ট
আমাৰ ফুৰাচকাত হয় কষ্ট
বহুতৰ ঘৰ কৰিলা ধ্বংস
নেথাকিল গছ-গছনিত
ডালপাতৰ অংশ।
লাহে ধীৰে গ’লেও পাবা মাতৃঘৰ
কিয় কৰা ইমান খৰধৰ?
কাবৌ কৰিছোঁ নেভাঙিবা
দুখীয়াৰ পঁজাঘৰ।