আইতাৰ প্ৰেম – নাচিমা য়াচমিন

আইতাৰ প্ৰেম
নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি
: আইতা , তোমাৰ আৰু ককাৰ মাজত প্ৰেম কেনেকৈ হৈছিল?
: তই যে পঢ়া শুনা এৰি আজি প্ৰেমৰ কথা সুধি আছ’হি? মাৰাই শুনিলে ডবা কোবাব।
: কোৱা না আইতা,, তোমালোকৰ লাভ মেৰেজ আছিল নে এৰেঞ্জ মেৰেজ আছিল?
: আইমুনু , আমাৰ দিনবোৰ আজিৰ দৰে নাছিল অ’।তোৰ ককাক মই বিয়াৰ দিনাখনহে প্ৰথম বাৰৰ বাবে দেখিছিলো।  ক’ত নো ভালদৰে দেখি পাইছিলো, এহাত মান উৰনিৰ তলৰ পৰা কিমান খিনিনো দেখা পোৱা যায়? তাৰ আগলৈকে তেওঁৰ নামটোৱো জনা নাছিলোঁ।
: অচিনাকী মানুহ এজনৰ লগত বিয়া পাতি ল’লা কেনেকৈ ? মানুহজন ভাল নে বেয়া কেনেকৈ জানিবা?
ষ্ট্ৰেঞ্জ,,,,
: আইমুনু,  আগতে মানুহবোৰ ইমান বেয়া নাছিল বুইছ। সম্পৰ্ক বোৰৰ মূল্য বুজি পাইছিল, আজিৰ দৰে ঠুনুকা নাছিল। বিচ্ছেদৰ নামও নাজানিছিল কোনেও। এবাৰ বিয়া হ’ল মানে গোটেই জীৱন স্বামীৰ লগত ঘৰ সংসাৰ কৰাই একমাত্ৰ ধৰ্ম, লক্ষ্য হৈ পৰে। মানুহবোৰ বৰ সহজ সৰল আছিল, আজিৰ দৰে যান্ত্ৰিক , জটিল নাছিল।
: হুম, এতিয়া মানুহবোৰ একো একোটা যন্ত্ৰৰ দৰে হৈ পৰিছে। আৱেগ অনুভূতিহীন এটা একোটা শিলৰ মূৰ্ত্তি।
: তুমি কেনেকৈ প্ৰেমত পৰিছিলা ককাৰ কোৱা না?
: বিয়াৰ প্ৰথম নিশা তোৰ ককাই মোক দিয়া  দায়িত্ব বিলাক মই প্ৰতিদিনে নিয়াৰিকৈ পালন কৰি গোটেই ঘৰ খনৰ দায়িত্ব মূৰ পাতি লৈছিলোঁ।
: দিনৰ দিনটো কাম কৰি ভাগৰি পৰাত ৰাতি তোৰ ককাৰ মৰমৰ মাত সাৰত প্ৰেমত পৰিছিলোঁ।
:তেঁও কাগজৰ টোপোলাত মোলৈ বুলি অনা বাদাম , বুট আদি এবুকো মৰমেৰে মোৰ হাতত তুলি দিছিল, মই সেই আৱেগৰ  প্ৰেমত পৰিছিলোঁ।
: সুখে দুখে মোৰ হাত খন খামুচি ধৰি ৰখা তোৰ ককাৰ কবিতা বোৰৰ প্ৰেমত পৰিছিলোঁ।
: তহতৰ দৰে হয়তো ইংৰাজীত কি যে কৱ, অ’ মনত পৰিছে, I love you,, কোৱা হোৱা নাছিল, কিন্তু আমি এজনে আন জনৰ চকুত দেখিয়েই বুজি পাইছিলো মৰম, ভালপোৱাৰ গভীৰতা। কথাৰ সুৰত অভিমানবোৰ উপলদ্ধি কৰিছিলো।
:তোৰ ককাজন বৰ ভাল আছিল অ’ আইমুনু,  একেবাৰেই মাটিৰ মানুহ আছিল। সেই সময়ত পত্নীবোৰক কোনো ধৰণৰ সম মৰ্যদা দিয়া হোৱা নাছিল, ঘৰ সংসাৰৰ চাৰি দেৱালৰ মাজত আৱদ্ধ কৰি ৰাখিছিল। কিন্তু তেখেত তেনেকুৱা নাছিল, মোক কেতিয়াও অসন্মান কৰা নাছিল।  পত্নী কম জীৱন সংগী বেছি জ্ঞান কৰিছিল।
: তুমি বহুত মিছ কৰা ন ককাক?
: তেওঁ মোৰ কাষৰ পৰা আঁতৰি গ’লে হে মিছ কৰিম,, তেঁও চোন সদায় মোৰ লগতেই আছে,,  তেঁও মোৰ হৃদয়ৰ মাজত সোমাই আছে, আৰু সদায় থাকিব, আজীৱন।  তেঁওৰ শৰীৰটোহে মোক এৰি গৈছে কিন্তু তেওঁৰ ৰোহ সদায় মোৰ কাষতেই থাকে।
আইতা, বুলি কৈ তাই সাৱটি ধৰিলে।
অজানিতে আইতাকৰ নয়ন জুৰি সেমেকি পৰিছে।
খিৰিকীৰ বাহিৰত এটি পোহৰে তেওঁৰ ফালে  মুখখন ফুলাই চাই অভিমানৰ সুৰত  চকুপানীবোৰ মোহাৰি ল’বলৈ আদেশ দিছে।