অনুগল্প
অৱহেলা
বিপ্লৱ শইকীয়া
যোৰহাট মহাবিদ্যালয় ( একত্ৰিত)
ইতিহাস বিভাগ 2nd semester
ৰহিম গাঁৱৰ ল’ৰা। সৰুৰে পৰা গাঁৱৰ ধূলি – বালি , বোকা- মাটি গছকি ডাঙৰ হোৱা ল’ৰা কিন্তু সি চাকৰি পোৱা বাবে চহৰত থাকিবলৈ ল’লে। ঘৰলৈ প্ৰায় সি কম অহা- যোৱা কৰে, ৰহিমে চহৰৰে এজনী সম্ভ্ৰান্ত ঘৰৰ ছোৱালী লগত বিবাহ পাশত আবদ্ধ হয়। ৰহিমৰ দেউতাকৰ গাটো কিছুদিন ধৰি বেয়া আছিল দেউতাকে ৰহিমক চাব বাবে তাক ঘৰলৈ আহিবলৈ বাৰে বাৰে কৈছিল কিন্তু ৰহিমে চাকৰিৰ ব্যস্ততাৰ বাবে ঘৰলৈ আহিব নোৱাৰিলে। দেউতাৰ মৃত্যু আগত শেষ বাৰৰ বাবে নিজ সন্তানক চোৱা যি হেঁপাহ আছিল সেই হেঁপাহ পূৰণ নোহোৱাকৈ পৃথিৱীৰ পৰা বিদায় মাগিল। ৰহিমৰ দেউতাকৰ মৃত্যুৰ পিছত মাকজনী একেবাৰে অকলশৰীয়া হৈ পৰিল। ৰহিমে দেউতাকৰ সকামৰ পিছদিনা এই চহৰলৈ যাবলৈ ওলোৱাত মাকে তাক ঘৰতে থাকিবলৈ কোৱাত ৰহিমৰ ঘৈনীয়েকে মাকক নানা অজুহাত দাঙি ধৰিছিল । ৰহিমে যদিও মাকক লগত লৈ যোৱা কথা চিন্তা কৰিছিল কিন্তু ৰহিমৰ ঘৈনীয়েকে মাকক এই বৃদ্ধ অৱস্থাত শুশ্ৰূষা কৰিব নোৱাৰোঁ বুলি ক’লে আৰু অৱশেষত দুয়ো মাকক বৃদ্ধা আশ্ৰমত ৰখা সিদ্ধান্ত লৈছিল আৰু মাকক এই কথা কোৱাত মাকে কৈছিল তাক – মোৰ শুন বহুত ডাঙৰ হ’ল।