অৱশেষত বিনেশ ফোগাটৰ আবেদনৰ ৰায় প্ৰদান
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত বিনেশ ফোগাটৰ আৱেদনৰ ৰায় প্ৰদান কৰিলে আন্তৰ্জাতিক ক্ৰীড়া আদালতে। বিনেশ ফোগাটৰ ৰূপৰ পদকৰ আবেদন খাৰিজ। উল্লেখ্য যে বিনেশ ফোগাটক পেৰিছ অলিম্পিকৰ মল্লযুঁজৰ ৫০ কেজি শাখাৰ ফাইনেলৰ বাবে অযোগ্য ঘোষণা কৰা সিদ্ধান্তৰ বিৰুদ্ধে আন্তৰ্জাতিক ক্ৰীড়া আদালতত আবেদন দাখিল কৰিছিল। তেওঁ এখন আবেদনত পুনৰ এবাৰ ওজন কৰিবলৈ আবেদন কৰিছিল যদিও সেই আবেদন আদালতে অগ্ৰাহ্য কৰিছিল। ইয়াৰ পিছতে প্ৰতিযোগিতাখনত তেওঁক ৰূপৰ পদক বাবে আবেদন কৰিছিল। ৭ আগষ্টত বিনেশ ফোগাটে দাখিল কৰিছিল এই আবেদন। ১৩ আগষ্টত আবেদনৰ ৰায়দান দিয়াৰ কথা আছিল। পৰৱৰ্তী সময়ত ১৬ আগষ্টত ৰায়দান সিদ্ধান্ত ঘোষণা কৰাৰ কথা আছিল যদিও ১৪ আগষ্টতে প্ৰদান কৰে ৰায়দান।বিনেশৰ আবেদন প্ৰত্যাখ্যান কৰিছে আন্তৰ্জাতিক ক্ৰীড়া আদালতে ৷ এই সিদ্ধান্তৰ পিছতে এতিয়া বিনেশ ফোগাটে ৰূপৰ পদক নাপায়। উল্লেখ্য যে, ভাৰতৰ হৈ স্বৰ্ণ পদকৰ আশা উজ্জ্বল কৰি ৫০ কিলোগ্ৰাম ফ্ৰীষ্টাইল মহিলা শাখাৰ ফাইনেলত প্ৰৱেশ কৰা বিনেশ ফোগাটক অযোগ্য ঘোষণা কৰাৰ পিছত মল্লযোদ্ধাগৰাকীৰ লগতে হতাশ হৈ পৰিছিল প্ৰতিজন ভাৰতীয় ৷ সামাজিক মাধ্যমত বিনেশৰ সমৰ্থনত যুক্তি আগবঢ়াইছিল লগতে তেওঁক সমৰ্থন কৰিছিল ভাৰতীয় ৰাজনীতিক, শিল্পী, খেলুৱৈৰ লগতে বহুজনে ৷ অৱশ্যে ইয়াৰ পিছতে মল্লযুদ্ধৰ পৰা বিনেশে ৰাজহুৱাকৈ অৱসৰ ঘোষণা কৰিছিল ৷