অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে পদ্মশ্ৰী বিৰুবালা ৰাভাই
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে পদ্মশ্ৰী বিৰুবালা ৰাভাই। আজি পুৱা ৯.২৩ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিৰুবালা ৰাভাই। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল তেওঁ। আজি পুৱা আই চি ইউতে মৃত্যুক সাবটি লয় অন্ধবিশ্বাসৰ বাবে আজীৱন যুঁজ দিয়া বিৰুবালা ৰাভাই। পদ্মশ্ৰী বিৰুবালা ৰাভাই যোৱা দুটা দশক ধৰি অসমত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাসৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা অনাৰ চেষ্টা চলাইছিল। অসমত ডাইনী সন্দেহত আতিশয্যৰ সন্মুখীন হোৱা বহু লোকক সহায় কৰিছে বিৰুবালা ৰাভাই। তেওঁক ভাৰত চৰকাৰে ২০২১ চনত দেশৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল। ১৯৫৪ চনত গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন ভিতৰুৱা গাঁৱৰ এটা কৃষক পৰিয়ালত জন্ম হৈছিল পদ্মশ্ৰী বীৰুবালা ৰাভাৰ। মাত্ৰ পঞ্চম শ্ৰেণীলৈকে অধ্যয়ন কৰাৰ পিছতেই বিদ্যালয় এৰিবলগীয়া হৈছিল বীৰুবালা ৰাভাই। সৰুৰে পৰা বিভিন্ন সামাজিক কাম-কাজৰ সৈতে জড়িত থাকি ভাল পাইছিল বিৰুবালা ৰাভাই। ২০০০ চনৰ পৰাই সমাজত প্ৰচলিত ডাইনী প্ৰথাৰ বিৰুদ্ধে কাম কৰি আহিছিল। প্ৰথমে গোৱালপাৰা জিলাত ইয়াৰ বিৰুদ্ধে সজাগতা আনিবলৈ চেষ্টা কৰি আৰু যোৱা দুটা দশকৰ ধৰি তেওঁ অন্ধবিশ্বাস দূৰ কৰাৰ বাবে নিৰৱচ্ছিন্নভাৱে সংগ্ৰাম কৰি আহিছিল। গাঁৱে-ভূঞে গৈ অন্ধবিশ্বাসৰ বিৰুদ্ধে মানুহক সজাগ কৰাৰ চেষ্টা চলাইছিল। নিজৰ উৎকৃষ্ট কৰ্মৰ বাবে বিভিন্ন বঁটা-সন্মানেৰেও বিভূষিত হৈছিল বিৰুবালা ৰাভা। ২০১১ চনত সৰ্বেশ্বৰ দত্ত সোঁৱৰণী বঁটাৰে সন্মানিত হৈছিল বিৰুবালা ৰাভা। ২০০৮ চনত তেওঁক ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিডেটে সম্বৰ্ধনা জনাইছিল মুম্বাইত। নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে ২০১৯ বৰ্ষত তেওঁলৈ আগবঢ়াইছিল ‘আনন্দৰাম ঢেকিয়াল ফুকন বঁটা’। ২০১৫ চনত উপেন্দ্ৰনাথ ব্ৰহ্ম ছ’লজাৰ অব হিউমেনিটী বঁটা লাভ কৰিছিল বিৰুবালা ৰাভাই। ২০২১ চনত তেওঁক ভাৰত চৰকাৰে সমাজসেৱাৰ বাবে ‘পদ্মশ্ৰী’ সন্মান প্ৰদান কৰিছিল।বিৰুবালা ৰাভাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ছচিয়েল মিডিয়াত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লিখিছে, ‘‘বৰেণ্য সত্তা বীৰুবালা ৰাভা বাইদেউৰ বিয়োগৰ বাতৰিত খুবেই মৰ্মাহত হৈছোঁ৷ ডাইনী হত্যাক সমাজৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ নিৰৱচ্ছিন্নভাৱে অহোপুৰুষাৰ্থ কৰি অহা সমাজ সংস্কাৰক পদ্মশ্ৰী বীৰুবালা ৰাভা বাইদেউৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি৷ তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷’’