অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত ডেল্টাৰ বিমান

অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত ডেল্টাৰ বিমান

ৰঙিলী বাৰ্ত্তাসেৱা-  পুনৰ বিমান দুৰ্ঘটনাৰ খবৰ ৷ বিমানবন্দৰত অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হয় ডেল্টা এয়াৰলাইন্সৰ এখন বিমান।কানাডাৰ টৰণ্টোৰ পিয়াৰ্ছন আন্তৰ্জাতিক বিমানবন্দৰত সোমবাৰে সংঘটিত হয় এই ভয়ংকৰ ঘটনা। এয়াৰলাইনছৰ বিমান এখন অৱতৰণৰ সময়তে তুষাৰাবৃত বিমান বন্দৰটোৰ পৰা ওলাটাকৈ পিছলি পৰে।  জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত বিমানখনত প্ৰায় ৮০ জন যাত্ৰী আছিল ৷ইয়াৰে ৭৬ জন যাত্ৰী আৰু চাৰিজন ক্ৰু মেম্বাৰ । এই দুৰ্ঘটনাত প্ৰায় ১৮ জন যাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে ৷ বিমান কৰ্তৃপক্ষই উল্লেখ কৰা মতে, এই দুৰ্ঘটনাৰ ফলত কোনো যাত্ৰীৰে মৃত্যু হোৱা নাই ৷ আহতসকলৰ ভিতৰত আছে এগৰাকী শিশু, এজন ৬০ৰ ঊৰ্ধ্বৰ বৃদ্ধ। ইতিমধ্যে আহত আটাইকেইগৰাকী যাত্ৰীক এম্বুলেন্স আৰু হেলিকপ্টাৰৰ সহায়ত হাস্পতালত ভৰ্তি কৰোৱা হৈছে।  অৱশ্যে বিমানখন দুৰ্ঘটনাতপতিত হ’লেও বাকীসকল যাত্ৰী সুৰক্ষিত অৱস্থাত থকাৰ কথা ৰাষ্ট্ৰীয় সংবাদ সংস্থাই প্ৰকাশ কৰিছে। ইতিমধ্যে দুৰ্ঘটনাৰ লগে লগে বিমান বন্দৰ কৰ্তৃপক্ষই সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপণৰ ব্যৱস্থা কৰাৰ লগতে উদ্ধাৰকাৰী দলে যাত্ৰীসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিছে। যাৰ বাবে ভালেসংখ্যক যাত্ৰী অনাকাঙ্খিত ঘটনাৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰে।