অৰ্থবাদ
(মদাৰ পলাশ , কপৌ কেতেকীএপাহ )
কপৌ কেতেকীয়ে
হাঁহি হাঁহি কয় –
হেৰৌ মদাৰ পলাশ ,
জগ্মগ্ দগ্মগ্
জ্বলিছ দেখোন
ঠাই নাই সমাজত
পোৱা নাই লাজ ?
তেজীৰঙা ৰংটোহে সানি লৈ
ফুলি ৰ’লি দগ্মগ্ হৈ
লঠঙা ডালত –
তহঁত ফুলোতে
ফাগুনৰ শুকান দিন
সকলোৰে ইতিকিং
সেউজীয়া পাতবোৰো
নাথাকে লগত ৷
কপৌৱে মাতে –
অ’ মদাৰ !
কোন বাৰু জ্যোতিষীয়ে
নাম থ’লে তহঁতৰ মদাৰ-পলাশ ?
কেতেকীৰো বিদ্ৰুপ –
সমাজত মানুহৰ দৰে
তহঁতৰো হীনবৰ্ণ জাত ৷
(হিঃ হিঃ হাঃ হাঃ – কপৌ-কেতেকী)
ঐ , শুনিছনে নাই !
শঙ্খ-ঘণ্টা মঙ্গল-উৰুলি ,
ওচৰতে সেয়া দেৱৰ মন্দিৰ
নাযাবি তালৈ ,
স্থান তোৰ নাই তাত
মন্দিৰৰ দুৱাৰতো নকৰিবি ভিৰ ,
সেৱকৰ কৰণিতো নাপাৱযে ঠাই
দিব জানো অঞ্জলী পূজাৰ বেদীত ?
আছে জানো ,
অন্য কোনো পুস্প-কাননত
তোৰ দৰে দূৰ্ভগীয়া
এই মৰতত ?
দেখাত ৰঙীন তহঁত
কিন্ত কাৰ্যহীন ,
আকাশতে ফুলি ফুলি
তাতেই বিলীন ৷
সৰি যা – খহি যা – ডালৰ পৰা
আমিবোৰ ফুলাৰ আগেয়ে ,
তহঁত থাকিলে লাজ পাওঁ আমি
ব’হাগী-বসন্তও লাজতে নাহে ৷
(কিমান সহিব পলাশ-মদাৰে )
পলাশে ক’লে –
দেখা নাই আমাৰ কেনে
দগ্মগ্ জুই যেন ৰং
কৰা বাৰু অপমান
লাঞ্ছনা ভৰ্ৎসনা আৰু যত যি –
তাক শুনি নুঠে মোৰ খং ৷
নালাগে , নিবিচাৰোঁ স্থান তাত
য’ত আছে তহঁতৰ
বগা-ক’লা উচ্চাত্মিকা
ঠেক জাতিভেদ ,
পৰাশ্ৰয়ী কপৌৰ দৰে
আনৰ ডালত বহি আমি
সোহা নাই কাৰোবাৰ তেজ ৷
নাভাবোঁ মিছাতে আমি
নালাগে ভণ্ড কোনো পূজাৰীৰ
স্বাৰ্থপৰ পূজাৰ বেদী ,
মন্দিৰৰ দেৱাল বেষ্টিত
নাথাকো এন্ধাৰ কক্ষত
আকাশত অস্তিত্ব আমাৰ
দিগন্তপ্ৰসাৰী …৷
মদাৰে মাতে –
হেৰা কপৌ !
তোমাক বাৰু আনতো নকওঁ,
চঞ্চলা গাভৰুৱে ছিঙিলৈ তোমাক
কিয় বাৰু স্থান দিয়ে
পাছফালে কলীয়া খোপাত ?
ৰাংঢালী ৰমনীয়ে
ৰঙ মোৰ ধাৰে নিয়ে
ফোঁট ৰূপে লয় কপালত
স্থান দিয়ে শিৰৰ আগত ৷
পলাশে মাতে –
হেৰা কেতেকী !
জাৰণিৰ পৰা
মোক জানো বিচাৰিব জানা ,
মোক বিচাৰি পাবা
কবিৰ কাব্যত
গায়কৰ গীতৰ মাজত
আৰু পাবা মোক
পূৱত উদয় হোৱা
দলিতৰ আশা ৰঙা সূৰুযত –
শীতৰ শেষত . . .
মোৰ দৰে ফাগুনক ৰঙীন কৰাৰ
আছে জানো
কেতেকীৰ শকতি অপাৰ ?
শুনাহঁত , কপৌ-কেতেকী !
এৰা আজি মিছা গৰ্ব স্বাৰ্থপৰতাৰ
মূখাখোলা ঠেক ভণ্ডতাৰ –
আমাৰ দৰে নিজৰ ৰঙেৰে
আনকো ৰঙীন কৰা
যিমানে তুমি দিবা
সিমানে তুমিও পাবা ,
বৈ যাব প্ৰেমৰ নিজৰা
তেহে পাবা শান্তিৰ সঁফুৰা ৷
দেৱপ্ৰসাদ বৰা
কছাৰীহাট চিনাতলী