অৰুণাচল প্ৰদেশ বিজেপিৰ সংগঠন পৰ্বত প্ৰদেশ বিজেপিৰ নতুন সভাপতি হিচাপে কলিং ময়ঙৰ নাম ঘোষণা কৰে কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

অৰুণাচল প্ৰদেশ বিজেপিৰ সংগঠন পৰ্বত প্ৰদেশ বিজেপিৰ নতুন সভাপতি হিচাপে কলিং ময়ঙৰ নাম ঘোষণা কৰে কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ইটানগৰ, অৰুণাচল,ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয়মন্ত্ৰী তথা বিজেপি নেতা সৰ্বানন্দ সোণোৱালে অৰুণাচল প্ৰদেশত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন পৰ্বত উপস্থিত থাকি অৰুণাচল প্ৰদেশ বিজেপিৰ নতুন সভাপতি হিচাপে কলিং ময়ঙৰ নাম ঘোষণা কৰে।এগৰাকী নিষ্ঠাবান আৰু কৰ্মোদ্যমী কাৰ্যকৰ্তা কলিংময়ঙে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাৰ বলিষ্ঠ নেতৃত্বত অৰুণাচল প্ৰদেশত বিজেপিৰ সাংগঠনিক শক্তিকৰণৰ দিশত উল্লেখযোগ্য অৰিহণা যোগাই যাব বুলি সোণোৱালে উল্লেখ কৰে আৰু এই বিশেষ উপলক্ষত তেখেতক আন্তৰিক অভিনন্দন তথা নতুন কাৰ্যকালৰ বাবে শুভকামনা জ্ঞাপন কৰে।তদুপৰি বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ বাবে অৰুণাচলৰ প্ৰতিনিধি হিচাপে য়ালে মটা গাবুৰাং, টাগিন চিগা আৰু কামৰাং টেচিয়াৰ নাম ঘোষণা কৰে কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰতৰ যাত্ৰাক ন উদ্যমেৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে সাংগঠনিক কাম-কাজৰ ত্বৰান্বিতকৰণেৰে সবল ভূমিকা ল’ব লাগিব বুলি সোণোৱালে উল্লেখ কৰে। কেন্দ্ৰীয়মন্ত্ৰী গৰাকীৰসৈতে উপস্থিত থাকে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, উপ-মুখ্যমন্ত্ৰী চৌনামেই, অৰুণাচলৰ প্ৰভাৰী অশোক সিংহল প্ৰমুখ্যে অন্যান্য বিষয় ববীয়াসকল।

সোণোৱালে ভাষণ প্ৰসংগত কয়, “বিগত ১০ বছৰত অৰুণাচল প্ৰদেশত থাসমগ্ৰ উত্তৰ-পূব ভাৰতত আন্তঃগাঁথনিৰ অভূত পূৰ্ব বিকাশ হৈছে, বিগত ১০বছৰত দিল্লী নিজেই উত্তৰ-পূৰ্বাঞ্চলৰ ওচৰ চাপি আহিছে।ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত সৰ্বস্তৰৰ জনসাধাৰণৰ বাবে সৰ্বাংগীণ বিকাশ, সম-মৰ্যাদা, সমৃদ্ধি, সমতা, সৰ্বত্ৰশান্তি, সংস্কাৰ, সমন্বয় সাধন কৰা মিত্ৰ শক্তি হৈছে কেৱল ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁট।মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত বিগত ১০ বছৰত এনডিএচ ৰকাৰে সমগ্ৰ দেশতে উন্নয়নৰ এক নৱজাগৰণৰ সূচনা কৰিছে, যিটো পূৰ্বৰ চৰকাৰৰ শাসনকালত কেৱল সপোনহে আছিল।আগৰ চৰকাৰৰ দিনত দশক দশক ধৰি অপশাসন, ভ্ৰষ্টাচাৰ, স্বজন-তোষণ, অবাধ দুৰ্নীতিৰ জৰিয়তে দেশক কোঙা কৰি পেলোৱা হৈছিল। পিছে বিজেপি নেতৃত্বাধীন এনডিএ- ৰচৰকাৰে কেৱল ১০বছৰৰ ভিতৰতে শক্তিশালী নীতি, শক্তিশালী দৃষ্টিভংগী, শক্তিশালী নেতা থকাৰ বাবেই ভাৰতৰ প্ৰতিচ্ছবি বিশ্বৰ বুকুত শক্তিশালী আৰু সমৃদ্ধিশালী কৰি তুলিলে।”

সোণোৱাল কয়, “সূৰ্য উঠা প্ৰদেশ অৰুণাচলত উন্নয়নৰ নতুন জাগৰণৰ এতিয়া সূচনা হৈছে আৰু সৰ্বত্ৰে শান্তি-সমন্বয় বিৰাজমান কৰিছে।পৰ্যটন, আন্তঃগাঁথনি, যাতায়াত-যোগাযোগ, সংস্কৃতিৰ প্ৰসাৰ আদি বিভিন্ন দিশত ৰাজ্যখনক ন ৰূপত জিলিকাই তোলা হৈছে।মোদী চৰকাৰৰ বলিষ্ঠ নেতৃত্বত সমগ্ৰ ভাৰতৰ জনসাধাৰণে সামাজিক মৰ্যাদা লাভ কৰিছে।আমাৰ চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিৰ জৰিয়তে সুফল লাভ কৰিছে সৰ্বস্তৰৰ জনতাই আৰু ইয়াৰ জৰিয়তে সকলোৰে জীৱন ধাৰণৰ মান উন্নীত হৈছে।বিজেপি চৰকাৰ নেতৃত্বত থাকিলে দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱচাম নিবনুৱা হৈ থাকিব নালাগে।মেধা আৰু যোগ‍্যতাৰ বলত সকলোৱে নিজৰ জীৱন সুন্দৰকৈ নিৰ্বাহ কৰিব পাৰিছে।এখন আত্মনিৰ্ভৰ, বিকশিত আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ মাধ্যম হিচাপে আমি জনসেৱাক আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ।মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে ১০ বছৰৰ কাৰ্যকালত উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। মোদী ডাঙৰীয়াই ‘সবকা সাথ, সবকা বিকাশ’  নীতিৰে পাহাৰ-ভৈয়ামৰ প্ৰতিটো জাতি -জনগোষ্ঠীক লগত লৈ সকলোৰে মৰ্যাদাৰ বাবে যি যাত্ৰা আৰম্ভ কৰিলে, সেই যাত্ৰা হৈছে সমন্বয়ৰ যাত্ৰা, ভাৰতবৰ্ষক শক্তিশালী কৰাৰ যাত্ৰা, সৰ্বস্তৰৰ নাগৰিকৰ সবলীকৰণৰ যাত্ৰা।এই যাত্ৰাৰ সুবাদতে ভাৰতৰ প্ৰতিখন ৰাজ‍্যৰ জনসাধাৰণে আজি সম-বিকাশ লাভ কৰি সন্মান সহকাৰে জীয়াই থাকিবলৈ সক্ষম হৈছে। সামগ্ৰিকভাৱে ভাৰতে বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিৰ সন্মান বুটলিবলৈ  সক্ষম  হৈছে। ভাৰতীয় জনতা পাৰ্টিয়ে উত্তৰ- পূব ভাৰতৰ বিকাশ আৰু সমৃদ্ধিৰ যাত্ৰাত ন ইতিহাস ৰচনা কৰিছে।বিগত ১০বছৰত উত্তৰ- পূৰ্বাঞ্চলৰ সৰ্বাংগীণ উন্নয়নৰ বাবে ৫লাখ কোটি টকা বিনিয়োগ কৰা হৈছে।ৰাষ্ট্ৰ সৰ্বোপৰি ভাৱনাৰে ভাৰতীয় জনতা পাৰ্টিয়ে বিশাল মনলৈ নিষ্ঠাৰে কাম কৰি আহিছে।অৰুণাচল প্ৰদেশত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক কাম-কাজৰ অগ্ৰগতি অধিক শক্তিশালী কৰিবলৈ সক্ৰিয় ভূমিকা ল’বলৈ প্ৰতিগৰাকী কাৰ্যকৰ্তাকে মই আন্তৰিক আহ্বান জনালোঁ।‌বিশ্বৰ তিনিটা বৃহৎ অৰ্থনীতিৰ ভিতৰত ভাৰতক অন্তৰ্ভুক্ত কৰাৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন এনডিএ চৰকাৰৰ দৃঢ় লক্ষ্যত কাৰ্যকৰ্তা সকলেও সাৰ- পানী যোগাব লাগিব আৰু এই মহৎ বাৰ্তাৰে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত সমৰ্পিত সেৱা আগবঢ়াই যাবলৈ সকলোকে উদ্বুদ্ধ কৰিব লাগিব।”