অৰুণাচলত পুতি থোৱা অৱস্থাত উদ্ধাৰ অসমৰ ট্ৰাক চালকৰ মৃতদেহ

অৰুণাচলত পুতি থোৱা অৱস্থাত উদ্ধাৰ অসমৰ ট্ৰাক চালকৰ মৃতদেহ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ ট্ৰাক চালকক অৰুণাচলত হত্যা । ট্ৰাক চালকজনৰ হত্যাৰ ঘটনাই চেপা উত্তেজনাই বিৰাজ কৰিছে অসম অৰুণাচল সীমান্তৰ মাদুৰিপথাৰ অঞ্চলত। যোৱা ২২ আগষ্টত মাদুৰিপথাৰৰ আলিকাশ গাওঁৰ ট্ৰাক চালক সঞ্জয় নাথে AS18C/4741 ই’টাভৰ্তী ট্ৰাক লৈ অৰুণাচলৰ আপাৰ সোৱণশিৰিৰ জিলাৰ গেলিমলৈ গৈ থকা অৱস্থাত ডা’পৰিজু দলঙ পোৱা মাত্ৰকে এখন বগা ৰঙৰ বলে’ৰ বাহনত অহা ৬ জনীয়া দুৰ্বৃত্তৰ দলে ট্ৰাক চালক সঞ্জয় নাথক ডা’পৰিজু দলঙ পোৱা মাত্ৰকে এখন বগা ৰঙৰ বাহনত অহা ৬ জনীয়া দুৰ্বৃত্তৰ দলে সঞ্জয় নাথক মাৰপিট কৰি বলপূৰ্বকভাৱে গাড়ীত উঠাই লৈ যায় ।ঘটনাৰ খৱৰ লাভ কৰাত স্থানীয় দল সংগঠনৰ লগতে ট্ৰাক চালক সন্থাৰ তৎপৰতাত পৰিয়ালৰ লোকে লিকাবালি থানাত গোচৰ দাখিল কৰাৰ ভিত্তিত দুয়োখন ৰাজ্যৰ আৰক্ষীয়ে চলোৱা তদন্তত মহিলাসহ চাৰিগৰাকী অভিযুক্তক আটক কৰাত চালক সঞ্জয় নাথক হত্যা কৰি পুতি থোৱাৰ কথা স্বীকাৰোক্তিৰ পাছতে সোৱণশিৰি নৈৰ বালিচৰত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় চালকজনৰ মৃতদেহ।মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ অন্তত সেই নিশা মাদুৰিপথাৰ আলিকাশ গাঁৰ বাসগৃহত মৃতদেহ উপস্থিত হোৱাৰ পাছত এক শোকাকুল পৰিবেশে বিৰাজ কৰে । নিশাই স্থানীয় শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় । ইফালে চুবুৰীয়া ৰাজ্যখনত বাৰে বাৰে অসমৰ পৰা যোৱা ট্ৰাক চালক এনেধৰণৰ অপহৰণেৰে হত্যা কৰা ঘটনাক গৰিহণা জনায় স্থানীয় দল সংগঠনে। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী সঞ্জয় নাথৰ পৰিয়াল অসম-অৰুণাচল চৰকাৰৰ তৰফৰ পৰা এককালীন আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনায়। লগতে ঘটনাৰ মুল মাষ্টৰমাইণ্ড ডা’পৰিজু পাকুম কলনীৰ টাবু ডনিয়ে ইতিমধ্যেই আত্মসমৰ্পণ কৰিছে। দোষীক কঠোৰ শাস্তিৰ বিহাৰ লগতে আইনী সুৰুঙাৰ মাজেৰে যাতে দোষী বাচি নেযায় তাৰ বাবেও অৰুণাচল চৰকাৰক আহ্বান জনায় দল সংগঠনে । অন্যথা অৰুণাচল চৰকাৰৰ বিৰুদ্ধে সীমান্তত তীব্ৰ গণতান্ত্ৰিক অৰ্থনৈতিক আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে।