অহা ১৯ ছেপ্টেম্বৰত নতুনকৈ ১৭ লাখ লোকক প্ৰদান কৰিব  ৰেচন কার্ড 

 অহা ১৯ ছেপ্টেম্বৰত নতুনকৈ ১৭ লাখ লোকক প্ৰদান কৰিব  ৰেচন কার্ড 

ৰঙিলী বাৰ্ত্তাসেৱা-  অহা ১৯ ছেপ্টেম্বৰত অসমত অৰুণোদয় ৩.০ৰ শুভাৰম্ভ কৰাৰ লগতে নতুনকৈ ১৭ লাখ লোকক – ৰেচন কার্ড প্ৰদানৰ শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হ’ব। অৰুণোদয় ৩.০ৰ অধীনত ৰাজ্যখনত নতুনকৈ ১২ লাখ ৬০ হাজাৰ লোকক অৰুণোদয়ৰ সুবিধা দিয়া হ’ব। ৰাজ্যখনৰ ১২৬টা বিধানসভা সমষ্টিতে এই অনুষ্ঠান সেইদিনা মন্ত্রী-বিধায়ক-সাংসদসকলৰ উপস্থিতিত অনুষ্ঠিত হ’ব। গুৱাহাটীত কেন্দ্রীয়ভাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এখন সংবাদ মেলৰ জৰিয়তে চৰকাৰৰ এই ধ্বজাবাহী আঁচনি দুখনৰ পৰিসৰ বৃদ্ধিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। অৰুণোদয় ৩.০ৰ হিতাধিকাৰীসকলক যাতে অহা ১০ জানুৱাৰীৰ পৰা সুবিধা প্ৰদান কৰিব পাৰে তাৰ বাবে ব্যৱস্থা গ্রহণ কৰিব। এই সম্পর্কত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দিছপুৰস্থিত লোকসেৱা ভৱনৰ সভাকক্ষত ৰাজ্যৰ মন্ত্ৰী পৰিষদ, সাংসদ, বিধায়ক তথা জিলা আয়ুক্তসকলৰ সৈতে অৰুণোদয় ৩.০ আৰু ৰেচন কার্ড প্রদান সম্পর্কত ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।এই বৈঠকত মুখ্যমন্ত্রীগৰাকীয়ে  অহা ১৯ ছেপ্টেম্বৰত সমগ্ৰ অসমতে অৰুণোদয় ৩.০ আৰু নতুনকৈ ১৭ লাখ লোকক ৰেচন কার্ড প্রদান আঁচনিৰ শুভাৰম্ভ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি এই বিষয়ে মন্ত্রী-সাংসদ-বিধায়ক তথা জিলা আয়ুক্তসকলক গঠনমূলক সু-পৰামৰ্শ আগবঢ়োৱাৰ বাবে আহ্বান জনায়। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে পূৰ্বৰ বিধানসভা সমষ্টিসমূহৰ বিপৰীতে বিগত সংসদীয় নিৰ্বাচনৰ পিছৰে পৰা উন্নয়নমূলক আঁচনিৰ কাম-কাজসমূহ নতুনকৈ গঠন হোৱা বিধানসভা সমষ্টিৰ এলেকাকেন্দ্ৰিক কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। যিহেতুকে সমষ্টিহে পৰিৱৰ্তন হৈছে, কিন্তু বিধায়কজন পৰিৱৰ্তন হোৱা নাই। সেয়ে এগৰাকী বিধায়কৰ কাম-কাজ দুটা বা ততোধিক বিধানসভা সমষ্টিৰ গণ্ডীৰ ভিতৰলৈ সম্প্ৰসাৰিত হ’ব। অৰুণোদয় আঁচনিখন আধাৰৰ লগত সংলগ্ন কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হ’ব আৰু ৰেচন কার্ড থকা ব্যক্তিসকলকহে অৰুণোদয় আঁচনিত অন্তর্ভুক্ত কৰা হ’ব। পূর্বতে গাঁও পঞ্চায়ত এলেকাসমূহলৈ বিতৰণ কৰা এই আঁচনি বর্তমান ভোটকেন্দ্র এলেকাসমূহলৈ সম্প্ৰসাৰণ কৰা হ’ব। ৰেচন কাৰ্ডৰ বাবে পৰিয়ালৰ বাৰ্ষিক আয়ৰ সীমা চাৰি লাখ টকা আৰু অৰুণোদয়ত অন্তর্ভুক্তিৰ বাবে বার্ষিক আয়ৰ সীমা ২ লাখ টকা নিৰ্ধাৰণ কৰাৰ কথা উনুকিয়াই মুখ্যমন্ত্রী। এই বৈঠকতে মুখ্যমন্ত্ৰীগৰাকীয়ে হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত সমবিতৰণত গুৰুত্ব প্রদান কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক আহ্বান জনায়। জিলা আয়ুক্তসকলৰ অধ্যক্ষতাত গঠন হ’বলগীয়া জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতি গঠনৰ ক্ষেত্ৰত অভিভাৱক মন্ত্রীসকলক যাৱতীয় পৰামৰ্শ আগবঢ়াবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। জনসাধাৰণক আঁচনি দুখন সন্দৰ্ভত অৱগত কৰোৱাৰ বাবে স্থানীয় ভাষাত প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰিবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে বৈঠকখনত উল্লেখ কৰে।