অহা গ্রীষ্ম বন্ধৰ নষ্টালজিক দিনবোৰ…
সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ
আধুনিক যুগৰ সৈতে আমি যিমানেই খাপ খাই গৈ আছো সিমানেই আমাৰ স্বতঃস্ফূর্ত আনন্দৰ উৎসবোৰ নোহোৱা হৈ গৈ আছে। আত্মীয়স্বজনৰ প্ৰতি থকা ভালপোৱা মায়াও লাঘৱ হোৱা পৰিলক্ষিত হৈছে। আপোনত্বৰ অনুভূতিবোৰত যেন কাল অমানিশাৰ নজৰ লাগিছে।পৰিৱৰ্তনশীল সময়ে হৃদয়ৰ নিভৃত কোণত কেৱল অতীতৰ মধুৰ স্মৃতিবোৰৰ ঢৌহে তোলে । আগৰ সময় আৰু এতিয়াৰ সময়ৰ মাজত আকাশ-পাতাল ব্যৱধান। প্রতিযোগিতাৰ দৌৰত জীৱনটো উপভোগ কৰাৰ আচল মাদকতাই মোলান পৰিছে।
কিন্তু পাৰ কৰি অহা আমাৰ অতীতৰ ৰঙীন পৃথিৱীখনৰ কথা বাৰুকৈয়ে মনলৈ আহে। এসময়ত বিদ্যালয়ত গ্রীষ্ম বন্ধ দিলেই আনন্দৰ জোৱাৰ উঠিছিল; যাৰ বাবে এটা বছৰ অধীৰ আগ্রহেৰে বাট চাই থকা আছিলোঁ। ছয় মাহিলি পৰীক্ষা শেষ মানেই মামাৰ ঘৰলৈ যোৱাৰ যো-জা চলিছিল। এমাহ নিজৰ ইচ্ছানুসাৰে আনন্দ কৰা, খেল-ধেমালিৰে কেনেকৈ পাৰ হৈ গৈছিল গমেই পোৱা নগৈছিল ।
অন্যহাতে মামা-মামী, আইতাহঁতেও আমি যাম বুলি অপেক্ষাৰে বাট চোৱা আছিল। এক অন্য আনন্দৰ বিষয় আছিল। মামীয়ে আকৌ সন্ধিয়া হ’লেই কিতাপ পঢ়ুৱা দিনবোৰ বৰ্তমান এক মধুৰ স্মৃতিৰ পৃষ্ঠালৈ ৰূপান্তৰিত হৈছে। সৰুতে মোৰ এটাই ধাৰণা আছিল যে এফালৰ পৰা গ্রীষ্মবন্ধৰ গৃহকার্যবোৰ কৰি শেষ কৰা মানেই পঢ়া-শুনাৰ পৰা এমাহৰ বাবে মুক্ত হম। কিন্তু নাই, এতিয়া অনুভৱ কৰি নিজেই হাঁহো শিশুসূলভ মনৰ ধাৰণা সঁচাকৈয়ে অলীক কল্পনা আছিল..!
পঢ়াৰ পৰা আজৰি পোৱাৰ আশা আমাৰ আশা হৈয়ে আছিল । মামীয়ে এটা মাহ ঠিক বিদ্যালয়ৰ দৰেই পঢ়া- শুনাত ব্যস্ত ৰাখিছিল। মামীৰ মুখৰ এষাৰ কথা এতিয়াও প্ৰায়ে কৰ্ণগোচৰ হয় , ” মা, যিমান শিকিবা, সিমান তোমাৰেই থাকিব, শিক্ষা – বিদ্যা আৰু জ্ঞানৰ কোনো দিন ভাগ নহয়। আজীৱন নিজৰ লগতেই থাকিব।” (মামা- মামীয়ে মোক সৰুতে বেছিভাগ সময়েই “মা” বুলিয়ে মাতিছিল।) মামীৰ সেই কথাবোৰ আজি বাৰুকৈয়ে উপলব্ধি কৰিব পাৰিছোঁ। আজিৰ পৰা প্ৰায় পোন্ধৰ বছৰ আগৰ কথা। যদিওবা মই বাইদেৱতকৈ ( মামাৰ ছোৱালী) তিনি শ্রেণী তলত আছিলোঁ তথাপিও মামীয়ে বাইদেৱৰ কিতাপ- বহীবোৰ মোলৈ বুলি সযতনে ৰাখি থৈছিল। এতিয়াও কেইখনমান কিতাপ আছে , যিবোৰ মোৰ সংৰক্ষণত ৰাখিছোঁ। মামীয়ে সহজতে ইংৰাজী উচ্চাৰণ কৰিব পৰা এখন কিতাপ দিছিল। যিখন কিতাপ ছাত্ৰাৱস্থাত নিজে অধ্যয়ন কৰিছিলোঁ । আজি নিজে শিক্ষয়িত্রী হৈ সেইখন কিতাপৰ পৰা ছাত্র-ছাত্রীসকলক শিকাওঁ ।
সঁচাকৈয়ে সেইদিনবোৰ বৰ মধুৰ আছিল।যিহেতু সৰু আছিলো সন্ধিয়া হ’লেই মালৈ মনত পৰাটোৱেই স্বাভাৱিক কথা আছিল । মনত পৰিলেই কেতিয়াবা কান্দিছিলোঁ, কিন্তু তেওঁলোকৰ ঘৰলৈ যোৱাৰ পিছত মাৰ অনুপস্থিতিটো মামীয়ে কেতিয়াও অনুভৱ কৰিবলৈ দিয়া নাছিল। মাতৃৰ আচলৰ দৰেই মূৰৰ ওপৰৰ মৰম – স্নেহৰ হাতখন বুলাই ৰাখিছিল। মান- অভিমান, খং- জেদবোৰ মাকৰ দৰেই সহ্য কৰিছিল। কেতিয়াবা নুখোৱাকৈ টোপনি গ’লে ভাতমুঠি মাকৰ দৰেই মুখলৈ তুলি দিছিল । খুউৱা- ধুউৱাৰ পৰা আদি কৰি সকলোবোৰ কামেই বৰ যত্নৰে কৰিছিল। আমিও মামীক ‘মা’ৰ নজৰেৰেই দেখিছিলোঁ, এতিয়াও তাৰ ব্যতিক্রম নহয়।
যোৱাৰ পিছতেই দাদা দুজনে অ’ত-ত’ত বাইকত তুলি ফুৰাবলৈ লৈ যোৱা দিনবোৰ এতিয়া স্মৃতিৰ বুকুচাত। সন্ধিয়া হ’লেই মামাই খাবলৈ নানান বস্তু লৈ আহিছিল বিশেষকৈ “ঝালমুড়ি,” “বাৰমিসাল” সেইবোৰলৈ মনত পৰে। অন্যহাতে, আবেলি পৰত চাহ খোৱাটো মামাৰ এটা অভ্যাস আছিল, নিচা বুলি ক’লেও ভুল নহ’ব। এতিয়াও মামা সেই নিচাত অভ্যস্ত । দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত অলপ বাগৰ দিয়াৰ পিছতেই চাহৰ কাপটো হাতত লাগে, মই থকাকালীন প্ৰত্যক দিনেই এচামুচ চেনিৰ চাহ কাপটো মামাৰ হাতত তুলি দিছিলোঁ। মামাৰ কাৰণে চাহ বনোৱাটো মোৰ বাবে এক আনন্দৰ কাম আছিল। মামাৰো বৰ ভাল লাগিছিল। বিদ্যালয় খোলাৰ আগে আগে দেউতাই আনিবলৈ যোৱাৰ দিনৰ পৰাই সকলোৰে মনবোৰ সেমেকি গৈছিল। অৱশ্যে কেতিয়াবা দাদাই ঘৰলৈ থৈ আহিছিল।এটা মাহত যি এক মায়াৰ চাপ বহিছিল তাৰ বাবে যেন সকলোৰেই মই উভতি অহাৰ সময়ত মায়াৰ টোপালবোৰ দুধাৰৈ বৈ পৰিছিল । মইয়ো হুক্হুকাই কন্দা দৃশ্যবোৰ এতিয়াও চিত্ৰপটত প্ৰতিভাত হয়। মামা – মামী, আইতাই অহাৰ পৰত হাতত জোৰ কৰি দিয়া টকাৰ মুঠিবোৰ মোৰ বাবে কেৱল টকাই নাছিল, অন্য এক সম্পত্তি আছিল। যিবোৰ আছিল মৰমৰ একো একোটা টুকুৰা, আশীৰ্বাদৰ চিন আছিল।পাৰ কৰি অহা সেই মধুৰ দিনবোৰ কেতিয়াও পাহৰিব নোৱাৰা এক স্মৃতি হৈ উশাহবোৰ শেষ নিশাহ নোহোৱালৈ মনৰ নিকুঞ্জবনত চিৰঞ্জীৱ হৈ থাকিব।
বৰ্তমান কৰ্মব্যস্ততাৰ বশৱৰ্তী হৈ যদিও প্ৰতি বছৰে মামাৰ ঘৰলৈ যোৱা নহয় তথাপিও গৰম বন্ধ আহিলেই মনটো সেই ল’ৰালি দিনলৈ উৰা মাৰে। যদিও ছাত্ৰাৱস্থাৰ পৰা শিক্ষয়িত্রী হ’লো তথাপিও সেই গ্রীষ্ম বন্ধ বুলি মামাৰ ঘৰলৈ যোৱাৰ যি এক আৱেগ আছিল সেয়া এতিয়াও জীপাল হৈ আছে। বিদ্যালয়ত ল’ৰা-ছোৱালীবোৰক গৰম বন্ধত ক’লৈ যাবা বুলি সুধিলে , বহুতেই পৰিস্থিতিৰ স্বীকাৰ হৈ পিতৃ-মাতৃৰ সৈতে ইটাভাটালৈ যাব বুলি কয় , পেটৰ তাড়নাৰ বাবে কন কনকেইটাৰ আশা , সপোনবোৰ বুকুতে কফন কৰি দিয়ে । সকলোবোৰ প্ৰত্যক্ষ কৰিও সময়ত চাপত মৌনতা অৱলম্বন কৰিবলগীয়া হয়…! যেতিয়া কিছুসংখ্যক হ’লেও কয় যে “নানীবাৰীত” যাব বুলি তেতিয়া উফ্….! কৈ থকা শব্দবোৰত, এক অন্য সুখ পাওঁ, ওঁঠ দুটিক এক মিচিকিয়া হাঁহিয়ে বৰণ কৰে । বৈ যোৱা সময় ক্ষন্তেক ৰৈ যোৱা হ’লে …অতীতৰ সোনোৱালী দিনবোৰলৈ আকৌ উভতি যাব পৰা হ’লে…!!
আইতাৰ মৰমবোৰ উফ! এতিয়া মনত পৰিলে বুকুখনত কামুৰি ধৰে। আইতা বা মা কোনোৱেই আজি এই পৃথিৱীত নাই যদিও মামাৰ ঘৰৰ আদৰ – আব্দাৰৰ মোনাখন এতিয়াও পৰিপূৰ্ণ হৈ আছে। সেই ঘৰখনৰ প্রতি যি মায়া-মোহ আছে, সেয়া আজীৱন চিৰসেউজ হৈ থাকিব।
গতিকে, অৱশেষত ক’ব পাৰোঁ যে আজিকালিৰ ল’ৰা-ছোৱালীৰ মাজত খুম কমকৈ আমাৰ দিনৰ সেই অনুভূতিবোৰ দেখিবলৈ পোৱা যায়। কিছুমান অভিভাৱকেতো সন্তানক বিদ্যালয়ত নাম ভর্তি কৰোৱাৰ পিছৰ পৰাই তেওঁলোকৰ ইচ্ছা-অনিচ্ছাৰ প্রতি কাণসাৰ নিদিয়ে। নিতৌ ৰাতিপুৱা- আবেলি টিউচন, দেওবাৰৰ দিনটোতো আৰ্ট নতুবা অন্যান্য নাচ, গানৰ বিদ্যালয়তে সীমাবদ্ধ আধুনিক সন্তানৰ জীৱন। এইবোৰো দৰকাৰ কিন্তু আত্মীয়স্বজনৰ প্ৰতি থকা ঘনিষ্ঠতা ,সম্পর্কবোৰল ভাৰসাম্য ৰক্ষাৰ শিক্ষা সৰুৰেই পৰাই দিয়া উচিত নহয় নে ? বিদ্যালয়ৰ গধুৰ বেগটোৰ ভাগৰ নোযোৱাতেই কান্ধত আন এটা বোজা জাপি দিয়া হয়। সুপ্তপ্ৰতিভা বিকাশৰ প্রয়োজন আছে , যদিও প্ৰতিযোগিতাৰ যুগত সর্বাত্মক বিকাশৰ ওপৰতেই বেছিকৈ গুৰুত্ব দিয়া দেখা যায় , সেই বুলি সিহঁতৰ উশাহটো পেলাবলৈ সময় নিদিয়া হয় কিছুসংখ্যক অভিভাৱকে। প্রতিদ্বন্দ্বী মনোভাৱে আমাৰ সম্পর্কবোৰতো বিশাল দেৱালৰ সৃষ্টি কৰাৰ উপক্রম হৈছে। মুকলি মন এটা লৈ ল’ৰা ছোৱালীয়ে আনন্দ উপভোগ কৰাটো দূৰৰে কথা ঘৰত থকাকালীন ঘৰৰ বাহিৰত গৈ সমনীয়াৰ সৈতে খেল-ধেমালিৰ পৰাও বিৰত ৰখা হয়। যিটো কদাপি সমীচীন নহয়। সৰ্বাত্মক বিকাশৰ ক্ষেত্ৰত দলীয় কাৰুকাৰ্যই প্ৰভাৱ পেলাই। সহযোগিতা , পৰোপকাৰিতা মনোভাৱ দৃঢ় হয় ।
কেৱল বিদ্যালয়ৰ হোমৱৰ্ক, এক্সট্রা এক্টিভিটিতে অহৰ্নিশে ব্যস্ত নাৰাখি , আপোনত্বৰ গুৰুত্ব বুজিবলৈ মাজে সময়ে আপোন লোকৰ সান্নিধ্যত তেওঁলোকক মুকলি কৰি দিব লাগে । গতিকে, সম্পর্কবোৰ জীয়াই ৰাখিবলৈ , আপোনত্বৰ অনুভূতিবোৰক সজীৱ কৰি ৰাখিবলৈ পঢ়া-শুনাৰ লগতে গ্রীষ্মৰ বন্ধটো ছাত্ৰ-ছাত্ৰীসকলে যাতে আনন্দৰে উপভোগ কৰিব পাৰে ,তাৰ বাবে সুস্থিৰ পৰিৱেশৰ সৃষ্টি কৰাটো আমাৰ অভিভাৱকসকলৰেই দায়িত্ব নহয় জানো?। সিহঁতৰ লগতে নিজেও দৈনন্দিন ব্যস্তাত নানা সমস্যাই গধুৰ কৰা মনাকাশখন ফৰকাল কৰি চাওকচোন। ৰঙীন মুহূৰ্তবোৰ চিৰকাল চিৰসেউজ কৰি ৰাখিবলৈ প্ৰয়াস কৰকচোন , চাব এই স্মৃতিবোৰেই এসময়ত সুঁৱৰি পৰম আনন্দ পাব।