অস্তৰাগ – ইমৰান আনছাৰি

অস্তৰাগ

ইমৰান আনছাৰি
প্ৰথম ষান্মসিকৰ ছাত্ৰ,
বি. বৰুৱা মহাবিদ্যালয়

নিৰব আজি সভা থলি
প্ৰবল ঢৌ উঠিছে চকুত ,
বদনত যদিও হাঁহিৰ বিৰঙনি
কলা মেঘে আৱৰিছে বসন্তৰ বুকু।

সময় আজি এৰিবৰ
অতীতক এৰি নতুনক ধৰিবৰ ,
ৰৈ যোৱা বহু কথাই
ঢৌ উঠাইছে মাথোঁ আবেগৰ
পাৰ ভাঙিছে কেবল
মনৰ নিজানৰ।

শান্ত আজি সকলোত,
কল্লোল জনিত চকুলোত
বিদায়ৰ যন্ত্ৰনাই
অমানিশাই বাস লৈছে
এই বসন্তৰ বুকুত।

প্ৰবেশ কৰি অন্তীম মূহুৰ্তত
উচপিছে আজি
আপোনে আপোনাৰ বিদায়ত।
বিদায় শব্দটো যদিও স্বাভাৱিক
বিলীন আজি সকলো
এই বিদায়ৰ গ্ৰাহত।