“অস্কাৰতকৈও বেছি ‘মূল্যৱান’ আইদেউ সন্দিকৈ বঁটা’’- অভিনেত্রী সীমা বিশ্বাস
বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ—
আইদেউ সন্দিকৈৰ নীতি-আদর্শ বর্তমান সময়ৰ শিল্পী-অভিনেত্রীসকলে অনুসৰণ কৰিব লাগে বুলি অনুষ্ঠানত অংশ লৈ মন্তব্য বিশিষ্ট লেখিকা মৃণালিনী দেবীৰ—
মৃদুস্মিতা শৰ্মা, বোকাখাত, ৰঙিলী বার্ত্তাসেৱা- ‘মই লাভ কৰা মৃত্যুঞ্জয়ী শিল্পী আইদেউ সন্দিকৈ বঁটাটি অস্কাৰতকৈও বেছি মূল্যৱান। এই বঁটাই মোৰ দায়িত্ব আৰু কর্তব্য আৰু দুগুণে বঢ়ালে।’ আজি বোকাখাত নাট্য মন্দিৰত মৃত্যুঞ্জয়ী শিল্পী আইদেউ সন্দিকৈ শিল্পী বঁটা গ্রহণ কৰি এই মন্তব্য আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসৰ। ১৭ ডিছেম্বৰত মৃত্যুঞ্জয়ী শিল্পী আইদেউ সন্দিকৈৰ একবিংশতিতম স্মৃতি দিৱস উপলক্ষে বোকাখাত নাট্যমন্দিৰত বিশিষ্ট অতিথিৰ ভাষণত মৃণালিনী দেৱীয়ে কয় যে “আমিও একালত ৰক্ষণশীল সমাজৰ গ্ৰাসত পৰিছিলোঁ।পিতৃ ধৰ্ম পালন কৰি আমাকো ১১ বছৰ বয়সতে বিয়া দিয়া হৈছিল।আজি আৰু সেই দিন নাই।সমাজলৈ সংস্কাৰ আহিছে। তথাপিও এখন আদৰ্শ সমাজ গঢ়িবলৈ মহিলা সকলেই আগ ভাগ ল’ব লাগিব। আমাৰ চহকী সাংস্কৃতিক পাশ্চাত্য অপ সংস্কৃতিৰ গ্ৰাসত হেৰাবলৈ দিব নোৱাৰি।” এই গুৰুত্বপূৰ্ণ বক্তব্য ডাঙি ধৰে বিশিষ্ট লেখিকা,অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভানেত্ৰী মৃণালিনী দেৱীয়ে।সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ আতিথ্যত, বোকাখাত নাট্য মন্দিৰৰ সহযোগত অনুষ্ঠিত মৃত্যুঞ্জয়ী শিল্পী আইদেউ সন্দিকৈ সোঁৱৰণি শিল্পী বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি মৃণালিনী দেৱীয়ে আৰু কয় যে, এতিয়া সকলো সজাগ হোৱা প্ৰয়োজন। গুৰুজনাৰ অপূৰ্ব সৃষ্টি ৰাজিক আমি বিশ্ব দৰবাৰলৈ লৈ যাব লাগিব। ৰক্ষণশীল সমাজ খনৰ বলী হৈছিল আইদেউ সন্দিকৈ। জয়মতী ছবিত বঙহৰদেউ বুলি কোৱাৰ বাবেই উপেক্ষা কৰা হৈছিল তেখেতক । কিন্তু সেই গৰাকী আইদেউ সন্দিকৈ হ’লগৈ অসমীয়া কথাছবিৰ অন্যতম কিংবদন্তি মহিলা। অসমীয়া চিনেমাৰ বাট মুকলি কৰি থৈ গ’ল তেখেতে। সামাজিক উত্তৰণৰ বাবে সকলোৰে আধ্যাত্মিক গুণো থাকিব লাগিব। তেতিয়াহে আমাৰ সভ্যতা সংস্কৃতি ৰক্ষা পৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ, বিশিষ্ট সাহিত্যিক মৃণালিনী দেৱীয়ে।
আনহাতে আজিৰ সভাত মুখ্য অতিথি ৰূপে অংশ লৈ চট্টিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই “কিতাপ পঢ়াৰ আন্দোলন” বুলি নকৈ, কিতাপ পঢ়াৰ এক পৰিৱেশ সৃষ্টি কৰিবলৈ মাতৃ সকলক আহ্বান জনায়। এই অনুষ্ঠানত সপত্নীক উপস্থিত থাকি ৰাজ্যপাল গৰাকীয়ে কয় যে সদৌ অসম লেখিকা সমাৰোহৰ কাম কাজ তেখেতে লক্ষ্য কৰি আহিছে। সেয়েহে অহা বছৰৰ পৰা আন একোগৰাকী বিশিষ্ট মহিলাক বঁটা প্ৰদান কৰিব পৰাকৈ সমাৰোহক ২ লাখ টকা প্ৰদান কৰিব। এই টকাৰ বাৰ্ষিক সুদেৰে এই বঁটা প্ৰদান কৰিব পাৰিব। তেখেতে এটি ভাওনাৰ দল নি চট্টিশগড়ত ভাওনা প্ৰদৰ্শন কৰোৱাৰ লগতে লেখিকা সমাৰোহ সমিতিকো নিমন্ত্ৰণ দিব বুলি কয়।ইয়াৰ পূৰ্বে ৰাজ্যপাল গৰাকীয়ে ঐতিহাসিক চিকণ আতা থানত সেৱা লয়।
সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত “বেণ্ডিত কুইন” খ্যাত বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বসক “মৃত্যুঞ্জয়ী শিল্পী আইদেউ সন্দিকৈ বঁটা” প্ৰদান কৰা হয়। বঁটা গ্ৰহণ কৰি বিশিষ্ট অভিনেত্ৰী গৰাকীয়ে আইদেউ সন্দিকৈৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি কয়যে “এইয়া মোৰ জীৱনৰ অন্যতম প্ৰাপ্তি। এই সন্মান অস্কাৰতকৈ কম নহয় ৷ এই প্ৰাপ্তিয়ে মোৰ জীৱন ধন্য কৰিলে। আইদেউ সন্দিকৈক স্মৰণ কৰি কয় যে আজি ডিজিটেল প্ৰচাৰৰ সময়ত সকলো ভাল বেয়া কথা তাৎক্ষণিক ভাৱে প্ৰচাৰ হয়। কিন্তু চিনেমা কৰাৰ পাছত আইদেউ সন্দিকৈৰ সেই সময়, একাষৰীয়া ঘৰ, সমাজৰ পৰা একাষৰীয়া জীৱন,সেই জীৱনৰ সাৰ্থকতাৰ কথা “জয়মতী” আইদেউ সন্দিকৈয়ে জীৱনৰ শেষ সময়তহে অনুভৱ কৰিব পাৰিলে।
নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকি গড়গাঁও কলেজৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই “ভোলাগুৰি চাহবাগিচাৰ পৰা অস্কাৰলৈ অসমীয়া বোলছবিৰ জয়যাত্ৰা” শীৰ্ষক বক্তৃতা প্ৰদান কৰে। বক্তৃতা প্ৰসংগত মহন্তই অসমীয়া চিনেমাৰ ইতিহাস, পৰিৱৰ্তন আৰু সাম্প্ৰতিক সময়লৈকে ঘটা উত্তৰণৰ বিষয়ে বিশাল ব্যাখ্যা আগ বঢ়ায়।
সব্যসাচী মহন্তই তেখেতৰ ভাষণত আৰু কয় যে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ এই অনুষ্ঠানত উপস্থিত হৈ মই অভিভূত হৈছোঁ আৰু এই অনুষ্ঠানত মোক নিমন্ত্ৰণ কৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ । মহিলা সৱলীকৰণৰ দিশত আজি লেখিকাসকলে যথেষ্ট আগবাঢ়ি গৈছে যদিও এতিয়াও মহিলাই নিজৰ বাবে যুঁজি থাকিবলগীয়াই হৈছে ৷
উল্লেখযোগ্য যে পুৱা মূল পতাকা সূৱৰ্ণ শইকীয়া বৰদলৈয়ে উত্তোলন কৰাৰ লগতে সন্ধানীৰ পতাকা উত্তোলন কৰে সভানেত্ৰী পুতলী খাউণ্ডে। লগতে আন ২৪ খন পতাকা উত্তোলন কৰে ২৪ গৰাকী বিশিষ্ট মহিলাই। সদৌ অসম লেখিকা সমাৰোহৰ প্ৰতিষ্ঠাতা ড° শীলা বৰঠাকুৰ , শিল্পী আইদেউ সন্দিকৈ,প্ৰেৰণাময়ী অন্নদা শইকীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় কাৰ্যকৰী সভানেত্ৰী দুগৰাকী ক্ৰমে ড° ভাৰতী দত্ত ,স্নিগ্ধাৰাণী গগৈ আৰু বোকাখাত নাট্য মন্দিৰৰ সভাপতি দিলীপ শইকীয়াই।মাল্য অৰ্পণ কৰে উপসভানেত্ৰী দৰ্পণা বৰা নেওগ আৰু কল্পনা কলিতাই। কেন্দ্ৰীয় প্ৰধান সম্পাদিকা মনোমতী কুৰ্মীয়ে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানৰ আঁত ধৰে যুটীয়া সম্পাদিকা গীতাঞ্জলি কলিতাই ।অনুষ্ঠান উদ্বোধন কৰে সাহিত্য পেঞ্চনাৰ , লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা বিনীতা দত্তই ৷ আদৰণি ভাষণ আগবঢ়াই বোকাখাত নাট্য মন্দিৰৰ সম্পাদক,অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই বোকাখাতৰ বৰ্ণিল ইতিবৃত্ত ডাঙি ধৰে। সভাত বোকাখাত সমজিলাৰ আয়ুক্ত শিৱানী জাৰ্ণঙেল, অপূৰ্ব বৰদলৈকে ধৰি ভালেসংখ্যক মহিলা সাহিত্যিক অনুষ্ঠানটোৰ বিষয়ববীয়া উপস্থিত থাকে।স্মৃতিগ্ৰন্থ উন্মোচন কৰে প্ৰাক্তন সভাপতি ড° চাৰু চহৰীয়া নাথে। অন্তিম কাৰ্যসূচীত বিশিষ্ট সমাজকৰ্মী,ভাৰত গৌৰৱ বঁটাৰ বাবে নিৰ্বাচিত মহাবীৰ প্ৰসাদ আগৰৱালা, সাহিত্যিক বঁটাৰ বাবে মিনতি দলেকে ধৰি কেইবাজনকো সম্বৰ্ধনা জনায়।উক্ত অনুষ্ঠানত বোকাখাতৰ গৰিষ্ঠসংখ্যকে ভাগ লোৱাৰ উপৰিও ছাত্ৰছাত্ৰীও উপস্থিত থাকে ৷