অসহায় মানুহে জোখতকৈ অধিক পালে ওপৰলৈ উঠে
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
পোনপ্ৰথমে মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে, ময়ো নিজে এজন নিম্ন মধ্যবিত্ত ঘৰৰে লৰা। সেয়েহে কথা এটা মোৰ আলোচনা পূৰ্বে উথপথপ কৰাৰ বাবে এইকাৰণে দৰকাৰ যে, কোনেওঁ যাতে মই আলোচনা কৰিবলৈ ধৰা বিষয়-বস্তুৰ ভুল বাখ্যা উলিয়াবলৈ যত্ন নকৰে। মই মাত্ৰ নিজৰ কম বয়সীয়া ব্যক্তিগত অনুভৱৰ পৰাহে উপৰোক্ত বিষয়-বস্তুৰ ওপৰত আলোকপাত কৰিবলৈ যত্ন কৰিছোঁ।অসহায় মানুহে জোখতকৈ অধিক পালে ওপৰলৈ উঠে । এই কথাখিনি সঁচা নে মিছা আপোনালোক প্ৰতিজন মানুহে নিজ নিজ জীৱনত এবাৰ হ’লেও অনুভৱ কৰিবলৈ সক্ষম হৈছে। যেতিয়া আপুনি এজন অসহায় ব্যক্তি বুলি নিজৰ সামৰ্থ্য অনুযায়ী সহায়ৰ হাত আগবঢ়ায় দিয়াত তৎপৰ হয়। ঠিক তেতিয়াই অসহায় ব্যক্তিগৰাকীয়ে লাহে লাহে কৰি আপোনাৰ পৰা আৰু অধিক ৰূপত আশা কৰিবলৈ ধৰে। ইয়াৰ পৰবৰ্তী সময়ত যেতিয়াই আপুনি অসহায় ব্যক্তিগৰাকীৰ কিছুমান কথাত অমান্তি প্ৰকাশ কৰে ঠিক তেতিয়াই দুয়োজনৰ সম্পৰ্কবোৰৰ মাজত লাহে লাহে কৰি বাধা উৎপন্ন হোৱা দেখা যায়। অৰ্থাৎ এজন অসহায় ব্যক্তিগৰাকীয়ে নিজৰ আশা, আকাংক্ষাৰ মাজত প্ৰায়েই নিয়ন্ত্ৰণ হেৰাই পেলোৱা দেখা যায়। কাৰণ অসহায় ব্যক্তিগৰাকীয়ে কাৰোবাৰ পৰা কিবা জোখতকৈ অধিক সহায় পাবলৈ ধৰে তেন্তে অসহায় ব্যক্তিগৰাকীয়ে বহু ওপৰলৈ উঠি যোৱা পৰিলক্ষিত হয়। ইয়াৰ ফলত এটা সময়ত গৈ গৈ অসহায় ব্যক্তিগৰাকীয়ে নিজৰ মাজতে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। আচলতে এজন অসহায় ব্যক্তি হোৱাৰ লগে লগে ব্যক্তিগৰাকীৰ স্বভাৱ-চৰিত্ৰ মৰমিয়াল হোৱাৰ দৰকাৰ। ইয়াৰ উপৰি এজন অসহায় ব্যক্তিয়ে যদি উন্নতিৰ মাৰ্গ প্ৰস্তুত কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে তেন্তে নিজৰ আশা, আকাংক্ষাৰ ওপৰত সদায় নিয়ন্ত্ৰণ আনিবলৈ চেষ্টা অব্যাহত ৰখা উচিত।