অসম সত্ৰ মহাসভাৰ ৫২ সংখ্যক পূৰ্ণাঙ্গ অধিৱেশনৰ সফল পৰিসমাপ্তি

অসম সত্ৰ মহাসভাৰ ৫২ সংখ্যক পূৰ্ণাঙ্গ অধিৱেশনৰ সফল পৰিসমাপ্তি

ৰঙিলী বাৰ্ত্তাসেৱা- অসম সত্ৰ মহাসভাৰ ৫২ সংখ্যক পূৰ্ণাঙ্গ অধিৱেশন সফলতাৰে পৰিসমাপ্তি ঘটে। বগুৱান বাসীৰ অভূতপূৰ্ব আতিথ্য আৰু অসমৰ উজনিৰ পৰা নামনিলৈকে সত্ৰৰ সেৱক সকলৰ উপস্থিতিত অনুষ্ঠিত অধিৱেশনত মহাসভাই সৰ্ব সন্মতি ক্ৰমে ১০ টা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰথম প্ৰস্তাৱ অনুসৰি অসমৰ ভগ্নপ্ৰায় সত্ৰ সমূহৰ ভিতৰত ৮৫০ খন সত্ৰই অদ্যপৰিমিত চৰকাৰী সাহায্য লাভ কৰা নাই। অসম তথা অসমীয়াৰ প্ৰাণ স্বৰূপ এই সত্ৰসমূহৰ আন্ত গাঁথনি উন্নয়নৰ অৰ্থে শীঘ্ৰে অসম চৰকাৰে অৰ্থ সাহায্য মুকলি কৰি দিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সজোৰে আহ্বান জনাই সত্ৰ মহাসভাই এক প্ৰস্তাৱ গ্ৰহণ কৰে। ইতিমধ্যে সত্ৰৰ ভূমি বেদখল মুক্ত কৰাত ৰাজ্য চৰকাৰে যি যুগান্তকাৰী ভূমিকা পালন কৰিছে তাকহে মহাসভাই সন্তোষ প্ৰকাশ কৰে আৰু অনাগত দিনবোৰত বাকী থকা সত্ৰ সমূহৰ বেদখল মুক্ত কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়৷জগত গুৰু শ্ৰী মন্ত শংকৰ দেৱ , মাধৱ দেৱ তথা পৰৱৰ্তী গুৰু সকলৰ দ্বাৰা সৃষ্ট অপূৰ্ব কলা কৌশল বিলাক বিশ্বৰ দৰবাৰত প্ৰচাৰ আৰু প্ৰসাৰৰ তাগিদাত ৰাজ্য চৰকাৰে অসমৰ প্ৰতিখন জিলাৰ সদৰত শ্ৰীমন্ত শংকৰদেৱ কলাভৱন নিৰ্মাণ কৰিবলৈ আহ্বান জনাই এক প্ৰস্তাৱ গ্ৰহণ কৰে৷ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত সত্ৰীয়া নৃত্যৰ বিশাল প্ৰসাৰৰ অৰ্থে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক ভাৰতৰ প্ৰতিখন মহানগৰত সত্ৰীয়া সংস্কৃতি কেন্দ্ৰ স্থাপন কৰিবলৈ হেঁচা প্ৰয়োগ কৰিবলৈ আহ্বান জনাই এক প্ৰস্তাৱ গ্ৰহণ কৰে৷ শ্ৰীমন্ত শংকৰদেৱ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গুৰু। গতিকে গুৰুজনাৰ নামত ভাৰতৰ সমূহ বিশ্ববিদ্যালয়ত একোখন আসন ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই এক প্ৰস্তাৱ গ্ৰহণ কৰে। এইক্ষেত্ৰত অসম চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগে বুলি মহাসভাই অনুভৱ কৰে। ভাৰতৰ বিভিন্ন ঠাইত অসম সত্ৰ মহাসভাৰ দ্বাৰা সাংস্কৃতিক কৰ্মশালা, প্ৰদৰ্শনী আদি অনুষ্ঠিত কৰাবলৈ অসম চৰকাৰক আহ্বান জনাই এক প্ৰস্তাৱ গ্ৰহণ কৰে। অসম সত্ৰ মহাসভাৰ ভগ্নপ্ৰায় কেন্দ্ৰীয় কাৰ্যালয়টি মেৰামতি কৰিবলৈ প্ৰয়োজনীয় পুঁজি আবণ্টন দিবলৈ মুখ্যমন্ত্ৰী ডক্তৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই এক প্ৰস্তাৱ গ্ৰহণ কৰে৷ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত সত্ৰীয়া নৃত্যক এটা বিষয় হিচাপে অসম চৰকাৰৰ বিদ্যালয়সমূহৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাই এক প্ৰস্তাৱ গ্ৰহণ কৰে। অসম তথা অসমীয়াৰ প্ৰাণ স্বৰূপ ৰাজ্যৰ নামঘৰ সমূহৰ উন্নয়নৰ হকে অসম চৰকাৰে আগবঢ়োৱা অৰ্থ সাহায্যৰ বাবে সত্ৰ মহাসভাই গভীৰ সন্তুষ্টি প্ৰকাশ কৰে। বাকী থকা নামঘৰ সমূহকো অৰ্থ সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনাই এক প্ৰস্তাৱ গ্ৰহণ কৰে৷ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ নিৰাপত্তা হীনতাত ভোগা সত্ৰ সমূহক প্ৰয়োজনীয় নিৰাপত্তা প্ৰদান কৰিবলৈ অসম চৰকাৰক আহ্বান জনাই এক প্ৰস্তাৱ গ্ৰহণ কৰে।