অসম মন্ত্ৰীসভাৰ অনুষ্ঠিত কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

p.c- The News Minute

অসম মন্ত্ৰীসভাৰ অনুষ্ঠিত কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম মন্ত্ৰীসভাৰ অনুষ্ঠিত কেবিনেট বৈঠকে এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰে যে এতিয়াৰে পৰা বনাঞ্চলৰ বাহিৰত থকা নিজৰ বাৰী, খেতিপথাৰত থকা বিভিন্ন গছ-গছনি কটাত বন বিভাগৰ পৰা কোনো অনুমতি ল’ব নালাগে।কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদ মেলযোগে সেই বিষয়ে সদৰী কৰি কয় যে পূৰ্বতে নিজৰ বাৰী বা খেতিপথাৰত থকা সেইসমূহ গছ-গছনি কটাৰ ক্ষেত্ৰতো বন বিভাগৰ অনুমতি ল’ব লাগিছিল।কিন্তু উত্তৰ প্ৰদেশত তেনেধৰণৰ গছ গছনি কটাত বন বিভাগৰ কোনো অনুমতি নালাগে। ফলত উত্তৰ প্ৰদেশত এগ্ৰ’ কৰেষ্ট্ৰী উদ্যোগ যথেষ্ট আগবাঢ়ি যোৱাৰ বিপৰীতে অসমত প্লাইউড উদ্যোগ শেষ হৈ গ’ল। কাৰণ সেইসমূহ গছ-গছনিৰ পৰাই প্লাইউড উৎপাদন হয়। ইয়াৰ বাবেই কেবিনেটে নিজৰ বাৰীত থকা বা খেতিপথাৰত থকা সেইসমূহ গছ-গছনি কটাৰ ক্ষেত্ৰত এতিয়াৰে পৰা বন বিভাগৰ কোনো অনুমতি ল’ব নলগাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে বন বিভাগৰ অধীনস্থ এলেকাত থকা তেনে গছসমূহ কটাৰ ক্ষেত্ৰত বন বিভাগৰ অনুমতিৰ প্ৰয়োজন হ’ব। তদুপৰি ৰাজ্যত এগ্ৰ’ ফৰেষ্ট্ৰী কৰ্প’ৰেচন এটাও গঠন কৰাৰ বিষয়ে মুখ্যমন্ত্ৰী ড° শৰ্মাই উল্লেখ কৰে।