অসম-মণিপুৰ সীমান্তত ৬ মেইটেই শিশু-মহিলাৰ মৃতদেহ উদ্ধাৰ

অসম-মণিপুৰ সীমান্তত ৬ মেইটেই শিশু-মহিলাৰ মৃতদেহ উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম-মণিপুৰ সীমান্তৰ সমীপৰ জিৰিমুখ অঞ্চলৰ বৰাক নৈৰ পৰা ছয়টা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে পুনৰ অগ্নিগর্ভা হৈ পৰিছে গোষ্ঠীসংঘৰ্ষত অস্থিৰ মণিপুৰ। জিৰিবামৰ পৰা অপহৰণ কৰা মৃত ৬ শিশু-মহিলাৰ ভিতৰত ৩গৰাকীক চিনাক্ত কৰা হৈছে। বর্তমান মৃতদেহকেইটা শিলচৰ মেডিকেল কলেজ হাস্পতালৰ মৰ্গত থকা বুলি কোৱা হৈছে। জানিব পৰা মতে, অশান্ত মণিপুৰৰ জিৰিবাম জিলাৰ পৰা ৫ দিন পূর্বে অপহৃত ৩গৰাকী মহিলা আৰু তিনিটা শিশু যাৰ ভিতৰত এটি ৮ মহীয়া দেৱশিশুও আছিল, তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হৈছে। এই সন্দৰ্ভত মণিপুৰ চৰকাৰৰ এগৰাকী শীর্ষ বিষয়াই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰে নিশা মৃতদেহকেইটা শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। শিলচৰ মেডিকেল কলেজ হাস্পতালৰ মৰ্গত এই মৃতদেহকেইটা ৰখা হৈছে। প্রথমে অপহৰণ আৰু তাৰ পাছত মৃত অৱস্থাত উদ্ধাৰ হোৱা এই ৬ মহিলা আৰু শিশু মেইটেই সম্প্ৰদায়ৰ। তেওঁলোকক যোৱা সোমবাৰে সন্দেহজনক কুকি বিদ্রোহীয়ে অপহৰণ কৰিছিল। শিলচৰ মেডিকেল কলেজ হাস্পতালৰ সূত্ৰৰ মতে, শুকুৰবাৰে প্ৰথমে তিনিগৰাকী মহিলাৰ মৃতদেহ তালৈ অনা হৈছিল। শনিবাৰে  ৰাতিপুৱা আৰু তিনিটা মৃতদেহ হাস্পতালখনৰ মৰ্গলৈ অনা হৈছে। মৃতদেহকেইটা ইতিমধ্যে ফুলিবলৈ আৰম্ভ কৰিছে। অৱশ্যে এতিয়ালৈকে মৃতদেহকেইটা চিনাক্ত কৰা হোৱা নাই। উল্লেখ্য যে মণিপুৰ চৰকাৰৰ কৰ্মচাৰী লেচাৰাম হিৰোজিতৰ দুই সন্তান, পত্নী, শাহু আৰু পত্নীৰ ভগ্নীক সন্দেহযুক্ত কুকি বিদ্রোহীয়ে যোৱা সোমবাৰে অপহৰণ কৰিছিল। মৃতদেহ উদ্ধাৰৰ পাছত তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে এতিয়ালৈকে মৃতদেহকেইটা মই প্রত্যক্ষ কৰিব পৰা নাই। শিলচৰ মেডিকেল কলেজ হাস্পতালৰ মৰ্গ জিৰিবাম জিলাৰ সীমান্তৰ পৰা প্রায় ৫০ কিলোমিটাৰ দূৰৈত। উল্লেখ্য যে প্রায় ৫ দিন পূর্বে জিৰিবাম জিলাত কুকি বিদ্রোহীৰ এটা দলে মেইটেই সম্প্ৰদায়ৰ মহিলা আৰু শিশুক বৰোবেৰা অঞ্চলত বন্দী কৰি ৰাখিছিল। তাৰ মাজতেই কুকি বিদ্রোহী আৰু চি আৰ পি এফ বাহিনীৰ মাজত এক সংঘৰ্ষৰ সূত্রপাত হয়। এই সংঘর্ষত ১০জন কুকি বিদ্রোহী নিহত হৈছিল। লেচাৰাম হিৰোজিতে জনোৱা মতে, সোমবাৰে তেওঁৰ এজন বন্ধুৱে সশস্ত্র একাংশ লোকে কেইগৰাকীমান মহিলা আৰু শিশুক নাৱেৰে লৈ যোৱা প্ৰত্যক্ষ কৰিছিল। সেইদিনা অঞ্চলটোত অগ্নিসংযোগ আৰু এনকাউন্টাৰ হোৱাৰ খবৰ তেওঁক পত্নীয়ে ফোনযোগে দিছিল। পত্নীৰ সৈতে ফোনত কথা পাতি থকাৰ সময়তে সংযোগ বিচ্ছিন্ন হৈছিল আৰু তাৰ পাছত তেওঁ বহুবাৰ চেষ্টা কৰিও ফোন পুনৰ সংযোগ কৰিব নোৱাৰিলে। অন্তিমবাৰ ফোনত কথা পতাৰ সময়ত হেনো পত্নীয়ে তেওঁক কান্দি কান্দি কৈছিল তেওঁলোকক হাতত অস্ত্র লৈ থকা বহু লোকে ঘেৰি ধৰিছে। সন্দেহযুক্ত কুকি উগ্রপন্থীয়ে অপহৰণ কৰি নিয়া এটা পৰিয়ালৰ ৬ শিশু-মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে ৰাজ্যখনৰ প্রান্তে প্রান্তে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। হিংসাত্মক কার্যকলাপত জ্বলি উঠা ৰাজ্যখনৰ তিনি জিলাত সান্ধ্য আইন বলবৎ কৰাৰ লগতে ৭খন জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে। কুকি উগ্রপন্থীয়ে অপহৰণ কৰি নিয়া মেইটেই সম্প্ৰদায়ৰ পৰিয়ালটোৰ তিনিগৰাকী মহিলা আৰু তিনিটা শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে ইম্ফল পশ্চিম জিলাৰ কেইবাটাও অঞ্চলত মহিলাসহ প্রতিবাদকাৰী ৰাজপথলৈ ওলাই আহিছে।