অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ উদ্যোগত মাজুলীত কেঁচুসাৰ আৰু গোটা আৱৰ্জনা শীৰ্ষক কৰ্মশালা
বিকাশ শইকীয়া , মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ তত্বাৱধানত দুদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা মাজুলীৰ মেৰাগড় নাৰায়ণ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেঁচুসাৰ আৰু গোটা আৱৰ্জনা শীৰ্ষক এক কৰ্মশালা অনুষ্ঠিত হৈছে। আজি প্ৰথম দিনা কৰ্মশালাখনি শুভ উদ্বোধন কৰে মেৰাগড় নাৰায়ণ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তিলক চন্দ্ৰ শৰ্মাই। বিদ্যালয়খনিৰ উপাধ্যক্ষ বগাধৰ দাস উপস্থিত থকা কৰ্মশালাখনিত সমল শিক্ষক হিচাপে জেংৰাইমুখ মহাবিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডঃ বিপ্লৱ কুমাৰ দাসে গোটা আৱৰ্জনাৰ প্ৰদূষণ সম্পৰ্কত দৃশ্যশ্ৰাব্য মাধ্যমৰ জৰিয়তে বিভিন্ন তথ্য দাঙি ধৰি ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ ভয়াবহতাৰ সম্পৰ্কত বুজাই দিয়ে। বিশেষকৈ প্লাষ্টিক প্ৰদূষণ আছিল বক্তৃতাৰ মূল বিষয়। ইয়াৰ পাছতে পেলনীয়া বিভিন্ন ধৰণৰ প্লাষ্টিকৰ জৰিয়তে কেনেকৈ সুন্দৰ সুন্দৰ সামগ্ৰী নিৰ্মাণ কৰি প্লাষ্টিক পুনৰ ব্যৱহাৰ কৰিব পাৰি তাৰ ওপৰত বিশিষ্ট চিত্ৰ শিল্পী অশ্বিনী কলিতাই হাতে কামে ছাত্ৰ ছাত্ৰীক সকলক লগাই বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি দেখুৱাই। দুপৰীয়া আহাৰ গ্রহণ কৰাৰ পাছত কেঁচুসাৰৰ ওপৰত কৰ্মশালাৰ কাৰ্য্যসূচীত অসম বিজ্ঞান সমিতিৰ মাজুলী শাখাৰ সম্পাদক জীৱন বৰাই কেঁচুসাৰৰ ওপৰত বক্তৃতা প্ৰদান কৰে। কেঁচুসাৰৰ মাষ্টৰ ট্ৰেইনাৰ পুলিন নাথে কেঁচুসাৰ কেনেকৈ তৈয়াৰ কৰিব পাৰি তাৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলক পুংখানুপুংখ ভাবে হাতে কামে প্ৰশিক্ষণ প্ৰদান কৰে। কৰ্মশালাত মাজুলী জিলাৰ ৰাষ্ট্রীয় শিশু বিজ্ঞান সমাৰোহৰ সমন্বয়ক লোহিত শইকীয়া আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ কমলাবাৰী খণ্ডৰ সমন্বয়ক বিকাশ বৰাও উপস্থিত থাকে। সমগ্র কাৰ্যসূচী আঁতধৰি আগুৱাই নিয়ে Environment Education program ৰ মাজুলী জিলাৰ নডেল এজেঞ্চি উজনি মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক জয়ন্ত মাধৱ কলিতাই।