অসম প্ৰদেশ কংগ্ৰেছৰ নাৰী দিৱস উদযাপন

অসম প্ৰদেশ কংগ্ৰেছৰ নাৰী দিৱস উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ সৈতে সংগতি ৰাখি সমগ্ৰ অসমতে অসম প্ৰদেশ কংগ্ৰেছে বিশ্ব নাৰী দিৱস উদযাপন কৰে৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই গহপুৰত ১০গৰাকী বিদুষী মহিলাক সম্বৰ্ধনা জনায়৷ গহপুৰত মণ্ডল কংগ্ৰেছৰ সভাপতিসকলক লৈ অনুষ্ঠিত সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই মহিলা সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু কংগ্ৰেছে সদায়েই মহিলাক সন্মান আৰু আগস্থান দিয়ে বুলি কয়৷ অসমৰ সকলো জিলাতে আজি বিশ্ব মহিলা দিৱস পালন কৰি জিলাভিত্তিত কৰ্ম উদ্যোগী মহিলাসকলক সম্বৰ্ধনা জনোৱা হয়৷ গুৱাহাটীৰ ৰাজীৱ ভৱনত মহানগৰ জিলা মহিলা কংগ্ৰেছৰ উদ্যোগত আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়৷ কেইবাগৰাকী কৃতী শিক্ষকৰ লগতে মহিলা উদ্যোগীক ৰাজীৱ ভৱনত সম্বৰ্ধনা জনোৱা হয়৷ মহিলা কংগ্ৰেছৰ জিলা সভানেত্ৰী অনামিকা স্বৰ্গীয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপুল গগৈ, সম্পাদক মইনাজান বেগম, উমেশ ডেকা, মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা প্ৰমুখ্যে কংগ্ৰেছ নেতা-কৰ্মীসকলে অংশ গ্ৰহণ কৰে৷ সভাত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপুল গগৈয়ে সাৰুৱা মন্তব্য আগবঢ়ায় আৰু মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই নাৰী কণ্ঠ চৰকাৰৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে অধিক শক্তিশালী হ’ব লাগে বুলি কয়৷