“অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা”ৰ পৰীক্ষাৰ্থীৰ সুবিধাৰ্থে ডিব্ৰুগড় জিলা প্ৰশাসনৰ মুকলি দুটাকৈ দুৰভাষ নম্বৰ আৰু নিয়ন্ত্ৰণ কক্ষ স্থাপন

“অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা”ৰ পৰীক্ষাৰ্থীৰ সুবিধাৰ্থে ডিব্ৰুগড় জিলা প্ৰশাসনৰ মুকলি দুটাকৈ দুৰভাষ নম্বৰ আৰু নিয়ন্ত্ৰণ কক্ষ স্থাপন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সমাগত “অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা” (ADRE 2.0) সুচাৰুৰূপে অনুষ্ঠিত কৰিবৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনে বিভিন্ন জৰুৰী দিশ সাঙুৰি যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। “অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা” (ADRE 2.0) ত অৱতীৰ্ণ হবলগীয়া পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে ডিব্ৰুগড় জিলা প্ৰশাসনে এটা নিৰন্ত্ৰণ কক্ষ স্থাপন কৰাৰ লগতে দুটাকৈ দুৰভাষ নম্বৰ মুকলি কৰিছে। প্ৰাৰ্থীসকলে পৰীক্ষা সম্পৰ্কীয় যিকোনো তথ্যৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা মুকলি কৰা 0373-231290 আৰু 9435358371 নম্বৰত যোগাযোগ কৰিব পাৰিব।