অসম পালেহি বাঁহীবাদক দীপক শর্মাৰ পাৰ্থিৱ শৰীৰ 

Pc- অসমীয়া ৱিকিপিডিয়া- Wikipedia

ৰঙিলী বাৰ্ত্তাসেৱা- অসমলৈ অনা হ’ল বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ পার্থিৱ শৰীৰ। মঙলবাৰে পুৱাই চেন্নাইৰ পৰা বিমানযোগে অসমলৈ অনা হ’ল দীপক শর্মাৰ পাৰ্থিৱ শৰীৰ। ইয়াৰ পাছতে তেওঁক লৈ যোৱা হ’ব গুৱাহাটীৰ অম্বিকাগিৰি নগৰস্থিত বাসগৃহলৈ। তাত ধৰ্মীয় নীতি- নিয়ম অনুসৰি শেষ শ্ৰদ্ধা নিবেদন কৰিব পৰিয়ালৰ লোকে। তাৰ পাছতে অম্বিকাগিৰি নগৰৰ সেউজ সংঘৰ বাকৰিত পুৱা ১০ বজাৰ পৰা ২ বজালৈ ৰখা হ’ব দীপক শৰ্মাৰ নশ্বৰ দেহ । তাতেই গুণমুগ্ধ তথা দল-সংগঠনে তেওঁক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তাৰ পাছতে বিয়লিৰ ভাগত দীপক শৰ্মাৰ নশ্বৰ দেহ শেষকৃত্যৰ বাবে নৱগ্ৰহ শ্মশানলৈ লৈ যোৱা হ’ব। তাত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব।সোমবাৰে পুৱা ৬ বাজি ১৫ মিনিটত চেন্নাইৰ এখন হাস্পতালত চিকিৎসাধীন অৱস্থাত ৫৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল দীপক শৰ্মাই।যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ চেন্নাইত চিকিৎসাধীন হৈ আছিল বাঁহীবাদক দীপক শৰ্মা। দীৰ্ঘদিনে অসুস্থ হৈ আছিল বাঁহীবাদক দীপক শৰ্মা।