অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সভাপতি ৰূপে মনোনীত হ’ল এগৰাকী নলবেইৰা সন্তান জিতেন শৰ্মা
ৰঙিলী বাৰ্ত্তাসেৱা- পৱিত্ৰ বিল্বেশ্বৰ দেৱালয়ৰ বাকৰিত অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সভাপতি ৰূপে ৬৩ তম বেলশৰ মধ্যকালীন অধিৱেশনৰ জড়িয়তে প্ৰতিনিধিবৰ্গৰ ব্যাপক সন্মতিক্ৰমে নাট্য সন্মিলনৰ সৰ্বোচ্চ স্তৰ সাধাৰণ পৰিষদৰ সভাত মনোনীত হ’ল এগৰাকী অক্লান্ত নাট্যকৰ্মী অসমৰ নাট্য আন্দোলনৰ অন্যতম পুৰোধা ব্যক্তি নলবেইৰা সন্তান জিতেন শৰ্মা।উচ্চপদস্থ চৰকাৰী বিষয়া ৰূপে অৱসৰী জিতেন শৰ্মা শৰীৰৰ আঁহে আঁহে যেন শিপাই আছে নাট্যানুৰাগ।১৯৭৫ চনৰে পৰা সুদীৰ্ঘ ৫০বছৰ নাট্য সংগঠক ৰূপে অসম নাট্য সন্মিলনৰ সৈতে জড়িত হৈ কেন্দ্ৰীয় সমিতিৰ আভ্যন্তৰীণ হিচাপে পৰীক্ষক, প্ৰচাৰ সম্পাদক, সহকাৰী সম্পাদক, উপ-সভাপতি, কাৰ্যকৰী সভাপতি, উপদেষ্টা ৰূপে বিবেচিত হৈ শদিয়াৰ পৰা ধুবুৰীলৈ সংগঠন কৰা মাটিৰ মানুহজনে লাভ কৰিছে ১৫টাতকৈ অধিক ৰাজ্যিক -ৰাষ্ট্ৰীয় স্বীকৃতি,আহৰণ কৰিছে আন্তঃৰাষ্ট্ৰীয় সমাদৰ।১৫৩ খন পেছাদাৰী-অপেছাদাৰী নাট ৰচনা,৬৩খন নাট পৰিচালনা, বোলছবি পৰিচালনা,চিত্ৰ নাট্যৰচনাৰ সুখ্যাতিৰে দেশৰ বহু আগশাৰীৰ অনুষ্ঠানৰে জড়িত ব্যক্তিগৰাকীৰ আছে সাহিত্যিক-নিৱন্ধকাৰ ৰূপেও সমাদৰ।১৮টা ভাষাত গল্প ৰচনা কৰাৰ লগতে তেওঁৰ কেবাখনো গ্ৰন্থ প্ৰকাশ হৈছে। জিতেন শৰ্মাৰ নেতৃত্বত অসমৰ অপেছাদাৰী নাট্যকৰ্মীৰ সংগঠিত কৰণ সম্ভৱ হোৱাৰ লগতে আগন্তুক কাৰ্যকালত ইতিবাচক সম্ভাৱনাৰ দুৱাৰ মুকলি হ’ব বুলি সচেতন মহলে আশা কৰিছে।