অসম নাগৰিক সমাজৰ ৰাজহুৱা সভা ও সংবাদ মেল

অসম নাগৰিক সমাজৰ ৰাজহুৱা সভা ও সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা- অসম নাগৰিক সমাজৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। উক্ত সভাত নাগৰিক সমাজৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই কয় যে ৰাইজে আগন্তুক লোকসভা নিৰ্বাচনত ভোট প্ৰদান কৰাৰ আগতে আকৌ এবাৰ ভাবি চাওক। কিয়নো ৰাজ্যত বানপানী আৰু গৰা খহনীয়াৰ সমস্যা, আশা কৰ্মী, অংগনবাড়ী কৰ্মী, টেট শিক্ষকৰ সমস্যা, নতুন পেঞ্চন নীতিক লৈ কৰ্মচাৰীৰ আন্দোলন, থলুৱা নিযুক্তিৰ প্ৰসংগ, অনুষ্ঠান-প্ৰতিষ্ঠানৰ স্বতন্ত্ৰতা নোহোৱা হোৱা, শিক্ষা, মূল্যবৃদ্ধি, কৰ্মসংস্থান ইত্যাদি এশ এবুৰি সমস্যাৰে ৰাজ্য বৰ্তমান লাখ কোটি টকাৰ ধৰুৱা। তেওঁ কয়- ভাৰতীয় ষ্টেট বেংকে সদৰি কৰা বন্ডৰ তালিকাত প্ৰকাশ পাইছে বিজেপি চৰকাৰৰ স্বেচ্ছাচাৰিতা। গতিকে তেওঁলোকে ৰাইজলৈ আহ্বান জনায় যাতে ভাবি চিন্তি চাই ৰাইজে বিবেক ভোট প্ৰদান কৰে। আজিৰ এই সভাত অজিত কুমাৰ ভূঞাৰ উপৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডঃ আব্দুল মান্নান,নাগৰিক সমাজৰ সম্পাদক পৰেশ মালাকৰ,সমাজকৰ্মী শঙ্কৰ শইকীয়া, সবিতা লহকৰ, গুৱাহাটীৰ চাৰ্চ মেনন বৰণ শিলকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি থাকে৷