অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীৰ বক্তৃতা অনুষ্ঠানত অয়ন জ্যোতি ভৰদ্বাজ
গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- : গুৱাহাটী আজাৰাস্থিত অসম ডন বস্ক’ বিশ্ববিদ্যালয় প্ৰযুক্তি বিদ্যাপীঠৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ২২ অক্টোবৰত এখন প্ৰাক্তন শিক্ষাৰ্থীৰ বক্তৃতা অনুষ্ঠান সম্পন্ন হয়। যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী তথা কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁয়ে আদৰণী ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে প্ৰাক্তন ছাত্র অয়ন জ্যোতি ভৰদ্বাজ । এই অনুষ্ঠানটোত যান্ত্রিক অভিযান্ত্রিক বিভাগৰ শিক্ষাৰ্থীৰ তথা শিক্ষককলে অংশগ্ৰহণ কৰে । ২০২০-২৪ বৰ্ষৰ ছাত্ৰ আয়ন জ্যোতি ভৰদ্বাজে ২০২৪ চনত ভেট্ৰোটেক ছেইণ্ট-গোবেইনত টেকনিকেল চেলছ এক্সিকিউটিভ হিচাপে যোগদান কৰে। তেওঁ ভাষণত অট্টালিকাৰ বাবে ভেট্ৰোটেকৰ দ্বাৰা প্ৰস্তুত কৰা পৰিৱেশ-সহনশীল অগ্নি-প্ৰতিৰোধক সুৰক্ষা আৰু উচ্চ সুৰক্ষিত কাঁচৰ বিষয়ে বৰ্ণনা কৰে। তেওঁ ভেট্ৰোটেকত কেৰিয়াৰৰ বিকল্পৰ বিষয়ে উল্লেখ কৰি সাক্ষাতকাৰৰ অভিজ্ঞতাসমূহো ভাগ-বতৰা কৰে। লগতে, গেট(GATE) পৰীক্ষাৰ বাবে কেনেদৰে প্ৰস্তুতি চলাব লাগে সেই বিষয়ে আলোচনা কৰে। তেওঁ শিক্ষাৰ্থীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে । এই তথ্যবহুল আৰু অনুপ্ৰেৰক বক্তৃতা অনুষ্ঠানটোত ড°বুলজিৎ বুঢ়াগোহাঁয়ে শলাগৰ শৰাই আগবঢ়ায়।