অসম ডন বস্ক বিশ্ববিদ্যালয়ত কেৰিয়াৰ কাউন্সেলিং আলোচনা চক্ৰ সম্পন্ন

অসম ডন বস্ক বিশ্ববিদ্যালয়ত কেৰিয়াৰ কাউন্সেলিং আলোচনা চক্ৰ সম্পন্ন

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা- অসম ডন বস্ক’বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগ আৰু কেৰিয়াৰ গাইডেন্স চেলৰ যৌথ উদ্যোগত কেৰিয়াৰ কাউন্সেলিঙৰ এখন আলোচনা চক্ৰ বিশ্ববিদ্যালয়ৰ আজাৰা প্ৰাংগনত ১১ ছেপ্টেম্বৰত হয় । আলোচনা চক্ৰখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম দক্ষতা বিশ্ববিদ্যালয় বিশ্ববিদ্যালয়ৰ  মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ সহকাৰী অধ্যাপক ড°শুভজিৎ দাস । সহকাৰী অধ্যাপক হৰজিৎ দাসে আঁত ধৰা আলোচনা চক্ৰখনত সমল ব্যক্তিক ফুলাম গামোচাৰে আদৰণি জনায় অসম ডন বস্ক’বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী তথা কেৰিয়াৰ গাইডেন্স চেলৰ চেয়াৰমেন    ড°বুলজিৎ  বুঢ়াগোহাঁয়ে । সমল ব্যক্তিৰ পৰিচয় দাঙি ধৰে অসম  ডন বস্ক’বিশ্ববিদ্যালয়ৰ প্ৰশিক্ষণ আৰু নিযুক্তি বিষয়া  অনুপম গোহাঁয়ে । আলোচনা চক্ৰখনত শিক্ষাৰ্থীসকলৰ লগতে অধ্যাপকসকলেও অংশগ্ৰহণ কৰে।

ড°শুভজিৎ দাসে মেকানিকেল ইঞ্জিনিয়াৰিঙৰ বিভিন্ন দিশ সামৰি বক্তৃতা প্ৰদান কৰে, য’ত ইয়াৰ তিনিটা মূল ক্ষেত্র ক্ৰমে ডিজাইন, থাৰ্মেল আৰু মেনুফেকচাৰিঙৰ বিষয়ে আলোচনা কৰে । তেওঁ উদ্যোগ ৪.০ৰ প্ৰেক্ষাপটত ইণ্টাৰনেট অৱ থিংছ , ডাটা বিজ্ঞান, চাইবাৰ-ফিজিকেল চিষ্টেম, ক্লাউড কম্পিউটিঙৰ দৰে আধুনিক প্ৰযুক্তিৰ তাৎপৰ্য্যৰ বিষয়েও আলোচনা কৰে। তেওঁ অভিযন্তাৰ ভূমিকা আৰু তেল আৰু গেছ, গৱেষণা আৰু উন্নয়ন, যোগকৰণ উৎপাদন, যোগান শৃংখল আৰু লজিষ্টিক, আৰু একাডেমীকে ধৰি বিভিন্ন খণ্ডত প্ৰয়োজনীয় দক্ষতাৰ বিষয়ে উল্লেখ  কয়। ড°দাসে   শিক্ষাৰ্থীসকলক সুন্দৰ  বায়’ডাটা  প্রস্তুত কৰা, মূল বিষয়সমূহৰ  প্ৰাথমিক জ্ঞান আহৰণ কৰা আৰু গ্রুপ ডিস্কাচন বাবে প্ৰস্তুতি চলোৱা আদি মূল ক্ষেত্ৰসমূহত গুৰুত্ব দি তেওঁলোকৰ কেৰিয়াৰৰ বাবে কেনেকৈ প্ৰস্তুতি চলাব পাৰি সেই বিষয়ে পৰামৰ্শ দিয়ে। ইয়াৰ উপৰিও ড°দাসে  শিক্ষাৰ্থীসকলক সাক্ষাৎকাৰৰ সময়ত ইতিবাচক আৰু আত্মবিশ্বাসী হ’বলৈ উৎসাহিত কৰে। তেওঁ অধিক অধ্যয়ন আৰু চাকৰিৰ সুযোগৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পৰীক্ষাৰ বিষয় – গেট, আইইএছ, আৰআৰবি, বিআৰঅ’, টিঅ’ইএফএল আৰু জিআৰই  আদিৰ বিষয়ে আলোচনা কৰে । আলোচনা চক্ৰখনত ড°বুলজিৎ বুঢ়াগোহাঁয়ে শলাগৰ শৰাই আগবঢ়ায়।